Logo
image

কংগ্ৰেছ-ইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিঃ বিধায়ক ৰূপক শৰ্মাই ক'লে, "কংগ্ৰেছৰ দিনত সন্ধিয়া জীয়াৰী-বোৱাৰী ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল"

ডিজিটেল সংবাদ, নগাঁওঃ কংগ্ৰেছ আৰু এআইইউডিএফক ক্ষুৰধাৰ সমালোচনা নগাঁৱৰ বিজেপি বিধায়ক ৰূপক শৰ্মাৰ। সোমবাৰে নগাঁৱত সাংবাদিকৰ আগত বিধায়ক ৰূপক শৰ্মাই কয় যে কংগ্ৰেছ আৰু এআইইউডিএফ ভাই-ভাই। এটা পৰিয়াল। তেওঁলোক এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলেই দুয়োটা দলৰ বিৰুদ্ধে কথা কয়, কিন্তু নিৰ্বাচন আহিলে একলগ হৈ পৰে।

বিধায়ক শৰ্মাই কংগ্ৰেছৰ কাৰ্যকালত সন্ধিয়া জীয়াৰী আৰু বোৱাৰী ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি মন্তব্য কৰি কয় যে নগাঁৱত বৰ্তমান সেই পৰিবেশ নাই। পুনৰ যাতে পূৰ্বৰ দিন ঘূৰি নাহে তাৰ বাবে নগাঁৱৰ ৰাইজ সচেতন হ'ব লাগিব। এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীক কিনি থব পাৰোঁ বুলি কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শৰ্মাই কয়, "আমাৰ যুৱ প্ৰজন্মৰ কৰ্মস্পৃহা নথকা বাবে আৰু সচেতন নোহোৱা বাবে আজমলৰ দৰে ব্যক্তিয়ে এই ধৰণৰ মন্তব্য কৰিবলৈ সাহস পাইছে। আমাৰ যুৱপ্ৰজন্মই নিজৰ পথাৰ আৰু হাল চিনি নাপায়। আমি কওঁ- পথাৰো আমাৰ আৰু বজাৰো আমাৰ। কিন্তু এইবোৰ লাহে লাহে আমাৰ পৰা নোহোৱা হৈ গৈছে। আমাৰ দৈনন্দিন কামত তেওঁলোকে দখল দিব পাৰিছে।" বিধায়ক শৰ্মাই লগতে কয় যে আমাৰ যুৱ প্ৰজন্ম আগুৱাই আহিলে কেতিয়াও আজমলৰ দৰে ব্যক্তিয়ে এই ধৰণে উপলুঙা কৰিবলৈ সাহস নাপাব।