Logo
image

মাদ্ৰাছা-ঈদ্‌গাহ উৎখাত কৰি লক্ষীপুৰত উচ্ছেদ

‘আমাৰ অসম’ৰ লক্ষীপুৰৰ প্ৰতিবেদক, ৭ নৱেম্বৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ অন্তৰ্গত নলবাৰী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বাস কৰা লোকৰ বিৰুদ্ধে আজিৰ পৰা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে৷ আজি পুৱা প্ৰশাসনে বন বিভাগৰ লগতে অৰ্ধ সামৰিক বাহিনী আৰু আৰক্ষীৰ এক বৃহৎ দলৰ সৈতে বনাঞ্চলটোৰ গৌৰনগৰত উপস্থিত হয় আৰু উচ্ছেদ আৰম্ভ কৰে৷ প্ৰশাসনে প্ৰায় চাৰিশ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে প্ৰথমে গৌৰনগৰত থকা এখন মাদ্ৰাছা আৰু কাষতে থকা ঈদগাহত অভিযান চলায়৷ তাৰ পাছত ক্ৰমে হাতীমূৰা আৰু আংটিহাৰাতো অভিযান চলায়৷ অৱশ্যে প্ৰশাসনে উচ্ছেদ অভিযানৰ বাবে ইতিপূৰ্বেই জাননী দিয়াৰ পাছতো বেদখলকাৰীয়ে ঘৰ-দুৱাৰ ভাঙি লৈ যোৱা নাছিল যদিও আজি প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰাৰ লগে লগেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু একাংশ বেদখলকাৰীয়ে নিজে নিজেই ঘৰ-দুৱাৰ ভাঙি লৈ যায়৷ জানিব পৰা মতে, নলবাৰী সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণভাৱে বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে তিনিদিন ব্যাপী উচ্ছেদ অভিযান চলাব৷  জানিব পৰা মতে, ২৪৪টাৰো অধিক পৰিয়ালে দীৰ্ঘদিনৰ পৰা অবৈধভাৱে বাস কৰি আছিল৷ আজিৰ এই উচ্ছেদ অভিযানত গোৱালপাৰা বন সংমণ্ডল প্ৰাধিকাৰী তেজাষ মৰিস্বামী, আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা হাজিৰকা, উপ-আৰক্ষী অধীক্ষক খৰ্গেশ্বৰ ৰাভা উপস্থিত আছিল৷ জানিব পৰা মতে, মঙলবাৰে আৰু বুধবাৰেও উচ্ছেদ অভিযান চলিব৷