Logo
image

বিতৰ্কিত কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মোল্লাক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ উগ্ৰ  সাম্প্ৰদায়িক মন্তব্য কৰাৰ অপৰাধত জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰা হয়৷ মঙলবাৰে নিশা প্রায় ৯.৫৫ বজাত গ্ৰেপ্তাৰ কৰা হয় বিধায়কজনক। দিছপুৰৰ বিধায়ক আবাসৰ পৰাই দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক আফতাবুদ্দিন মোল্লাক৷ উল্লেখ্য, জলেশ্বৰত অনুষ্ঠিত এখন সভাত হিন্দু ধৰ্মক লৈ ৰাজহুৱা সভাত বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিছিল জলেশ্বৰ সমষ্টিৰ বিধায়কগৰাকী। হিন্দুক ব্যভিচাৰী আৰু নামঘৰীয়াক ধৰ্ষণকাৰী বুলি কৰা মন্তব্যৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে মোল্লাই ক্ষমা খুজিছিল যদিও অসম চৰকাৰে বিষয়টো বিশেষ গুৰুত্বসহকাৰে গ্ৰহণ কৰে আৰু অৱশেষত মঙলবাৰে নিশা সাম্প্ৰদায়িক মন্তব্য কৰা কংগ্ৰেছ বিধায়কজনক মুখ্যমন্ত্ৰীৰ পৰামৰ্শক্ৰমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ মোল্লাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কিছু সময় পূৰ্বে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবুলি মন্তব্য কৰিছিল– ‘ক্ষমা বিচৰাটো আইনে নামানে৷ ক্ষমা খোজাটো ৰাজনীতিত হয়৷ আইনৰ চকুত ক্ষমা বিচৰাটোৰ কোনো ভিত্তি নাই৷ আদালতত কোনো বিচাৰকৰ হাততে ক্ষমাদান কৰাৰ অধিকাৰ নাথাকে৷ ক্ষমাদান কৰাৰ অধিকাৰ অকল ৰাষ্ট্ৰপতিৰহে থাকে৷ ক্ষমা খোজক বা নোখোজক, যদি আইন অনুসৰি ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা আছে তেনেহ’লে আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব৷’

ভিন্ন দল-সংগঠন, ব্যক্তিবিশেষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। দিছপুৰ থানাতো বিধায়কজনৰ বিৰুদ্ধে ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ লোকজনে দাখিল কৰিছিল এখন এজাহাৰ। এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে আৰু সেই গোচৰৰ ভিত্তিতে বহু বিতৰ্কিত কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মোল্লাক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে৷ বৰ্তমান গুৱাহাটীৰ পূব আৰক্ষী জিলাৰ ডি চি পিৰ কাৰ্যালয়ত আৰক্ষীয়ে বিধায়কগৰাকীক অব্যাহত ৰাখিছে সোধা-পোছা।

ইপিনে, মন্দিৰৰ পূজাৰী, সাধু, নামঘৰীয়াৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা আফতাবুদ্দিন মোল্লাক মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও একেধৰণৰ অভিযোগত অভিযুক্ত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে থানাই থানাই ৰুজু কৰা অসংখ্য গোচৰৰ কথা অসম চৰকাৰে কাৰ্যতঃ পাহৰি পেলোৱাৰ অভিযোগ উঠিছে৷