Logo
image

দিল্লীৰ সমান্তৰালকৈ মুম্বাইতো বৃদ্ধি বায়ু প্ৰদূষণ;বায়ুৰ মান নামিল ৩০১লৈ

ডিজিটেল ডেস্কঃ শীত নমাৰ লগে লগে এতিয়া দেশৰ বিভিন্ন প্ৰান্তত বায়ু প্ৰদূষণে শোচনীয় ৰূপ লৈছে৷ দেশৰ ৰাজধানী দিল্লীৰ লগতে মুম্বাইতো বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।ইফালে মুম্বাই চহৰত অবিৰতভাৱে দলং আৰু মেট্ৰ’ ফ্লাই অভাৰ নিৰ্মাণ কৰি থকা হৈছে। নিৰ্মাণ কাৰ্যৰ পৰা ওলোৱা ধূলিয়ে মহানগৰীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰিছে।বতাহৰ গতি কম হোৱাৰ বাবে বায়ুৰ মানদণ্ড সূচক অতি দুৰ্বল শ্ৰেণীত উপনীত হৈছে। মঙলবাৰে মুম্বাইত বায়ুৰ মান সূচকাংক ৩০১লৈ অৱনমিত হয় ৷ 

যোৱা কেইসপ্তাহমানৰ পৰা চিন্তনীয় বিষয় হৈ পৰা বায়ু প্ৰদূষণ হ্ৰাসৰ কৰাৰ বাবে কঠোৰ হৈ পৰিছে মহাৰাষ্ট্ৰ চৰকাৰ। বায়ু প্ৰদূষণৰ দুৰ্দশা লাঘৱ কৰাৰ উদ্দেশ্যে বোম্বে উচ্চ ন্যায়ালয়ে ৰাজহুৱা নিৰ্মাণ কামত সাময়িক নিষেধাজ্ঞা আৰোপ কৰিছে। কেৱল এয়াই নহয়, দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি আদালতে নিশা ৭ বজাৰ পৰা ১০ বজালৈহে ফটকা জ্বলোৱাৰ নিৰ্দেশ দিছে।