Logo
image

মেডিকেল কলেজ, জিলা চিকিৎসালয়লৈ ৰক্তদান বাহন

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৮ নৱেম্বৰঃ ৰাজ্যত স্বেচ্ছামূলক ৰক্তদান অভিযান অধিক তীব্ৰ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰস্থিত জনতা ভৱনৰ চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত ৫ খন ভ্ৰাম্যমাণ ৰক্তদান বাহনৰ ফ্লেগ অফ কৰে৷ উল্লেখ্য, ২০২২-২৩বৰ্ষত অসম ৰাজ্যিক ৰক্ত সংচৰণ পৰিষদে  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু অসম চৰকাৰৰ পৰা লাভ কৰা ৪.৩৪কোটি টকাৰে এই ৫ খন বাহন ক্ৰয় কৰিছে৷ এই পুঁজিৰ ২.২৭কোটি টকা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে আৰু ২.০৭কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়াইছে৷ নতুনকৈ ক্ৰয় কৰা এই বাহনকেইখন বি টি এ ডিৰ কোক্‌ৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, কাছাৰ জিলাৰ এছ এম দেৱ অসামৰিক চিকিৎসালয়, দৰং জিলাৰ মঙলদৈ অসামৰিক চিকিৎসালয় আৰু শিৱসাগৰ জিলাৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰখা হ’ব৷ এই বাহনসমূহৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ দূৰ-দূৰণিৰ অঞ্চললৈ গৈ স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা যাতে দুৰ্গম অঞ্চলৰ ৰাইজে ৰক্তদান কৰিব পাৰে আৰু ৰাজ্যখনে ১০০শতাংশ স্বেচ্ছামূলক ৰক্তদানৰ লক্ষ্যত উপনীত হ’ব পাৰে৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ২০১৯আৰু ২০২০ বৰ্ষত ১১খন ভ্ৰাম্যমাণ ৰক্তদান বাহন ক্ৰয় কৰিছে৷ এই বাহনসমূহে স্বেচ্ছামূলক ৰক্তদানক উদগণি যোগাইছে৷ আজি নতুনকৈ সংযোজিত হোৱা বাহনকেইখনে স্বেচ্ছামূলক ৰক্তদানক অধিক উদগণি যোগাব বুলি আশা প্ৰকাশ কৰি তেওঁ কয় যে ইয়াৰ ফলত চিকিৎসালয়সমূহলৈ অহা দুখীয়া ৰোগীসকললৈ জৰুৰী প্ৰয়োজনত ৰক্ত প্ৰদানত যথেষ্ট সহায়ক হ’ব৷ ৰাজ্যৰ ব্লাড বেংকসমূহে এই বাহনসমূহৰ জৰিয়তে ক’ভিড মহামাৰীৰ সময়ছোৱাত ১০,৮৮৬ ইউনিট ৰক্ত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষতে পুনৰ এইধৰণৰ প্ত খন ভ্ৰাম্যমাণ ৰক্তদান বাহন ক্ৰয় কৰা হ’ব বুলি ঘোষণা কৰে৷ তদুপৰি, ৰাজ্যৰ সকলো জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়লৈ এনে বাহন প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে৷ আজিৰ অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, স্বাস্থ্য বিভাগৰ সচিব বৰ্ণালী শৰ্মা, আয়ুষৰ সঞ্চালক ইন্দ্ৰানুসী দাসকে ধৰি কেইবাজনো গণ্য-মান্য ব্যক্তি তথা শীৰ্ষ বিষয়া উপস্থিত থাকে৷