Logo
image

যোৰহাট, নগাঁও, বৰপেটাক লৈ অংক খেলিমেলি বিজেপিৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ নৱেম্বৰঃ প্ৰায় নঙলা মুখত ২০২৪ৰ লোকসভাৰ নিৰ্বাচন৷ যিমানেই লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে, যিমানেই ৰাজনৈতিক দলসমূহৰ মাজত ৰাজনৈতিক কাৰ্যকলাপ বৃদ্ধি পাইছে৷ শাসকীয় বিজেপি দল এই ক্ষেত্ৰত এখোজ আগত আছে৷ মিছন-১২ৰ লক্ষ্যলৈ দুই মিত্ৰ অগপ, ইউ পি এলক লগত লৈ হাতে কামে নামি পৰিছে বিজেপি৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা শৰ্মাৰ মতে আজিৰ তাৰিখত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’লে বিজেপিয়ে চাৰে এঘাৰখন আসন লাভ কৰিব৷ মুখ্যমন্ত্ৰী তথা বিজেপিৰ এই আগ্ৰাসী স্থিতিৰ পাছতো বিজেপিৰ এসময়ৰ গ্ৰীণ চিট নগাঁও লোকসভা সমষ্টি কিন্তু এইবাৰ বেকফুটত আছে৷ সূত্ৰ অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও লোকসভা সমষ্টি সংখ্যালঘু প্ৰধান হৈ পৰাৰ পাছতে নগাঁৱলৈ বিজেপিৰ অংকত আউল লাগিছে৷ নিশ্চিত পৰাজয়ৰ আশংকা কৰি বিজেপিৰ পৰা এতিয়া কোনোৱেই নগাঁওত প্ৰাৰ্থী হ’ব নিবিচাৰে৷ লক্ষণীয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে নগাঁৱৰ পৰা কোনো প্ৰাৰ্থী জয়ী হ’ব নোৱাৰে বুলি মন্তব্য কৰি দলীয় ৰোষত পৰিছিল প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী তথা নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই৷ পৰিস্থিতি এনে হৈছিলগৈ যে দিল্লীৰ হাইকামাণ্ডে তলব কৰি মাতি কেইবাদিনো গোহাঁইক সাক্ষাৎ নিদি বহুৱাই ৰাখিছিল৷ এতিয়া যেন গোহাঁইৰ সেই আক্ষেপই সত্য প্ৰমাণিত হ’বলৈ গৈ আছে৷ কিয়নো নগাঁৱত নিৰ্বাচন খেলি বিজেপিৰ কোনো নেতাই ৰাজনৈতিক কেৰিয়াৰ শেষ কৰিব খোজা নাই৷ দলে প্ৰাৰ্থিত্ব দিলেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী নহয় নেতা৷ ভিতৰুৱা খবৰ অনুসৰি বিজেপিৰ তৰফৰ পৰা ৰাজনে গোহাঁইকে পুনৰবাৰ নগাঁও লোকসভাৰ নিৰ্বাচন খেলাৰ বাবে সাজু হোৱাৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু গোহাঁইয়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে৷ একেদৰে বিজেপিৰ তৰফৰ পৰা প্ৰাক্তন বিধায়ক তথা ৰাজেন গোহাঁইৰ ঘনিষ্ঠ শিলাদিত্য দেৱক প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁৱো দলীয় প্ৰস্তাৱক গ্ৰহণ কৰা নাই৷ এনে প্ৰেক্ষাপটত বিজেপিৰ মিচন ১২ৰ তালিকাৰ পৰা এইবাৰ নগাঁও বাদ পৰাটোৱেই সত্য যেন হৈ পৰিছে৷ নগাঁৱলৈ বিজেপিৰ দুৰ্বলতাৰ উমান পাই বিজয় ধবজা উৰুৱাবলৈ সাজু হৈছে এআইইউডিএফ আৰু বিৰোধী ঐক্য মঞ্চ৷ এআইইউডিএফৰ পৰা ধিঙৰ বিধায়ক আমিনুল ইছলাম বা চিৰাজউদ্দিন আজমল নগাঁৱৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে, বিৰোধী ঐক্য মঞ্চৰ পৰা বৰ্তমানৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ বা ৰকিবুল হুছেইন নগাঁৱৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে৷ ইফালে বৰপেটা লোকসভা সমষ্টিৰ এইবাৰ বিজেপিয়ে এজিপিক এৰি দিবলৈ ওলোৱাক কেন্দ্ৰ কৰিও দলটোৰ অভ্যন্তৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৰপেটাৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ মনোজ বৰুৱা, হূষিকেশ গোস্বামী, গুণজিৎ পাটোৱাৰী, অশোক শৰ্মা আদিৰ সমৰ্থকৰ মাজত বিজেপিৰ ৰাজ্যিকৰ ঘোষণাই ক্ষোভৰ সৃষ্টি কৰিছে৷ বিজেপিৰ দলীয় কাম-কাজ সমষ্টিত এক প্ৰকাৰে বৰপেটা সমষ্টিত স্থবিৰ হৈ পৰিছে৷ বৰপেটা সঁচাকৈ এজেপিক এৰি দিব নেকি এই কথা শীঘ্ৰে মুখ্যমন্ত্ৰী তথা ৰাজ্যিক নেতৃত্বক স্পষ্ট কৰিবলৈ বৰপেটাৰ তৃণমূলৰ নেতা-কৰ্মীয়ে দাবী জনাইছে৷ একেদৰে যোৰহাট লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰে পৰা অখিল গগৈয়ে নিৰ্বাচন খেলিম বুলি ঘোষণা কৰি হঠাৎ নেখেলাৰ কথা ৰাজহুৱা কৰিছে৷ গৌৰৱ গগৈৰ বাবে যোৰহাটত অখিল গগৈয়ে বাট মুকলি কৰি দিয়া বুলি চৰ্চা হৈছে৷ যোৰহাটত গৌৰৱ গগৈ বিজেপিৰ প্ৰাৰ্থী হ’বলৈ ওলোৱাৰ পাছতে যোৰহাটকলৈও বিজেপিৰ অংকত আউল লাগিছে৷