Logo
image

কাইলৈ মিজোৰাম আৰু ছত্তীশগড়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

ডিজিটেল ডেস্কঃ ৭ নৱেম্বৰত ছত্তীশগড় আৰু মিজোৰামত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ২০খন বিধানসভা সমষ্টিত মুঠ ২২৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে, ইয়াৰে ১৯৮ গৰাকী পুৰুষ আৰু ২৫ গৰাকী মহিলা।ছত্তীশগড় নিৰ্বাচন আয়োগৰ পৰা পোৱা তথ্য অনুসৰি ৰাজ্যখনৰ ৪০ লাখ, ৭৮ হাজাৰ, আৰু ৬৮১ জন ভোটাৰৰ বাবে স্থাপন কৰা হৈছে ৫,৩০৪ টা ভোটকেন্দ্ৰ। ইয়াৰ ভিতৰত আছে ১৯ লাখ ৯৩ হাজাৰ ৯৩৭ জন পুৰুষ ভোটাৰ, ২০ লাখ ৮৪ হাজাৰ ৬৭৫ গৰাকী মহিলা ভোটাৰ, আৰু ৬৯ জন তৃতীয় লিংগ ভোটাৰ।

 ছত্তীশগড়ত  প্ৰথম পৰ্যায়ৰ ২০টা বিধানসভা সমষ্টিৰ ভিতৰত দহটা বিধানসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আৰু দহটা বিধানসভা সমষ্টিত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ। ইয়াৰ ভিতৰত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব পাণ্ডাৰীয়া, কাৱৰ্ধ, খৈৰাগড়, ডংগৰগড়, ৰাজনান্দগাঁও, ডংগাৰগাঁও, খুজ্জী, বাষ্টাৰ, জগদলপুৰ, আৰু চিত্ৰকোটে বিধানসভা সমষ্টিত। আনহাতে মোহলা-মানপুৰ, আন্তগড়, ভানুপ্ৰত্প্পুৰ, কাংকেৰ, কেশকল, কোণ্ডাগাঁও, নাৰায়ণপুৰ, দান্তেৱাড়া, বিজাপুৰ, আৰু কন্টা বিধানসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইফালে কাইলৈ মিজোৰামতো ৪০খন বিধানসভাৰ আটাইকেইখন আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। মিজোৰামত ৪০ খন আসনৰ বাবে ১৭৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুঠ ৮ লাখ, ৫৭ হাজাৰ ভোটাৰৰ বাবে ১২৭৪টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। মিজোৰামত এম এন এফ, জেড পি এম, কংগ্ৰেছৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এইবাৰ বিজেপিয়েও সম্পূৰ্ণ শক্তিৰে নিৰ্বাচনী পথাৰত প্ৰৱেশ কৰিছে। একে সময়তে প্ৰথমবাৰৰ বাবে আম আদমী পাৰ্টিয়ে চাৰিখন আসনৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে

নিৰাপত্তা আৰু শান্তিৰ বাবে ১২৭৪টা ভোটকেন্দ্ৰত ৫ হাজাৰ ভোটগ্ৰহণকাৰী নিয়োগ কৰা হৈছে।  নিৰ্বাচনৰ বাবে মিজোৰাম-ম্যানমাৰ আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ছীল কৰা হৈছে।উল্লেখযোগ্য যে, মিজোৰামৰ দুৰ্গম পাহাৰত ভোটাৰৰ বৃহৎ জনসংখ্যাৰ বাবে ৰাজ্যখনৰ ৭ হাজাৰৰো অধিক লোকৰ বাবে ঘৰুৱা ভোটদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে ডাকযোগে বেলট পেপাৰ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে।