Logo
image

অৰুণাচলৰ চাংঘৰত সংৰক্ষিত ভূপেন হাজৰিকাৰ ৰেডিঅ’, বিছনা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তিনিচুকীয়া, ৭ নৱেম্বৰঃ তিনিচুকীয়াৰ সূৰ্যোদয় নামৰ বেচৰকাৰী সংস্থটোৰ উদ্যোগত এইবাৰ ব্যতিক্ৰমী কাৰ্যসূচীৰে সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী চুবুৰীয়া অৰুণাচলৰ বলুং নামৰ স্থানত সংগীতসূৰ্যৰ স্মৃতিবিজড়িত বাসগৃহত পালন কৰা হয়৷ উল্লেখ্য, অৰণাচলৰ ল’ৱাৰ ডিবাং ভেলী জিলাৰ বলুঙে আজিও বহন কৰি আছে সমন্বয়ৰ সেতু ৰচনা কৰা সুধাকণ্ঠৰ সৃষ্টিৰ স্বাক্ষৰ৷ তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় ১৫কিলোমিটাৰ নিলগৰ অৰুণাচলৰ বলুঙৰ গৌৰা পাৰ্টিনৰ সুন্দৰ চাংঘৰটোৰ কাষতেই সু-উচ্ছ সুধাকণ্ঠৰ প্ৰতিমূত্তিৰ্য়ে বহন কৰি আহিছে অসম-অৰুণাচলৰ যাউতিযুগীয়া সমন্বয়ৰ বাৰ্তা৷ পাৰ্টিনগৃহৰ এটি কোঠালী এতিয়াও ভূপেনদাৰ শুৱনিকোঠাৰূপে সজ্জিত হৈ আছে৷ এই কোঠালী আজিও শুৱনি কৰি আছি ভূপেনদাই ব্যৱহাৰ কৰা তাহানিৰ ৰেডিঅ’, হাতীখুজীয়া বাটি আৰু বিছনাখনে৷ বিশ্ববৰেণ্য শিল্পীজনৰ অন্তৰঙ্গ বন্ধু এসময়ৰ অৰুণাচলৰ বিধায়ক গৌৰা পাৰ্টিনৰ মাজৰ মধুৰ সম্পৰ্কই দুয়োখন ৰাজ্যৰ মাজত প্ৰেম আৰু ভাতৃত্বৰ এনাজৰী সুদৃঢ় কৰাৰ ক্ষেত্ৰত সদায় অৰিহণা যোগাই আহিছে৷ দেওবাৰে সূৰ্যোদয়ৰ উদ্যোগত সুধাকণ্ঠৰ মৃত্যুদিৱস অৰুণাচলৰ বলুঙৰ স্মৃতিবিজড়িত উক্ত বাসগৃহতে পালন কৰা হয়৷ অনুষ্ঠানত সূৰ্যোদয়ৰ সঞ্চালক অখিল চন্দ্ৰ বৰুৱা, অধ্যক্ষ ৰঞ্জিত দত্ত, অনাতাঁৰ শিল্পী পূৰ্ণেন্দু দাস, সাংস্কৃতিককৰ্মী তথা মণিকাঞ্চন সাংস্কৃতিক মঞ্চৰ সম্পাদক জ্যোতিপ্ৰসাদ দাস, সংগীতশিল্পী নৱ বৰুৱা, হিফজুৰ ৰহমান আদিৰ লগতে শদিয়াৰ শিল্পী সমাজৰ সভাপতি হেমন্ত দেউৰী, উপ-সভাপতি ছবিত গগৈ, সম্পাদক অসীম জোনাকৰ উপৰি শিল্পী সঞ্জয় থাপা, হিতেশ বুঢ়াগোহাঁই, সমৰ গগৈ, বিকুল গগৈ আৰু অধ্যাপক বৰগোহাঁইয়ে অংশগ্ৰহণ কৰে৷ সুধাকণ্ঠৰ বন্ধু গৌৰা পাৰ্টিনৰ বাসগৃহত ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা ৰেডিঅ’, হাৰমণিয়াম আদি প্ৰত্যক্ষ কৰি শিল্পীসকল অভিভূত হৈ পৰে৷ সূৰ্যোদয়ৰ তৰফৰ পৰা প্ৰেম আৰু ভাতৃত্বৰ এনাজৰীৰ চিনস্বৰূপে গৌৰা পাৰ্টিনৰ পুত্ৰ মিবং পাৰ্টিন, টনি পাৰ্টিন, অসম-অৰুণাচল সমন্বৰক্ষী সমিতিৰ সভাপতি গুণীন চুতীয়া আৰু অন্দেশ্বৰ পাওক সম্বৰ্ধনা ঞ্জাপন কৰা হয়৷ সূৰ্যোদয়ৰ সঞ্চালক অখিল চন্দ্ৰ বৰুৱাই আঁতধৰা অনুষ্ঠানত অসম আৰু অৰুণাচলৰ মাজৰ সমন্বয়ৰ সেতু অধিক কটকটীয়া কৰাৰ যাত্ৰা বলুঙৰ পৰাই পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনায়৷ সুধাকণ্ঠই জুইৰ সেক লৈ গীত গাই পৰিৱেশ জীপাল কৰি তোলা জুহালৰ কাষতে অনাতাঁৰ শিল্পী পূৰ্ণেন্দু দাসে ভূপেনদাৰ ‘মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে, অ’ বিদেশী বন্ধু, তুমি বিয়াৰ নিশা শয়ন পাতিত, বুকু হম হম কৰে’ আদি গীতেৰে অৰুণাচলৰ টনি পাৰ্টিনৰ সহযোগেৰে এক সুন্দৰ সাংস্কৃতিক বিনিময়ৰ মাজেৰে ড॰  ভূপেন হাজৰিকাক স্মৰণ কৰে৷

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত সুধাকণ্ঠক স্মৰণ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত কলাক্ষেত্ৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে দেওবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা সদৌ অসম ভিত্তিত ৰচনা প্ৰতিযোগিতা, চিত্ৰাঙ্কন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি সুধাকণ্ঠক স্মৰণ কৰে৷ সফলভাৱে সম্পন্ন হোৱা প্ৰতিটো কাৰ্যসূচী তথা ব্যতিক্ৰমীভাৱে আয়োজন কৰা প্ৰতিযোগিতাসমূহে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে ভাৰত ৰত্নক নতুনচামে গভীৰকৈ বুজি পোৱাৰ এক মননশীল অনুষ্ঠান বুলি দৰ্শক আৰু অভিভাৱকসকলে স্বীকাৰ কৰে৷ বিশিষ্ট শিল্পী পংকজ বৰুৱা, ড॰ ইভা হাজৰিকা, ধৰ্মকান্তি লস্কৰ, জ্বলি লস্কৰৰ ঘোষা পাঠেৰে ড॰ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ সন্মুখত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সভাপতি ড॰ মংগল সিং হাজোৱাৰীয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে৷ সুধাকণ্ঠৰ গুৱাহাটী নিবাসী ভগ্নী কবিতা বৰুৱা আৰু সুদূৰ কানাডাৰ পৰা আহি উপস্থিত হোৱা ভগ্নী স্তুতি পেটেলে পুষ্পাঞ্জলি তৰ্পণ কৰে৷ ভূপেন হাজৰিকাৰ বিষয়ে দুআষাৰ ‘কৈ আবেগিক হৈ পৰা দুয়ো ভগ্নীয়ে ন্যাসৰ এনে পদক্ষেপৰ শলাগ লয়৷ সুধাকণ্ঠ ভূপেন হাজৰিকা যে কেৱল তেওঁলোকৰ নহয়, তেওঁ অসমৰ ৰাইজৰ সন্তান সেই কথা দোহাৰে৷ ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই তেওঁলোকৰ লগত ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত পুৰণি দিনবোৰ সোঁৱৰি বক্তব্য ৰাখে৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ন্যাসৰ উপ-সভাপতি অশোক কুমাৰ সেনাপতি, কাৰ্যবাহী সভাপতি প্ৰদীপ পূজাৰী, যুটীয়া সম্পাদক অনুপম লস্কৰ, বিশিষ্ট কলানিৰ্দেশক নুৰুদ্দিন আহমেদ, বিশিষ্ট চিত্ৰ শিল্পী বীৰেন সিন্‌হা, বিশিষ্ট সুৰকাৰ সংগীত পৰিচালক বিপুল বৰুৱা, সৌৰভ মহন্ত, কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা, নিত্যানন্দ ডেকা, গাৰ্গী দত্ত, পাপৰি ঠাকুৰীয়া, অভিনেত্ৰী জ্বলি লস্কৰ, চলচ্ছিত্ৰ পৰিচালক ঝুলনকৃষ্ণ মহন্ত, পাঞ্জাবাৰী সু-প্ৰভাত গোষ্ঠীৰ সদস্যবৃন্দ, কলাক্ষেত্ৰ সমাজৰ বিষয়ববীয়া সকল আৰু ন্যাসৰ কেইবাগৰাকী ন্যাসৰক্ষী আৰু সদস্য উপস্থিত থাকে৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰম্ভ হয়৷ প্ৰতিযোগিতাখনি পৰিচালনা কৰে প্ৰখ্যাত চিত্ৰশিল্পী মধুসূধন দাসে৷ চাৰিটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিশেষভাৱে সক্ষম শিশুসকলৰ বাবেও এটা শাখা ৰখা হয়৷ বিচাৰক ৰূপে থাকে – বিশিষ্ট ভাস্কৰ্য শিল্পী অসম চৰকাৰৰ জনসংযোগ বিভাগৰ চিত্ৰশিল্পী বিশিষ্ট কবি শিৱ প্ৰসাদ মাৰাৰ আৰু এম.এছ. ইউনিভাৰচিটিৰ স্নাতকোত্তৰ প্ৰসিদ্ধ চিত্ৰশিল্পী মনিকা দেৱী৷ অংকুৰ শাখাত প্ৰথম স্থান লাভ কৰে- দিক্ষা ৰয়, দ্বিতীয় ময়ূৰ পল নাথ, তৃতীয়- অমাভ লাহনে৷ (ক) শাখাত প্ৰথম- ডেইজী বসুমতাৰী, দ্বিতীয়- যাচিত লাংচুং, তৃতীয়- মানস প্ৰতীম ডেকা (খ) শাখাত প্ৰথম -সাগৰিকা শৰণীয়া, দ্বিতীয়-টাচিম বসুমতাৰী, তৃতীয় উদীপ্ত পাঠক, (গ) শাখাত প্ৰথম চালমা হক, দ্বিতীয় বিবেক দত্ত, তৃতীয়- গৌৰাংগ ডেকা -ৰচনা প্ৰতিযোগিতাৰ ফলাফল অনুসৰি (ক) শাখাৰ প্ৰথম - ভাস্কৰ জ্যোতি দাস (অষ্টম শ্ৰেণী, চেইণ্ট বিবেকানন্দ ইংলিছ একাডেমী, মালিগাঁও) দ্বিতীয়- যাচিট লাংচুং (ষষ্ঠ শ্ৰেণী, মাৰিয়া মণ্টেশ্বৰী হাউচ চিলড্ৰেন, গীতানগৰ, গুৱাহাটী), তৃতীয়- অশ্লেষা মালাকাৰ (ষষ্ঠ শ্ৰেণী, শুৱালকুছি পাব্লিক স্কুল), (খ) শাখাৰ প্ৰথম সাক্ষী প্ৰিয়ম্বদা (দশম শ্ৰেণী, অসম জাতীয় বিদ্যালয়, গুৱাহাটী) দ্বিতীয় খ্যাতি তৃষ্ণা দেৱী (দশম শ্ৰেণী, অসম জাতীয় বিদ্যালয়, গুৱাহাটী), তৃতীয় - প্ৰত্যাশা শৰ্মা (শ্ৰী শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়, গোলাঘাট), (গ) শাখাৰ প্ৰথম জয়শ্ৰী নেওগ (স্নাতক ৩য় বৰ্ষ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গুৱাহাটী), দ্বিতীয়-বৰ্ণিল মেধি ( স্নাতক ৩য় বৰ্ষ, হিন্দু কলেজ, দিল্লী বিশ্ববিদ্যালয়) আৰু পিংকু দত্ত (স্নাতকোত্তৰ ২য় বৰ্ষ, যোৰহাট), তৃতীয় – মিণ্টু মনি দাস (স্নাতকোত্তৰ ২য় বৰ্ষ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে) লাভ কৰে৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ ৰচনা প্ৰতিযোগিতাৰ আহ৩ানত উৎসাহিত হৈ সুপ্ৰভাত কলাক্ষেত্ৰ গোটৰ সদস্য, এজন জ্যেষ্ঠ চিকিৎসক, সমাজ কৰ্মী ডাঃ উৎপল তামুলীয়ে ‘ভূপেন হাজৰিকাৰ গীতত মানৱতাবোধ’ বিষয়ত এখন তথ্য সমৃদ্ধ ৰচনা লিখি জমা দিয়াৰ কাৰণে তেওঁৰ উৎসাহ আৰু পৰিশ্ৰমৰ প্ৰতি সন্মান জনাই এক বিশেষ বঁটাৰে সন্মানিত কৰা হয়৷ ড॰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজন কৰা ‘লুইতৰ পৰা মিচিচিপি হৈ...’ শীৰ্ষক মুকলি কুইজ প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি বিশিষ্ট সংগীত শিল্পী জিতুল সোণোৱালে৷ ১২৬জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই ব্যতিক্ৰমী কুইজ প্ৰতিযোগিতাখন দুটা ৰাউণ্ডত অনুষ্ঠিত হয়৷ কুইজ মাষ্টাৰৰূপে থাকে– দিপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মা৷ পূৰ্ণ প্ৰেক্ষাগৃহত কুইজ প্ৰতিযোগিতাখনে প্ৰতিগৰাকী শ্ৰোতা দৰ্শকক অনুভৱ কৰায় যে ভূপেনদাৰ বিষয়ে শিকি- জানিও শেষ কৰিব নোৱাৰি৷ কুইজত প্ৰথম স্থান লাভ কৰে নগাঁৱৰ চন্দ্ৰজিৎ দাস আৰু অমিয় কুমাৰ বৰুৱা৷ দ্বিতীয়– নলবাৰীৰ গিৰীশ বৰ্মন আৰু গুৱাহাটীৰ ত্ৰিদিপ চন্দ্ৰ গোস্বামী৷ তৃতীয় – বকোৰ বাসুদেৱ দাস আৰু গুৱাহাটীৰ অংকুৰজ্যোতি শৰ্মা৷ চতুৰ্থ মঙলদৈৰ চিৰঞ্জিত দত্ত আৰু গুৱাহাটীৰ পংকজ শৰ্মা৷ পঞ্চম – ছয়গাঁৱৰ প্ৰতিৰূপ বায়ন৷ ষষ্ঠ– টিহুৰ মৃদুল তামোলী আৰু গুৱাহাটীৰ কমল মেধি৷ জনপ্ৰিয় সংগীত দল ‘আহ’ৰ সংগীতানুষ্ঠানৰ পিছতেই বঁটা বিতৰণী সভা অনুষ্ঠিত হয়৷ বঁটা বিতৰণ কৰে– অসম চৰকাৰৰ তথ্য আয়ুক্ত বিপ হাজৰিকা, গুৱাহাটী গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ মুখ্য বিমান কোঠ বিষয়া উৎপল বাদল বৰুৱা, পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড’ৰ উত্তৰ পূৱক্ষেত্ৰৰ কাৰ্যবাহী সঞ্চালক উপানন্দ কটকী, কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ কাৰ্যকৰী সভাপতি হিতেন হাটখোৱা, বিশিষ্ট ব্যৱসায়ী জগদীশ আগৰৱালা আৰু ন্যাসৰ কাৰ্যবাহী সভাপতি প্ৰদীপ পূজাৰীয়ে৷ অনুষ্ঠানটো আঁত ধৰে বিশিষ্ট আবৃত্তিকাৰ নাট পৰিচালক অনুপজ্যোতি চৌধুৰীয়ে৷ অনুৰাধা শৰ্মা পূজাৰী, চেতনা দাস, মাণিক আহমেদ, বীৰেন সিংহ, ৰঞ্জিত কৌশিক, কলকাতা অসম ভৱনৰ যুটীয়া সচিব মিৰাণ্ডা দাস, অৰিহনা ওজা, ঐনিতম ওজা, বিশ্বজিৎ দাস, পুলিন কলিতা, মনজিৎ ৰাজকোঁৱৰ, সংগীতা কাকতি, বিনয় কৃষ্ণ মহন্ত, জয়শ্ৰী মহন্ত, নেহা গাৰ্গ, ৰণদ্বীপ সিং ভূজি বহু গৰাকী বৰেণ্য লোকৰ উপস্থিতিয়ে অনুষ্ঠানৰ গৰিমা বৃদ্ধি কৰে৷

বেলতলা জ্যেষ্ঠ নাগৰিক চ’ৰাৰ ব্যতিক্ৰম অনুষ্ঠান

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ বেলতলা জ্যেষ্ঠ নাগৰিক চ’ৰাৰ উদ্যোগত চ’ৰাৰ নিয়মীয়া মাহেকীয়া বৈঠকখনি এইবাৰ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে দেওবাৰে উলহ-মালহেৰে পালন কৰা হয়৷ বেলতলাস্থিত চ’ৰাৰ কাৰ্যালয় প্ৰাঙ্গনত চ’ৰাৰ সভাপতি মৃদুল কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত মঞ্চ শুৱনি কৰে কাৰ্যকৰী সভাপতি ড॰ মাধৱ চন্দ্ৰ শৰ্মা আৰু সাধাৰণ সম্পাদক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে৷ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত উপস্থিত সকলো সদস্যই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই চ’ৰাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত ড॰ মোক্ষদা প্ৰসাদ বৰঠাকুৰে স্ব-ৰচিত এটি গীতি-কবিতাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ সপ্তসুৰ সংগীত বিদ্যালয়ৰ অধ্যক্ষা সুতপা ভট্টাচাৰ্যৰ পৰিচালনাত কণমানি মৌচুহি দাস আৰু অক্ষত ঝাৰ গীত পৰিৱেশনে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ ইয়াৰ পাছতে চ’ৰাৰ সদস্য-সদস্যা ক্ৰমে ইনু দত্ত, বিশিষ্ট কবি পবিত্ৰ শৰ্মা, চ’ৰাৰ সম্পাদক জিতেন্দ্ৰ কুমাৰ চৌধুৰী, মঞ্জু বৰা, অৰুণিমা কাকতি আৰু প্ৰদীপ শৰ্মাই স্ব-ৰচিত কবিতা পাঠ কৰে৷ অনুষ্ঠানৰ অন্য এক আকৰ্ষণ কণমানি পদ্মজা ভদ্বাজে পিয়ানোত তোলা সুধাকণ্ঠৰ গীতৰ সুৰে সকলোকে অভিভূত কৰে৷ অমলানন্দ বৰদলৈদেৱে ড॰ ভূপেন হাজৰিকাৰ বিশেষ অনুষ্ঠানটিত তেওঁৰ কৰ্মৰাজি সন্দৰ্ভত আলোকপাত কৰে৷ অনুষ্ঠানত সদস্য ক্ৰমে ড॰ মোক্ষদা প্ৰসাদ বৰঠাকুৰ, ৰোহিনী কুমাৰ বৰুৱা আৰু প্ৰতাপ বৰঠাকুৰৰ গীতে সকলোকে মুগ্ধ কৰে৷ ড॰ ৰবীন শৰ্মাৰ সুধাকণ্ঠৰ গানৰ শব্দ চয়ন সম্পৰ্কে এক চমু বক্তব্য প্ৰদান কৰে৷  বিমান শৰ্মাৰ সাৰুৱা ভাষণৰ পাছতে ‘‘মানুহে মানুহৰ বাবে’’ গীতটি সমূহীয়াকৈ পৰিৱেশন কৰাৰ পাছত জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে৷

প্ৰগতিশীল মঞ্চৰ উদ্যোগত উদ্যোগত সুধাকণ্ঠক স্মৰণ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ প্ৰগতিশীল মঞ্চৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ভেটাপাৰা দুৰ্গা মন্দিৰ প্ৰাঙ্গনত সুধাকণ্ঠ ড॰  ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী পালন কৰা হয়৷ পুৱাৰ প্ৰথম কাৰ্যসূচীত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে সমাজহিতৈষী ব্যক্তি ড॰ পুলিন বিহাৰী নাথে৷ ইয়াৰ পাছতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় ভূপেন হাজৰিকা শীৰ্ষক বক্তৃতা প্ৰতিযোগিতা আৰু বিয়লি ভাগত কুইজ প্ৰতিযোগিতা৷ ড॰ ধ্ৰুৱজ্যোতি শৰ্মাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতা প্ৰথম স্থান লাভ কৰে প্ৰিয়ানুজ কলিতা আৰু চিন্ময় দাসৰ দলে, দ্বিতীয় হিমজ্যোতি কুমাৰ, সুস্মিতা মিত্ৰ আৰু বকুলপ্ৰাণ ভূঞাৰ দলে, তৃতীয় ইছমাইল আলি, প্ৰিতীশা ডেকা আৰু চন্দন হালৈৰ দলে৷ অন্যহাতে বক্তৃতা প্ৰতিযোগিতাৰ ‘ক’ প্ৰথম স্থান লাভ কৰে আদিত শিৱম, দ্বিতীয় প্ৰিয়ানুজ তালুকদাৰ, তৃতীয় দৰ্শিতা দাস ‘খ’ প্ৰথম গৌৰাংগ তালুকদাৰ দ্বিতীয় কীৰ্তিমান দাস আৰু তৃতীয় যুটীয়াভাবে হিমজ্যোতি কুমাৰ আৰু সুস্মিতা মিত্ৰই৷ সন্ধিয়া অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা তথা ড॰ ভূপেন হাজৰিকাৰ ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই৷ প্ৰগতিশীল মঞ্চৰ সভাপতি জগন্নাথ দাস, কাৰ্যকৰী সভাপতি নগেন চৌধুৰী আৰু মুখ্য উপদেষ্টা ভবেন বৰা উপস্থিত থকা আৰু সম্পাদক মিলন বড়োই আতঁধৰা মঞ্চত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়৷ ইয়াৰ পাছতে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে ক্ৰমে শ্ৰুতিমালা চৌধুৰী, ঋষিতা চহৰীয়া, কুৱলী দাস, প্ৰতাপ বৰঠাকুৰ, মৃগেন্দ্ৰ লহকৰ আৰু দীপক দত্তই৷

বালিপৰাত ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তি উন্মোচন

‘আমাৰ অসম’ৰ বালিপৰাৰপ্ৰতিবেদকঃ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী বালিপৰাতো বালিপৰা শাখা সাহিত্য সভাৰ উদ্যোগত গীতে-মাতে দিনযোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়৷ বালিপৰা শাখা সাহিত্য সভাৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা সুধাকণ্ঠগৰাকীৰ এটি আৱক্ষ-মূৰ্তি উন্মোচন কৰা হয়৷ বালিপৰা অমিয় ভৱন প্ৰাঙ্গণত নিৰ্মাণ কৰা আৱক্ষ-মূৰ্তিটোৰ শুভ উন্মোচন কৰি ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে উন্মোচনী ভাষণত সুধাকণ্ঠক সোঁৱৰি তেখেতৰ কৰ্মৰাজী সম্পৰ্কে সোঁৱৰি বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শাখাৰ সভাপতি হেমেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি তথা ঔপন্যাসিক ড॰ ভূপেন শইকীয়া, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য মহেন্দ্ৰ নাথ, প্ৰাক্তন শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা, বালিপৰা উন্নয়ন সমিতিৰ সভাপতি প্ৰেম মেধি, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক থানেশ্বৰ শইকীয়া, শাখাৰ প্ৰাক্তন সভাপতি তৰুণ বৰা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক ড॰  অশ্বিনী কুমাৰ ডেকা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভূপেন হাজৰিকাৰ জীৱন-দৰ্শন সোঁৱৰি বক্তব্য আগবঢ়ায়৷ শাখাৰ সম্পাদক নিৰলা ডেকাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাখনিত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি বিশিষ্ট কবি, সাহিত্যিক তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ভৱেশ মিশ্ৰই ভূপেন হাজৰিকাই জাতি- জনগোষ্ঠীৰ মাজত একতাৰ কথা কৈ গৈছে বুলি কয়৷ তপন শইকীয়াই আঁতধৰা অনুষ্ঠানত প্ৰায় পাঁচশ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে একেলগে সুধাকণ্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে ...’ পৰিৱেশন কৰাৰ লগতে নৃত্য-গীত আদিৰে এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বালিপৰা শাখা সাহিত্য সভাৰ বাৰ্ষিক মুখপত্ৰ ‘ৰূপান্তৰ’ৰ শুভ উন্মোচন কৰে জিলা সভাপতি ভূপেন শইকীয়াই৷

বঙাইগাঁৱত ভূপেন হাজৰিকাক স্মৰণ

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধিঃ সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলা সাহিত্য সভাই কাকৈজানা শতদল শাখা সাহিত্য সভাৰ সহযোগত কাকৈজানা হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে সংগীতসূৰ্য ড॰ ভূপেন হাজৰিকাৰ ১২সংখ্যক স্মৃতিদিৱস উদ্‌যাপন কৰা হয়৷ পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰোহিনী কুমাৰ চৌধুৰীয়ে৷ ড॰ হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সিদলসতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হিতেশ চন্দ্ৰ বৰ্মনে৷ ৰোহিনী কুমাৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু গীত-মাতৰ অনুষ্ঠান উদ্বোধন কৰে জিলা সভাৰ প্ৰাক্তন উপ-সভাপতি বিশিষ্ট সাহিত্যিক অমৃত ভূষণ ফৌজদাৰে৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে শিক্ষক তথা জিলা সভাৰ প্ৰাক্তন সম্পাদক ৰমেশ নাথে ভূপেন হাজৰিকাৰ বহুমুখী প্ৰতিভা তথা তেওঁৰ গীতসমূহৰ এক বিশ্লেষণাত্মক ব্যাখ্যা আগবঢ়ায়৷ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, তুলুঙীয়াৰ অধ্যক্ষ ড॰ প্ৰাঞ্জল মৰাঙে শাখাৰ মুখপত্ৰ ‘কাকৈজানা’, কাকৈজানা শতদল শাখা সাহিত্য সভাৰ অন্তৰ্গত অসম সাহিত্য সভাৰ হিতৈষী আৰু আজীৱন সভ্যসকলৰ চমু জীৱনপঞ্জী ‘জীৱনী সম্ভাৰ’, উদীয়মান লেখক হৰ্ষজিৎ সিংহৰ ভূপেন অৰণ্যমৰ কাবিতা পুথি ‘জীৱনানুভৱ’ উন্মোচন কৰি গ্ৰন্থ অধ্যয়নৰ প্ৰাসংগিকতা সম্পৰ্কে আলোকপাত কৰে৷ সভাত সৃজনগ্ৰাম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পল্লৱজ্যোতি নাথ উপস্থিত থাকি হাজৰিকাৰ প্ৰতিভাৰ বিষয়ে আলোচনা কৰে আৰু প্ৰবীণ সাহিত্যিক কালীন্দ্ৰ দেৱ শৰ্মাৰ ‘কুটীৰ শিল্প’ নামৰ গ্ৰন্থখন উন্মোচন কৰে৷ অনুষ্ঠানত প্ৰবীণ সাহিত্যিক ভূষণ ফৌজদাৰ, প্ৰবীণ খেলুৱৈ প্ৰহ্লাদ চৌধুৰী আৰু প্ৰবীণ নাট্যশিল্পী লুঞ্জনাথ চৌধুৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷

হাৰমতীত সুধাকণ্ঠক স্মৰণ

‘আমাৰ অসম’ৰ বান্দৰদেৱাৰ বিশেষ প্ৰতিবেদকঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী হাৰমতীত হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু হাৰমতী ৰাইজৰ সহযোগত ২-৫ নৱেম্বৰলৈ অনুষ্ঠিত সদৌ অসমভিত্তিত চাৰিদিনীয়াকৈ আমন্ত্ৰণমূলক ভাওনা সমাৰোহৰ অন্তিমদিনা সুধাকণ্ঠ ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যুবাৰ্ষিকী উপলক্ষে তেওঁৰ স্মৃতিত প্ৰতিকৃতিত পুষ্পমাল্য দি সকলো হাৰমতীবাসী ৰাইজৰ হৈ ভাওনা সমাৰোহ উদ্‌যাপন সমিতিয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সমাৰোহৰ উদ্‌যাপন সমিতিৰ সভাপতি প্ৰদীপ দত্তই জনায় যে অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷  অন্তিমদিনা ভাওনাৰ শুভাৰম্ভ কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ মুকুন্দ ৰাজবংশীয়ে৷ ভাষণ প্ৰসংগত উদ্বোধকজনে মহাপুৰুষজনাৰ কালজয়ী সৃষ্টি ভাওনাৰ জৰিয়তে অসমক ভাৰতত পৰিচয় কৰাই দিয়াৰ লগতে ভাৰতে অসমৰ লগত পৰিচয় হোৱাৰ সুযোগ হয় বুলি উল্লেখ কৰি আছুৰ এই ভাওনা সমাৰোহৰ লক্ষ্য আৰু উদ্দেশ্যক প্ৰশংসাৰে ওপচাই পেলায়৷ আনহাতে এই ভাওনা সমাৰোহৰ অন্তিমদিনা সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি আছু বৰ্তমান সকলো সমালোচনাৰ উৰ্ধত বুলি উল্লেখ কৰে৷  সভাপতিজনে আন্দোলনৰ জৰিয়তে জন্মলাভ কৰা ছাত্ৰ সংগঠন ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা অসমৰ বিভিন্ন সমস্যাৰাজি ৰাষ্ট্ৰীয়পৰ্যায়ত উত্থাপন কৰি অহাৰ লগতে বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত আন্দোলনৰ লগে লগে শৈক্ষিক, আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে বুলি কয়৷ সভাপতিজনে আছু অসমৰ সৰ্বাংগীণ উন্নয়ন স্বাৰ্থত নিদিষ্ট লক্ষ্য আৰু উদ্দেশ্যলৈ সঠিক দিশত আগবাঢ়ি গৈ আছে বুলি অৱগত কৰি দিনকদিনে আছুৰ দায়িত্ব বৃদ্ধিহে পাইছে বুলি উল্লেখ কৰে৷ ইতিমধ্যে নিশাৰ ভাগত ভাওনা ‘‘যযাত্তিৰ জৰাপ্ৰাপ্তি পুৰুষ ৰাজ অভিষেক’ যোৰহাট পুলিবৰ শংকৰ মাধৱ নাট্যগোষ্ঠীৰ সৌজন্যত অনুষ্ঠিত কৰা হয়৷