Logo
image

অসমত অপাৰেশ্বনৰ বাবে প্ৰেৰিত আলফাৰ দলৰ দুজনৰেই আত্মসমৰ্পণ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৬ নৱেম্বৰঃ অসমত অভিযান চলাবলৈ ম্যানমাৰৰ পৰা প্ৰেৰণ কৰা আলফা স্বাধীনৰ এটা দলৰ একাধিক সদস্যই ইতিমধ্যে আত্মসমৰ্পণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য মতে যোৱা নিশা ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰ সেনা চাউনীত আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ মাধৱ চেতিয়া ওৰফে সূৰয অসমে আত্ম সমৰ্পণ কৰে৷ তেওঁৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত জানিব পৰা গৈছে৷ আত্মসমৰ্পণৰ সময়ত আলফা সদস্যজনে এটা হেণ্ড গ্ৰেনেড চমজাই দিয়ে৷ আজি সেনাই তেওঁক নামৰূপ আৰক্ষীৰ হাতত অৰ্পণ কৰে৷ উল্লেখ্য, ২০২১ চনত তেওঁ আলফা স্বাধীনত যোগদান কৰিছিল৷ ম্যানমাৰৰ পৰা অভিযান চলাবলৈ অসমলৈ অহা ৯ জনীয়া এটা দলৰ তেওঁ সদস্য আছিল৷ কিন্তু ইতিমধ্যে পলাশ মৰাণ আৰু কুনাল মৰাণ ওৰফে লেটেছে আত্মসমৰ্পণ কৰাৰ পাছত মাধৱ চেতিয়াও মূল সুৃৃঁতিলৈ উভতি আহে৷ ইফালে কেইদিনমানৰ পূৰ্বে পোহৰলৈ অহা এক ঘটনা অনুসৰি দুজন সদস্যই শিৱিৰৰ পৰা পলায়ন কৰাৰ সময়ত সংগঠনটোৱে মৃত্যুদণ্ড বিহিছিল৷ মৃত্যুদণ্ডৰ বলি হোৱা এজন সদস্যৰ পৰিয়ালৰ ভাষ্য অনুসৰি খাদ্য সংকটকে ধৰি বিভিন্ন সমস্যাৰ বাবে কেডাৰসকলে শিৱিৰৰ পৰা পলায়ন কৰিছে৷