Logo
image

অখিল গগৈৰ বিস্ফোৰণঃ মদ আৰু বাহনত জৰিমনাৰে ৰাজহ সংগ্ৰহ কৰিছে হিমন্তবিশ্ব চৰকাৰে

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সোমবাৰে এখন সংবাদ মেল সম্বোধন কৰি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। শিৱসাগৰ আৱৰ্ত ভৱনত আয়োজিত সংবাদমেল সম্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে ধাৰ লৈ বিজেপিয়ে ঘি-মৌ খোৱাই আছে। হেলিকপ্টাৰত বিয়া খাবলৈ যোৱা মুখ্যমন্ত্ৰীয়ে আৰু কি কৰিব। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে পৰিবহন বিভাগৰ গাড়ী কেইখনৰ জৰিয়তে দিনে ৮০ লাখ মান টকা সংগ্ৰহ কৰে। এইকেইখন মুখ্যমন্ত্ৰীৰ ডনেচন পাৰ্টী। মই এমাহত দহ হেজাৰ টকা কাজিৰঙাত ফাইন দিছোঁ। কেৱল মদ আৰু গাড়ীৰ ফাইনৰ বাহিৰে বেলেগ কোনো ৰাজহ নাই হিমন্ত চৰকাৰৰ। গতিকে অসমত এখন নতুন শৰাইঘাটৰ ৰণ লাগে। য'ত শত্ৰু হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল।

সংবাদমেল যোগে অখিল গগৈয়ে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিভিন্ন উন্নয়ন ভিত্তিক খতিয়ান দাঙি ধৰে। তেওঁ কয় যে বহু আকাংশিত ৰংঘৰৰ প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্ৰীয়ে নৱেম্বৰ-ডিচেম্বৰ মাহত সম্পন্ন কৰাৰ সম্ভাৱনা আছে। ৰংঘৰৰ দৰে তলাতল ঘৰৰ বাবেও অনুৰূপ প্ৰকল্প ঘোষণাৰ বাবেও অখিল গগৈয়ে মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ কথা উল্লেখ কৰে। তেওঁ লগতে জানিবলৈ দিয়ে যে ঐতিহাসিক বৰপুখুৰী চাৰিওটা পাৰ সৌন্দৰ্য বৰ্ধন কৰি নতুনকৈ প্ৰায় ৩.৫ কিঃ মিঃ পথ নিৰ্মাণৰ বাবে ১০ কোটি টকাৰ ধাৰ্য কৰা হৈছে আৰু শীঘ্ৰে নিৰ্মাণৰ কাম আৰম্ভ হ'ব। যমুনা জলাশয় পৰিস্কাৰ কৰাৰ বাবে ১০ কোটি টকা ধাৰ্য কৰা হৈছে যদিও কিছু বেদখলৰ সমস্যা আছে বুলি অখিল গগৈয়ে সংবাদমেলত কয়।

ইয়াৰ উপৰি দিখৌ নদীৰ ১৮ কিঃ মিঃ মথাউৰি নিৰ্মাণ নৱেম্বৰ মাহত আৰম্ভ হ'ব বুলি জানিবলৈ দিয়াৰ লগতে অফলা জাহাজ ঘাটৰ খহনীয়াৰ বাবে ৬ কোটি টকা ধাৰ্য কৰা হৈছে বুলি কয়। বিধায়ক অখিল গগৈয়ে দিখৌ নদীৰ ওপৰত নতুনকৈ এখন দলঙৰ প্ৰস্তাৱ দিয়ে মুখ্যমন্ত্ৰীক। লগতে বৃটিছৰ যুগতে নিৰ্মিত কপিকলযুক্ত পুৰণি দিখৌ দলংখন সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীক প্ৰস্তাৱ দিয়াৰ কথা ব্যক্ত কৰে বিধায়ক গগৈয়ে৷

শিৱসাগৰ সমষ্টিৰ খতিয়ান ডাঙি ধৰি বিধায়কে অখিল গগৈয়ে কয় যে ৰামখাঁপীঠৰ পৰা আজানপীৰ দৰগাহৰ সংযোগী দিখৌ দলং নিৰ্মাণ হ'লে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰখনত এক সু-ফল দেখা যাব। এই সন্ধৰ্ভত অখিল গগৈয়ে লোক নিৰ্মাণ বিভাগক জৰীপৰ বাবে আৱেদন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়টো আলোচনা কৰাৰ কথা কয় ৷ সংবাদমেলতে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰে যে ‘ৰাইজৰ দল ৰাইজৰ মাজলৈ ‘এক যাত্ৰা তেওলোকে আৰম্ভ কৰিব। শদিয়াৰ পৰা ১৫ নৱেম্বৰত আৰম্ভ হ'ব লগা এই যাত্ৰাই অসমৰ সকলো গাঁও-নগৰক সামৰি ল'ব।