Logo
image

ইডিৰ চমনৰ মাজতে আপৰ জৰুৰী বৈঠকঃ গ্ৰেপ্তাৰ হ'লেও দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থাকিব কেজৰিৱাল

ডিজিটেল ডেস্কঃ আবকাৰী নীতি দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ আশংকা কৰা হৈছে৷ কেজৰিৱাললৈ প্ৰৱৰ্তন সঞ্চলকালয়ে চমন জাৰি কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে সোমবাৰে আপৰ বিধায়কসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত মুখ্যমন্ত্ৰী কেজৰিৱালে৷ দিল্লী আবকাৰী নীতি দুৰ্নীতি গোচৰত কেজৰিৱালক ২ নৱেম্বৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল যদিও ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ পৰিৱৰ্তে মধ্যপ্ৰদেশৰ নিৰ্বাচনী সভাতহে ভাগ লয় কেজৰিৱালে৷

এখন পত্ৰৰ জৰিয়তে ইডিক চমন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় কেজৰিৱালে কয় যে এয়া ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত। ইফালে গ্ৰেপ্তাৰৰ আশংকাৰ মাজতে সোমবাৰে আয়োজন কৰা বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয় আপৰ বিধায়কসকল৷ বৈঠকৰ অন্তত আম আদমী পাৰ্টীয়ে কয় যে কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰিলেও আপৰ সকলো বিধায়কে কেজৰিৱালেই মুখ্যমন্ত্ৰী হৈ থকাতো বিচাৰে৷

বৈঠকৰ অন্তত দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লেনাই কয় যে গ্ৰেপ্তাৰ হ'লেও দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থাকিব অৰবিন্দ কেজৰিৱাল৷ আমি জনতাৰ মাজলৈ গৈছোঁ আৰু জনতাই অৰবিন্দ কেজৰিৱালক ওপৰত অত্যাচাৰ চলোৱা বুলি কৈছে৷ যাৰ বাবে সকলো বিধায়কে কেজৰিৱালেই মুখ্যমন্ত্ৰী হৈ থকাতো বিচাৰিছে৷ কিয়নো তেওঁক দিল্লীবাসীয়ে নিৰ্বাচন কৰিছে৷

লগতে মন্ত্ৰী আতিশী মাৰ্লেনাই কয় যে যদি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জে'ললৈ যায়, তেন্তে আমি ন্যায়ালয়ৰ পৰা অনুমতি লৈ জে'লতে কেবিনেট বৈঠক কৰিম৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী কেজৰিৱালে এই প্ৰস্তাৱ কাউঞ্চিলৰসকলৰ সৈতে আলোচনা কৰিব আৰু পঞ্জাৱৰ বিধায়কসকলৰ পৰাও মতামত বিচাৰিব।