Logo
image

কাৰ বাবে ঋণৰ বোজাৰে ভাৰাক্ৰান্ত অসম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ নৱেম্বৰঃ ১০ হাজাৰ কোটি টকা ধাৰ লোৱা বাবে তৰুণ গগৈয়ে অসমখন শেষ কৰা অভিযোগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷ সেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ১ লাখ ৪০ হাজাৰ কোটি টকাৰ ধাৰ৷ এই টকা খৰচ কৰিছে ক’ত? এই টকা খৰচ কৰিছে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ চফৰত৷ হেলিকপ্টাৰত গুৱাহাটীৰ পৰা নগাঁৱলৈ যাওঁতে যিজন মানুহে এদিনত খৰচ কৰে ১০ লাখ টকা, বছৰি তেওঁ হেলিকপ্টাৰত ভ্ৰমণৰ নামত কিমান ব্যয় কৰিছে৷ চৰকাৰখনে অৰুণোদয় দিয়াৰ কথা কয়৷ অসমবাসীয়ে জানি আচৰিত হ’ব যে কেৱল পেণ্ডেলৰ নামত চৰকাৰখনে খৰচ কৰিছে ৪০ কোটি টকা৷ ৩ কোটি ৩০ লাখ মানুহক বন্ধকত থৈ ১ লাখ ৪০ হাজাৰ কোটি টকাৰ ধাৰলৈ চৰকাৰে চলাই আছে৷ কাৰ দোষৰ বাবে ঋণৰ বোজাৰে ভাৰাক্ৰান্ত অসম? এই ভাষ্য কংগ্ৰেছ বিধায়িনী দলত উপ-দলপতি ৰকিবুল হুছেইনৰ৷ বিৰোধী ঐক্য মঞ্চ, অসমৰ হৈ সোমবাৰে গুৱাহাটীৰ এখন সংবাদ মেল আয়োজন কৰি হুছেইনে কয়– ৰাজ্যখনৰ ভেন্সাৰ স্কুলৰ কেইবাহাজাৰ শিক্ষক-কৰ্মচাৰীয়ে দিনটো আনৰ সন্তানক জ্ঞানৰ পোহৰ বিলায়৷ কিন্তু নিজৰ সন্তানক এসাঁজ খুৱাই এসাঁজ লঘোণে ৰাখে৷ এইসকল শিক্ষকৰ সন্তানে শিক্ষা আধাতে সাং কৰিব লগা হৈছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে উজনি, নামনি, বৰাকৰ ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীৰ দুখ-দুৰ্দশাই কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন-যৌৱন সকলো শেষ কৰা হাজাৰ হাজাৰ শিক্ষকে হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰুতাৰ বাবে এতিয়া অন্ধকাৰময় জীৱন কটাবলগীয়াত পৰিছে৷ মৌলিক প্ৰয়োজন অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ লগতে সন্তানৰ পঢ়া-শুনাৰ খৰচৰ বাবে শিক্ষকে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিবলগীয়া হোৱাতো অতিশয় দুৰ্ভাগ্যজনক৷ বহু শিক্ষকে টেম্পঅ, ই-ৰিস্কা পৰ্যন্ত চলাবলগীয়া হৈছে৷ দিন হাজিৰা কৰিবলগীয়া হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মহত্যা কৰিছে৷ বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে হাতত অৰ্থ নোহোৱাৰ বাবে বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ ৩০-৩২ বছৰ বিনা বেতনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ কাম কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আকোঁৰগোজ মনোভাৱৰ বাবে প্ৰাণ দিব লগা হৈছে৷ এইসকল শিক্ষকৰ সামজিক মৰ্যাদাও হানি কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ অসমৰ ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহ-খেৰ আদি বৰঙনি দি নিজেই পতা অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানকেইখনো এতিয়া ধবংস কৰিবলৈ উঠি-পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ নাগপুৰৰ নিৰ্দেশনাত চলা অসমৰ বিজেপি চৰকাৰে কুটিল ষড়যন্ত্ৰ কৰি অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানকেইখনক নিঃশেষ কৰিব খুজিছে৷ আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বাবে ভেন্সাৰ স্কুলৰ ২০ হাজাৰ শিক্ষক-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে অৰ্ধাহাৰে-অনাহাৰে দিন কটাইছে৷ অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ন্যায্য প্ৰাপ্তিৰ হকে অসম প্ৰদেশ কংগ্ৰেছে সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব৷ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলৰ মাজত বিজেপি চৰকাৰে বৈষম্যমূলক আচৰণ কৰা বাবেই ২০১৭-১৮ চনৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকীকৰণ আইন সংশোধনৰ সময়ত ইয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে৷ সকলো অপ্ৰাদেশীকৃত বিদ্যালয়ক সাঙুৰি নোলোৱা বাবেই আইনখনৰ আওঁতাৰ বাহিৰত থকা শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণৰ ভিত্তিবৰ্ষ ১-১-২০০৬ চনৰ আগত প্ৰতিষ্ঠিত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে প্ৰায় ২৩১৯খন শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষক-কৰ্মচাৰীক প্ৰাদেশিকীকৰণৰ জৰিয়তে ন্যায় প্ৰদানৰ দাবী জনাইছিল কংগ্ৰেছে৷ ২০১৩ আৰু ২০২১ চনত বঞ্চিত শিক্ষক-কৰ্মচাৰীক প্ৰাদেশিকীকৰণৰ জৰিয়তে চৰকাৰক ন্যায় প্ৰদান কৰিবলৈয়ো কংগ্ৰেছে দাবী জনাই আহিছে৷ শিক্ষক-কৰ্মচাৰীৰ প্ৰতিনিধিয়ে ২০২২ চনৰ ২০ অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল৷ শিক্ষক-কৰ্মচাৰীৰ প্ৰতিনিধিয়ে ২০১৭-১৮ চনৰ পদ প্ৰাদেশিকীকৰণ আইনৰ সংশোধন আৰু ২০১৩ আৰু ২০২১ চনত বঞ্চিত শিক্ষক-কৰ্মচাৰীক প্ৰাদেশিকীকৰণ কৰাৰ বাবে জনোৱা দাবীক মানি লোৱাৰ প্ৰতিশ্ৰুতিও দিছিল মুখ্যমন্ত্ৰীয়ে৷ কিন্তু আজিলৈ মুখ্যমন্ত্ৰীয়ে কিয় সেই প্ৰতিশ্ৰুতি পালন নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাজনে৷ এনে শিক্ষানুষ্ঠানসমূহক UDISE CODEত স্বীকৃতিপ্ৰাপ্ত সলনি অস্বীকৃতিপ্ৰাপ্ত জুনিয়ৰ কলেজ, হায়াৰ ছেকেণ্ডাৰীসমূহক অপ্ৰাদেশীকৃতৰ সলনি ব্যক্তিগত খণ্ডৰ বুলি অন্তৰ্ভুক্তি কৰিছে৷ এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ এইসকল দুৰ্ভগীয়া শিক্ষক, কৰ্মচাৰী আৰু শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক মানুহ বুলি গণ্য নকৰে বুলিও হুছেইনে অভিযোগ উত্থাপন কৰে৷ অপ্ৰাদেশীকৃত শিক্ষকসকলৰ মৰ্মবেদনা কংগ্ৰেছে সদায়েই অনুভৱ কৰি আহিছে বুলি উল্লেখ কৰি হুছেইনে কয়– মৰ্মান্তিক কথা এয়াই যে ২০২৩ চনৰ ৰ এপ্ৰিলৰ পৰা ভেন্সাৰ শিক্ষানুষ্ঠাৰ ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ আহাৰ বন্ধ কৰি দিছে৷ দয়া-মায়াহীন মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া পাঠ্যপুথি, পোছাক আদি বন্ধ কৰি দিছে৷ এনে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক চৰকাৰে চাইকেল কেইখনো নিদিলে৷ বিজেপিক মনত পেলাই দিব খুজিছো যে ২০১৬ চনৰ বিজেপি দলৰ নিৰ্বচনী ইস্তাহাৰত ভেন্সাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া নাছিল জানো? নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি এইজনা মিছলীয়া মুখ্যমন্ত্ৰীয়ে পাহৰি গ’ল৷ অ অসমৰ ৰাইজ আৰু ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিচলীয়া আৰু ব্যৰ্থ মুখ্যমন্ত্ৰী৷ মুখ্যমন্ত্ৰীৰ নিজৰ পৰিয়ালে বিলাসী ব্যক্তিগত শিক্ষানুষ্ঠান খুলি ধন ঘটিছে আৰু মুখ্যমন্ত্ৰীয়ে দুখীয়া-দৰিদ্ৰৰ সন্তানসকলক জ্ঞানৰ পোহৰ বিলাই অহা শিক্ষকসকলক সামাজিক আৰু আৰ্থিকভাবে হত্যা কৰিব খুজিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ পৰিয়ালৰ সন্তানসকলক নিৰক্ষৰ কৰি ৰখাৰ ষড়যন্ত্ৰ কৰাৰ লগতে শিক্ষক আৰু ছাত্ৰক প্ৰতাৰণা কৰা মুখ্যমন্ত্ৰীৰ কলংক ওৰে জীৱন লৈ ফুৰিব লাগিব৷

কেৱল এপিএছচিৰ ক্ষেত্ৰতহে মুখ্যমন্ত্ৰীৰ মানৱতা কিয়? বিৰোধী দলপতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ‘কেৱল এপিএছচিৰ কলংকিত ২০১৩ আৰু ২০১৪ বৰ্ষৰ বিষয়াৰ ক্ষেত্ৰতহে মুখ্যমন্ত্ৰীৰ মানৱতা কিয়৷ ভেঞ্চাৰ স্কুলৰ শিক্ষক, ক’ভিডত সেৱা আগবঢ়োৱা চাফাই কৰ্মচাৰী, ড্ৰাইভাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ মানৱতা ক’লৈ গ’ল৷’– এই মন্তব্য বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ৷ এক বিবৃতিৰ জৰিয়তে এনেদৰে মন্তব্য কৰি শইকীয়াই কয়– ‘ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে যেতিয়া অসম প্ৰশাসনিক সেৱাৰ ২০১৩ আৰু ২০১৪ চনৰ এই দুয়োটা বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ বাবে এখন প্ৰতিবেদন দিছিল, অসম চৰকাৰে সেই প্ৰতিবেদন গ্ৰহণ কৰিবলৈ ইচ্ছা কৰা নাছিল৷ শেষত প্ৰতিবেদন গ্ৰহণ কৰিলে যদিও ন্যায়িক আয়োগৰ দ্বাৰা প্ৰতিবেদনত যেনেধৰণে পৰামৰ্শ দিয়া হৈছিল সেইখিনি তেওঁলোকে পালন কৰিব বিচৰা নাছিল, তাৰ লগত এটা অসম চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আদিক লৈ এখন উপ-সমিতি বনাই দিছিল  আৰু কৈছিল যে অসমীয়া বিষয়া কিছুমানক এই কাম কৰিবলৈ দিয়া হৈছে৷ কিন্তু যেতিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে গোটেই বেট্‌ছৰ সকলোকে চাকৰিৰ পৰা অব্যাহতি দিব লাগে বুলি প্ৰতিবেদন দিলে তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে পিছহুহকা মাৰিলে৷ তাৰ পিছত যেতিয়া ২০১৪ চনৰ এপিএছচিৰ কেলেংকাৰীৰ বিষয়েও জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰিলে, এই প্ৰতিবেদনখনো অসম চৰকাৰে গ্ৰহণ কৰিবলৈ বিচৰা নাছিল, অৱশেষত এই প্ৰতিবেদনৰ তদন্ত আয়োগৰ সচিবে অসম চৰকাৰৰ মুখ্য সচিব নে অতিৰিক্ত মুখ্য সচিবৰ হাতত জমা দি আহিছে৷ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গোটেই বেট্‌ছটোকে অব্যাহতি দিব নোৱাৰি কাৰণ মানৱতাৰ কথা আছে, নিশ্চিত ভাবে মানৱতা সকলোৰে থাকিব লাগে৷ কিন্তু যেতিয়া অসম বিধান সভাত আমাৰ ফালৰ পৰা যিসকল ভেঞ্চাৰ স্কুলৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে ইচ্ছু্য ডেট আৰু কাট অৱ ডেটৰ এটা বিভ্ৰান্তিৰ বাবে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছিল সেইখিনি সময়ত অসম বিধান সভাত মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল মানৱীয়তা চালে নহ’ব আৰু এতিয়া তেখেতে মানৱীয়তাৰ দোহাই দি অসৎ পথেৰে চাকৰি লোৱা সকলক ৰক্ষণা-বেক্ষণ দিব বিচাৰিছে, যিটো অতি দূৰ্ভাগ্যজনক৷ ঠিক তেনেকৈ অসম ৰাজ্যিক পথ পৰিবহণ নিগম আৰু অসমৰ বিভিন্ন চৰকাৰী চিকিৎসালয় সমূহটো হস্পিতাল পৰিচালনা কমিটীৰ ফালৰ পৰা বহু অসমীয়া যুৱক-যুৱতীক যোৱা সময়চোৱাত নিযুক্তি দি থোৱা হৈছিল কিন্তু আজি চৰকাৰখনে মানৱীয়তাৰ দিশেৰে তেওঁলোকে কৰি থকা সেৱাৰ বাবে নিযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই৷ অনুৰূপ ধৰণে ক’ভিড-১৯ৰ সময়ত যিসকলে হাস্পতালবিলাকত সেৱা আগবঢ়াইছিল চাফ-চিকুণ কৰা আৰু গাড়ী চলোৱা সেই সকলো ব্যক্তিক আজি চৰকাৰখনে মানৱীয়তাৰ দিশত চাব বিচৰা নাই৷ এতিয়া মানৱীয়তা কিয় এপিএছচিৰ উচ্চ শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে অসম চৰকাৰে বিবেচনা কৰিব বিচাৰিছে এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ক’ব লাগে৷ মুখ্যমন্ত্ৰী মহোদয়ে মানৱীয়তা ৰক্ষাৰ বাবে শপত গ্ৰহণ নি(য় কৰা নাছিল৷ যেনেকৈ আয়োগৰ যিজন জাজ বা অন্যান্য সকলো চৰকাৰী কৰ্মচাৰীয়ে দেশৰ সংবিধান, দেশৰ আইন-আদালতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কাম কৰিম বুলি শপত গ্ৰহণ কৰে ঠিক মুখ্যমন্ত্ৰী মহোদয়েও নিশ্চিত ভাবে তেনেকুৱা ধৰণৰ শপত গ্ৰহণ কৰাটোহে আমাৰ মনত আছে৷ মানৱীয়তাৰ কথাটো কৈ এতিয়া মুখ্যমন্ত্ৰীয়ে এপিএছচি কেলেংকাৰিত যিহেতু তেখেতৰ দলৰ বহু ব্যক্তি জড়ি.ত হৈ আছে সেই ব্যক্তিসকলক ৰক্ষণা-বেক্ষণ দিবলৈ অসমৰ ৰাইজক বিভ্ৰান্তিমূলক বিবৃতি দিছে৷ যদি মানৱীয়তাৰ কথা আহিব লাগে নিশ্চিত ভাবে সকলোৰে ক্ষেত্ৰত মানৱীয়তাৰ মানদণ্ড একেই হ’ব লাগিব৷ সেয়েহে মই মুখ্যমন্ত্ৰী মহোদয়ক ধিক্কাৰ জনাইছোঁ লগতে ন্যায়িক আয়োগে যেনেধৰণে কৈছে তেনে ধৰণৰ কাম কৰিবলৈ মই তেখেতক দাবী জনাইছোঁ৷’