Logo
image

’২৪ৰ ছেমিফাইনেল আৰম্ভ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ নৱেম্বৰঃ উত্তৰ-পূবক দেশৰ অষ্টলক্ষ্মী বুলি আখ্যা দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখনো নিৰ্বাচনী সভা অবিহনে মিজোৰামত মঙলবাৰে বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব৷ একেদিনাই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব ছত্তীশগড়ৰ নক্সাল অধ্যুষিত ২০টা সমষ্টিত৷ মিজোৰাম আৰু ছত্তীশগড়ৰ ভোটগ্ৰহণেৰে দেশৰ ৫খন ৰাজ্যৰ বিধানসভাৰ ভোটৰ সূচনা ঘটিব আৰু দেশৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ বাবে এই ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনেই হ’ব ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ ছেমিফাইনেল৷ এই ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পাছত আৰু অহা সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দেশত আৰু আন কোনো নিৰ্বাচনৰ সূচী নথকাৰ বাবেই আজিৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনক    শাসনাধিষ্ঠিত আৰু বিৰোধী উভয়পক্ষৰ বাবে ছেমিফাইনেল হিচাপে গণ্য কৰা হৈছে৷ কিয়নো অহা এপ্ৰিল-মে’ত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত শাসক-বিৰোধী কেইবাটাও ৰাজনৈতিক দলে নিজৰ শক্তি পৰীক্ষা কৰি ল’ব পাৰিব৷ অগা-পিছাকৈ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ ৰাজ্য হ’ল ক্ৰমে– মিজোৰাম, ছত্তীশগড়, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু তেলেংগানা৷ ইয়াৰে মিজোৰাম আৰু তেলেংগানাত বিজেপি শক্তিহীন যদিও কংগ্ৰেছৰ সৰৱ উপস্থিতি আছে৷ অৱশ্যে এই দুই ৰাজ্যত শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে আঞ্চলিক দল৷ যিদৰে মিজোৰামত এমএনএফ শক্তিশালী, সেইদৰে তেলেংগানাত ভাৰত ৰাষ্ট্ৰ সমিতি প্ৰধান শক্তিশালী দল৷ অৱশ্যে ২০১৮ চনৰ পূৰ্বে মিজোৰামত দীৰ্ঘদিন শাসনত আছিল কংগ্ৰেছ৷ আনহাতে তেলেংগানা নতুন ৰাজ্য হোৱাৰ পৰা পূৰ্বৰ টি আৰ এছ আৰু এতিয়াৰ বি আৰ এছৰ হাতৰ পৰা কোনেও ক্ষমতা কাঢ়ি নিব পৰা নাই যদিও অখণ্ড অন্ধ্ৰপ্ৰদেশত থকা কংগ্ৰেছৰ প্ৰভাৱ তেলেংগানাতো বহু পৰিমাণে আছে৷ পিছে চকুত পৰাকৈ এই দুখন ৰাজ্যত এতিয়াও বিজেপি গ্ৰহণযোগ্য নহয়৷ এই দুই ৰাজ্যক বাদ দি নিৰ্বাচনমুখী ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মঙলবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ’বলগীয়া ছত্তীশগড়ত দেশৰ প্ৰধান ৰাজনৈতিক দলৰ উপৰি উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতত প্ৰভাৱ আৰু শক্তি থকা ৰাজনৈতিক দলে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে নিজকে পৰীক্ষা কৰাৰ সুযোগ পাব৷

দেশৰ বৃহত্তম আৰু কেন্দ্ৰত শাসনাধিষ্ঠিত দল বিজেপিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামত এদিনো নিৰ্বাচনী প্ৰচাৰ নচলোৱাটো বেছ অস্বস্তিকৰ বিষয় হৈ পৰিছে৷ কিয়নো বিজেপিয়ে উত্তৰ-পূবক অভাৱনীয় গুৰুত্ব প্ৰদান কৰে বুলি প্ৰধানমন্ত্ৰীয়ে সদায় দাবী কৰি থাকে৷ মোদী মিজোৰামলৈ আহিব নোৱাৰাৰ মূল কাৰণ হৈছে মণিপুৰৰ সংঘৰ্ষ৷ কিয়নো মণিপুৰৰ কেইবামাহ জোৰা সংঘৰ্ষৰ সময়ত নৰেন্দ্ৰ মোদী মণিপুৰলৈ নাহিল৷ এতিয়া যদি তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মিজোৰামলৈ আহে, তেন্তে সেয়া ৰাষ্ট্ৰীয় ইছ্যু হৈ পৰিব আৰু সেই ইছ্য়ুৱে বিজেপিক সামগ্ৰিকভাৱে আন ৰাজ্যৰ নিৰ্বাচনতো ক্ষতিগ্ৰস্ত কৰিব৷ তদুপৰি কেন্দ্ৰত এন ডি এৰ সৈতে জোঁটত থকা এমএনএফ দলৰ মুৰব্বী তথা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই মোদীৰ সৈতে নিৰ্বাচনী সভাত একেখন মঞ্চত নবহে বুলি কৰা ঘোষণায়ো মোদীক মিজোৰাম ভ্ৰমণৰ পৰা ক্ষান্ত কৰালে৷ আনহাতে মিজোৰামত ২০১৮ত এখন আসন পোৱা বিজেপিৰ আসন এইবাৰো মোদীৰ আগমনে বঢ়াব নোৱাৰে৷ সেয়ে মিজোৰামত সময় অপব্যয় নকৰি মোদীয়ে সেই সময় ব্যৱহাৰ কৰিছে ছত্তীশগড়, ৰাজস্থান, মধ্যপ্ৰদেশত৷

মঙলবাৰে মিজোৰামৰ ৪০টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ এটা পৰ্যায়তে সামৰণি পৰিব৷ ৪০খন আসনৰ বাবে বিভিন্ন দলৰ মুঠ ১৭৪ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেওঁলোকৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব ৰাজ্যৰ ৮,৫২,০৮৮ ভোটাৰে৷ ইয়াৰে ৪,১৩,০৬৪ জন পুৰুষ আৰু ৪,৩৯,০২৮ গৰাকী মহিলা৷ মিজোৰামত ৫০,৬১১ জন ১৮-১৯ বছৰীয়া ভোটাৰে  প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ আনহাতে ৮,৪৯০ জন ভোটাৰ ৮০ বছৰৰ উধবৰ্ৰ৷ বিগত নিৰ্বাচনত মিজো নেচনেল ফ্ৰণ্টে ২৬খন আসন লাভ কৰি কংগ্ৰেছৰ পৰা ক্ষমতা কাঢ়ি নিছিল৷ কংগ্ৰেছ সন্তুষ্ট আছিল ৬খন আসনত আৰু নতুনকৈ ভূমুকি মৰা জোৰাম পিপ’লছ মুভমেণ্টে ৫খন আসন লাভ কৰিছিল৷

ইপিনে মুঠ ৯০ খন আসন থকা ছত্তীশগড়ত মঙলবাৰে কেৱল ২০ খন আসনতহে ভোটগ্ৰহণ হ’ব৷ এই আটাইকেইটা সমষ্টিয়েই মাওবাদী উপদ্ৰুত অঞ্চল৷ ইয়াৰে ১২টা সমষ্টি মাওবাদীৰ পূৰ্ণ প্ৰভাৱ থকা বাস্তাৰ জিলাৰ আৰু ৮টা সমষ্টি সমীপৱৰ্তী দুৰ্গ জিলাৰ৷ এই ২০টা সমষ্টিত মঙলবাৰে ১২৩ জন প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব ৪০,৭৯,০০০ ভোটাৰে৷