Logo
image

মিজোৰাম আৰু ছত্তীশগড়ত কোনে মাৰিব শেষ হাঁহি ?

ডিজিটেল ডেস্কঃ আজি পুৱাৰে পৰা আৰম্ভ হৈছে মিজোৰাম আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ।মঙলবাৰে মিজোৰামৰ ৪০টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ এটা পৰ্যায়তে সামৰণি পৰিব৷ ৪০খন আসনৰ বাবে কেইবাটাও দলৰ মুঠ ১৭৪ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁলোকৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব ৮,৫২,০৮৮ ভোটাৰে৷ ইয়াৰে ৪,১৩,০৬৪ জন পুৰুষ আৰু ৪,৩৯,০২৮ গৰাকী মহিলা ভোটাৰ ৷ পুৱা ৭ বজাৰ পৰা মিজোৰামৰ ১২৭৫ টা গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটদান। বিগত নিৰ্বাচনত মিজো নেচনেল ফ্ৰণ্টে ২৬খন আসন লাভ কৰি কংগ্ৰেছৰ পৰা ক্ষমতা কাঢ়ি নিছিল৷ কংগ্ৰেছে  লাভ কৰিছিল ৬খন আসন আৰু  জোৰাম পিপ’লছ মুভমেণ্টে ৫খন আসন লাভ কৰিছিল৷ 

মিজোৰামত এম এন এফ, জেড পি এম, কংগ্ৰেছে ৪০ টা সমষ্টিতে প্রাৰ্থীত্ব আগবঢ়াইছে । আনহাতে বিজেপি, আপ আৰু নিৰ্দলীয়ই ক্রমে ২৩, ৪ আৰু ২৭ খন আসনৰ বাবে প্রাৰ্থীত্ব আগবঢ়াইছে । মিজোৰামত এই পৰ্যন্ত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ।মিজোৰামৰ ৪০ টা বিধানসভা সমষ্টিত অব্যাহত থকা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৫১.২২ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।মিজোৰামৰ ছাৰ্চিপ সমষ্টিত দিনৰ ১ বজা পৰ্যন্ত মুঠ ৬০.৩৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। একেদৰে খাওজাল সমষ্টিত ৬০.২০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। এইপৰ্যন্ত আইজন সমষ্টিত আটাইতকৈ কম ভোটাধিকাৰ সাব্যস্ত হৈছে। সমষ্টিটোত এই পৰ্যন্ত ৪৪.৭১ শতাংশ লোকে ভোটদান সাব্যস্ত কৰিছে।

একেদিনাই ছত্তীশগড় বিধানসভাৰ প্রথম পৰ্যায়ৰ নিৰ্বাচনত ২০ খন আসনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈ ভোটগ্ৰহণ চলি থকা ২০ টা সমষ্টিত ৪৪.৫৫ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।মাওবাদী অধ্যুষিত কাংকেৰ জিলাত মাওবাদীৰ দ্বাৰা সংঘটিত আইইডি বিস্ফোৰণত দুগৰাকী পোলিং এজেণ্ট আৰু বি এচ এফৰ এজন জোৱান আহত হোৱাৰ পাছতেই সমগ্ৰ ৰাজ্যখনতেই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । ছত্তীশগড়ত শাসকীয় কংগ্ৰেছ দলে  ২০ টা সমষ্টিৰ  ১৯ টাতে জয়লাভ কৰিব বুলি দাবী কৰিছে ।