Logo
image

নলবাৰীৰ ৰাসলৈ আমন্ত্ৰণ কংগনা ৰাণাৱটক

নলবাৰীৰ পৰা চম্পক বৈশ্য ,আমাৰ অসমঃ উত্তৰ-পূৰ্বাঞ্চলৰ সনাতন ধৰ্মৰ অন্যতম ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰত ২৬ নৱেম্বৰৰ পৰা উদ্‌যাপন হ’বলগা ৯০সংখ্যক ৰাস মহোৎসৱক লৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি৷ উল্লেখ্য, এইবেলি ১৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হ’ব নলবাৰীৰ পৱিত্ৰ ৰাস মহোৎসৱ৷ ৰাস মহোৎসৱ শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে বিভিন্ন উপ-সমিতিসমূহো গঠন কৰা হৈছে৷ লক্ষ্যণীয়ভাৱে এইবেলি ৰাস মহোৎসৱৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সভাপতি আৰু মনোজ কুমাৰ চৌধুৰীক সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে মূল সমিতি৷ ৰাস মহোৎসৱত আমন্ত্ৰণ জনাবলগা অতিথিসকলৰ সৈতে সম্প্ৰতি চলি আছে যোগাযোগ৷ উল্লেখ্য, বিগত বৰ্ষত দৰ্শনাৰ্থীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে আমন্ত্ৰণ জনোৱা হৈছিল ড্ৰীম গাৰ্লখ্যাত অভিনেত্ৰী হেমা মালিনীক৷ অনুৰূপ চিন্তা-চৰ্চাৰে এইবেলিও বলিউডৰ এগৰাকী অভিনেত্ৰীক ৰাস উদ্বোধনৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ইতিমধ্যে উদ্‌যাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যোগাযোগ অব্যাহত ৰাখিছে৷ মূলতঃ জিলাখনৰ লগতে বহিঃজিলাৰ দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে বলিউডৰ মোহময়ী অভিনেত্ৰী, কংগনা ৰাণাৱতক নলবাৰী ৰাস মহোৎসৱলৈ আমন্ত্ৰণ জনাবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এক ভিতৰুৱা সূত্ৰে জানিব পৰা মতে, বিশিষ্ট অভিনেত্ৰীগৰাকীৰ নলবাৰী ৰাসলৈ অহাটো প্ৰায় নিশ্চিত হৈছে যদিও ৰাস মহোৎসৱৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে, এইপৰ্যন্ত অভিনেত্ৰীগৰাকীৰ আগমনৰ বিষয়টো চূড়ান্ত হোৱা নাই৷ এই সন্দৰ্ভত ৰাস মহোৎসৱৰ সভাপতিৰ দায়িত্বত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মেল অনুষ্ঠিত কৰি এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চমক সৃষ্টি কৰাৰ বাবে কোটি টকা ব্যয় কৰি হ’লেও বলিউডৰ অভিনেত্ৰীগৰাকীক নলবাৰী ৰাসলৈ আমন্ত্ৰণ জনাবলৈ প্ৰচেষ্টা চলাই থকা হৈছে বুলি একাংশ লোকৰ মাজত চৰ্চিত হৈছে৷ ইফালে, ভাৰতীয় আধ্যাত্মিক তথা সংস্কৃতিবাহক বেদ, উপনিষদ, বিভিন্ন পুৰাণ, মহাভাৰত, ৰামায়ণ আৰু ভাগৱতৰ বিভিন্ন কাহিনী তথা শ্ৰীকৃষ্ণৰ ভক্তিপ্ৰেমৰ আখ্যান-উপাখ্যানৰ আধাৰত বিভিন্ন মৃণ্ময় মূৰ্তিসমূহৰ নিৰ্মাণৰ কাম চলি আছে৷ এইবেলি ৰাসখলাৰ ষ্টলবোৰত কৃষ্ণ চৰিত্ৰ জন্মৰ পৰা মহাপ্ৰয়াণলৈ ক্ৰমশঃ উপস্থাপন কৰা হ’ব৷ আনহাতে, নলবাৰী চহৰৰ বিভিন্ন প্ৰান্তৰ ডাঙৰ সৰু পথ আলোকসজ্জাৰে আলোকিত কৰিবলৈ ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে৷ নলবাৰী চহৰলৈ অহা পথত কেইবাখনো আটকধুনীয়া বিজুলী চাকিৰ পোহৰৰে উজ্জ্বলাই তোলা হ’ব বৃহৎ তোৰণ৷ ইফালে, বিগত বৰ্ষসমূহৰ দৰে এইবেলিও নলবাৰী ৰাস মহোৎসৱত চলিব ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত নাট প্ৰতিযোগিতা৷ ইতিমধ্যে ৰাসত ১৪খনকৈ থিয়েটাৰে নাট প্ৰদৰ্শনৰ বাবে চুক্তিবদ্ধ হৈছে বুলি জনা গৈছে৷ এইবাৰৰ ৰাসত নলবাৰীৰ যুৱক-যুৱতীৰ দ্বাৰা জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ’ব৷ গুৱাহাটী কলাক্ষেত্ৰৰ সহযোগত জীৱন্ত ৰাস আৰু মৃণ্ময় মূৰ্তিৰ সমাহাৰ ঘটিব এইবোৰৰ ৰাস মহোৎসৱত৷ নলবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগণত প্ৰজ্ঞা নলবাৰীৰ উদ্যোগত ইতিমধ্যে আৰম্ভ হোৱা জীৱন্ত ৰাস আৰু ভাওনাৰ কৰ্মশালাখন ২৫নৱেম্বৰলৈ চলিব৷ ৯০ সংখ্যক নলবাৰী ৰাস মহোৎসৱত ৰাইজৰ উপস্থিতি উদ্‌যাপন সমিতিয়ে কামনা কৰিছে৷