Logo
image

আঙুৰ টেঙা! বিজেপিৰে আপোচ নহয়, প্ৰাৰ্থিত্বক লৈ আমবাৰীয়ে কৰিব বুজাপৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭  নৱেম্বৰঃ বুজাপৰাৰ নামত লোকসভাৰ আগন্তুক নিৰ্বাচনত অগপ দলে বিজেপি নেতৃত্বৰ ওচৰত আত্মসমৰ্পন কৰিব নেকি? দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ ভাষ্যৰ পৰাই স্পষ্ট হ’ল এই ক্ষেত্ৰত দলটোৰ ভৱিষ্যতৰ স্থিতি৷ আনকি সভাপতি বৰাই নিজৰ দলৰে এজন জ্যেষ্ঠ নেতা তথা বিধায়কৰ দাবীক মুকলিভাৱে নৎসাত কৰাও পৰিলক্ষিত হয়৷ সভাপতি বৰাই বাৰম্বাৰ দাবী কৰি আছে যে এই পৰ্যন্ত বিজেপি আৰু অগপৰ মাজত আসনক লৈ কোনো ধৰণৰ আলোচনাই হোৱা নাই৷ কিন্তু সভাপতি বৰাৰ এই দাবীৰ বিপৰীতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য সম্পূৰ্ণ বিপৰীত৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ মতে আসনৰ ভাগ বতৰোৱা এক প্ৰকাৰে হৈ গৈছে৷ এইক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাই দল দুটাৰ মাজত৷ চূড়ান্ত তালিকা নতুন দিল্লীৰ পৰা ঘোষণা হ’ব৷ এই বিষয়ত বিশেষ একো কথা নাই৷ আসনক লৈ এইবাৰ কোনো সমস্যাই নাই৷ আমি ভাই বন্ধুৰ দৰে নিৰ্বাচন খেলিম৷ উল্লেখ্য যে কিছুদিন পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত অনুষ্ঠিত মাৰাথন বৈঠকতে চূড়ান্ত হৈছিল বিজেপি দলে ইয়াৰ দুই মিত্ৰদল অগপ আৰু ইউ পি পি এলক এৰি দিবলগীয়া আসনৰ বিষয়ে৷ এই গুৰুত্বপূৰ্ণ বৈঠকখনত মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাও উপস্থিত আছিল৷ এই বৈঠকৰ পিছতে সভাপতি কলিতাই অগপ দলক এখন আসন এৰি দিয়াৰ কথা ঘোষণা কৰে যদিও এই ঘোষণাক লৈ বিস্ফোৰক ৰূপ ধাৰণ অগপৰ বিধায়ক তথা দলৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷ মিত্ৰদল বিজেপিক হুংকাৰ দি বিধায়ক কলিতাই কয়–আমি ৬/৭ টা সমষ্টিত পূৰ্ণ যে নিৰ্বাচনী প্ৰস্তুতি চলাই আছো৷ আমাক অতি কমেও চাৰিখন আসন দিব লাগিব৷ ইয়াৰ পিছত আমাক এখন আসন এৰি দিয়াৰ কথা ক’ব আৰু আমি ক্ষান্ত থাকিম সেইটো হ’ব নোৱাৰে৷ বিধায়ক কলিতাৰ এই ক্ষোভৰ পিছতে নিজৰ পূৰ্বৰ স্থিতি সলনি কৰিবলৈ বাধ্য হয় সভাপতি ভৱেশ কলিতা৷ অগপ দলৰ এক সূত্ৰৰ মতে ‘কা’ আন্দোলনৰ সময়ত অগপ দলে যিদৰে বিজেপি দল আৰু চৰকাৰৰ প্ৰতি নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰি পিছত পুনৰ বিজেপিৰে লগ লাগিল সেই অনুৰূপ পৰিস্থিতিৰ পুনৰাবৃত্তি বিচৰা নাই দলৰ অধিকাংশ নেতা-কৰ্মীয়ে৷ মিত্ৰদল বিজেপিৰ পৰা সন্মানজনক বন্ধুত্ব বিচাৰিছে এইসকল নেতা-কৰ্মীয়ে৷ ইয়াৰ পিছতো বিজেপিৰ মিত্ৰতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী বৰাই সংবাদ মাধ্যমৰ প্ৰতিহে ক্ষোভ উজাৰি কয়–‘অসম গণ পৰিষদ দলে কাৰো লগত কম্প্ৰমাইজ কৰা নাই৷ আমি এডজাষ্টমেণ্ট কৰিছো৷ পৰিয়ালতো মানুহে এডভাষ্টমেণ্ট কৰি চলিব লাগে৷ বিজেপিৰ লগত আসন সন্দৰ্ভত এতিয়ালৈ আমাৰ কোনো আলোচনা হোৱা নাই৷ আমি সমষ্টিয়ে সমষ্টিয়ে ছাৰ্ভে কৰাই আছো৷ কোনোবাই আমাক কম্প্ৰমাইজ কৰা, অপমান কৰা বুলি কলেও আমি কেতিয়াও এইবিলাক কথাত বিচলিত নহয়৷ আমাক কোনেও বিচলিত কৰিব নোৱাৰে৷ আমি যিদৰে গৈ আছো সেইদৰে গৈ থাকিম৷ আজি নিশা আমাৰ দলৰ এখন বৈঠক আছে৷ তাতে বিষয়টো আলোচনা কৰা হ’ব৷ এতিয়া সময় ক’ব অগপই মিত্ৰদল বিজেপিৰ সৈতে আসনক লৈ আপোচ নে বুজাপৰা কৰে৷