Logo
image

আগন্তুক অষ্ট্ৰেলিয়া ছিৰিজতেই অভিষেক ৰিয়ান পৰাগৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ নৱেম্বৰঃ অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে বোকাখাতৰ উমা ছেত্ৰীয়ে টীম ইণ্ডিয়াত অভিষেক ঘটোৱাৰ পাছত এইবাৰ জাতীয় দলটোত প্ৰথম অসমীয়া পুৰুষ খেলুৱৈ হিচাপে ৰিয়ান পৰাগে অভিষেক ঘটোৱা প্ৰায় নিশ্চিত হৈছে৷ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণিৰ চাৰিদিন পাছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ঘৰুৱা টি-২০ শৃংখলাত ৰিয়ান পৰাগে টীম ইণ্ডিয়াত স্থান লাভ কৰাটো একপ্ৰকাৰ খাটাং বুলি দেশৰ ক্ৰিকেট ব’ৰ্ডৰ সূত্ৰত প্ৰকাশ৷ শেহতীয়াকৈ অনুষ্ঠিত হোৱা ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট শৃংখলাত প্ৰদৰ্শন কৰা চমকপ্ৰদ খেলৰ জৰিয়তে ৰিয়ান পৰাগে জাতীয় দলত প্ৰৱেশ কৰাটো একপ্ৰকাৰ নিশ্চিত কৰিছে৷ কোনো অঘটন নঘটিলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে খেলিবলগীয়া টি-২০ শৃংখলাত প্ৰথমবাৰৰ বাবে অসমৰ এজন পুৰুষ ক্ৰিকেটাৰক দেখা যাব৷ সদ্যসমাপ্ত মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত ৰিয়ান পৰাগে জ্জটা অৰ্ধশতৰাণ কৰি ছেমিফাইনেল পৰ্যন্ত সৰ্বোচ্ছ ৰাণৰ অধিকাৰী হয়৷ মূলতঃ মুস্তাক আলী ক্ৰিকেটত কৰা প্ৰদৰ্শনেই অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ ভাগ্য মুকলি কৰিছে৷ 

বিশ্বকাপৰ ঠিক পাছতে অৰ্থাৎ ২৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট শৃংখলাত টীম ইণ্ডিয়াৰ শীৰ্ষস্থানীয় বেটছমেনে নেখেলে৷ দীৰ্ঘ ৪৬ দিন ধৰি অনুষ্ঠিত বিশ্বকাপত ভাগ লোৱাৰ পাছত ভাগৰুৱা হৈ থাকিব বুলি ধাৰণা কৰা টীম ইণ্ডিয়াৰ শীৰ্ষস্থানীয় বেটছমেনক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাটোত বিশ্ৰাম দিয়া হ’ব৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সূত্ৰ অনুসৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত টীম ইণ্ডিয়াৰ শীৰ্ষস্থানীয় ক্ৰিকেটাৰ বিৰাট কোহলি, ৰোহিত শৰ্মা, কে এল ৰাহুল, শুভমন গিল, মহম্মদ ছিৰাজ, কুলদীপ যাদৱ, মহম্মদ ছামি আৰু ৰবীন্দ্ৰ জাদেজাই নেখেলে৷ এনে পৰিস্থিতিত ক্ৰিকেট ব’ৰ্ডে শীৰ্ষস্থানীয় ক্ৰিকেটাৰক বাদ দি তুলনামূলকভাৱে কম অভিজ্ঞ আৰু এতিয়াও জাতীয় দলত স্থান নোপোৱা কেইজনমান ক্ৰিকেটাৰক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ বাবে নিৰ্বাচিত কৰিব৷ সেই দলত ৰিয়ান পৰাগৰ স্থান নিশ্চিত বুলি ব’ৰ্ডৰ সূত্ৰই প্ৰকাশ কৰিছে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিৰ্বাচিত কৰিবলগীয়া তৰুণ আৰু নতুন মুখৰ দলটোত অৱশ্যেই যশস্বী জয়ছোৱাল, ঋতুৰাজ গাইকোৱাড়, বিস্ফোৰক বেটছমেনদ্বয় তিলক বাৰ্মা তথা সূৰ্য কুমাৰ যাদৱ ব’ৰ্ডৰ নিৰ্বাচকৰ প্ৰথম পছন্দ হ’ব৷ দলটোত থাকিব সঞ্জু ছেমছন, ৰিংকু সিং, উইকেট কীপাৰ-বেটাৰ জীতেশ শৰ্মা আৰু অসমৰ ৰিয়ান পৰাগ৷ হাৰ্দিক পাণ্ডিয়াই এই শৃংখলাত খেলাৰ সম্ভাৱনা নাই৷ সেয়ে অলৰাউণ্ডাৰ হিচাপে শিৱন ডুবে আৰু ৱাশ্বিংটন সুন্দৰক দলত স্থান দিয়াৰ সম্ভাৱনা আছে৷ ইপিনে অষ্টে˜লিয়াৰ বিৰুদ্ধে শৃংখলাটোত খুব সম্ভৱতঃ টীম ইণ্ডিয়াক নেতৃত্ব দিব পেচ বলাৰ যশপ্ৰীত বুমৰাই৷ তেওঁৰ যোগ্য সংগী হিচাপে অৰ্শদ্বীপ সিং, প্ৰসিদ্ধ কৃষ্ণই জাতীয় দলত অভিষেক ঘটোৱাৰ সম্ভাৱনা আছে৷ দলটোৰ স্পিন আক্ৰমণ চম্ভালিব যজুবেন্দ্ৰ চাহল আৰু ৰবি বিষ্ণয়ে৷ 

জাতীয় দলত প্ৰৱেশৰ বাবে উদ্যত ৰিয়ান পৰাগে মুস্তাক আহমেদ ট্ৰফীত ছেমিফাইনেল পৰ্যন্ত ১০খন মেচ খেলি ৫১০ ৰাণ স্ক’ৰ কৰি  সৰ্বোচ্ছ ৰাণ সংগ্ৰহকাৰীৰ কৃতিত্ব অৰ্জন  কৰিছিল৷ লীগৰৱ ৭ খন মেচত ৬টা অৰ্ধ শতৰাণ কৰা ৰিয়ান পৰাগে প্ৰি-কোৱাৰ্টাৰ ফাইনেলতো আন এটা অৰ্ধ শতৰাণ কৰিছিল৷ ৰিয়ানৰ সৰ্বোচ্ছ স্ক’ৰ আছিল অপৰাজিত ৭৬ ৰাণ৷ সমগ্ৰ প্ৰতিযোগিতাখনত ৰিয়ানে আক্ৰমণাত্মক বেটিং প্ৰদৰ্শন কৰিছিল৷ তেওঁৰ ১৮২.৭৯ ষ্ট্ৰাইক ৰেটে তেওঁৰ আগ্ৰাসী বেটিঙকে প্ৰতিফলিত কৰে৷ পিছে তাৎপৰ্যপূৰ্ণভাৱে দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুখন খেলত ৰিয়ান পৰাগে চূড়ান্ত ব্যৰ্থতা প্ৰদৰ্শন কৰি তেওঁৰ ‘বিগ মেচ টেম্পেৰামেণ্ট’ নথকাটো পুনৰবাৰ উদঙাই দিয়ে৷  কোৱাৰ্টাৰ ফাইনেলত কেৰালাৰ বিৰুদ্ধে ৰিয়ানে ১২ ৰাণ আৰু ছেমিফাইনেলত বৰোদাৰ বিৰুদ্ধে  মুঠেই ৮ ৰাণ কৰে৷ ৰিয়ান ব্যৰ্থ হ’লেও অসম দলে ছেমিফাইনেলত প্ৰৱেশ কৰিছিল৷ কিন্তু ছেমিফাইনেলত ৰিয়ান বেটে-বলে ব্যৰ্থ হয় আৰু অসম দলেও প্ৰতিযোগিতাৰ পৰা বিদায় লয়৷  ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই জাতীয় দলত স্থান লাভ কৰিলে ৰিয়ান পৰাগে প্ৰথম সুযোগতে চমৎকাৰ প্ৰদৰ্শনেৰে নিজৰ প্ৰয়োজনীয়তা উপলব্ধি কৰাব লাগিব৷ অন্যথা সমগ্ৰ দেশৰ অসংখ্য ক্ৰিকেটাৰে জাতীয় দলত প্ৰৱেশ কৰিবলৈ উদ্যত হৈ আছে৷