Logo
image

হঠাৎ অসুস্থ জুবিন গাৰ্গঃ ষ্টুডিঅ'ত কাম কৰি থাকোতে ঢলি পৰি আঘাতপ্ৰাপ্ত

ডিজিটেল ডেস্কঃ মংগলবাৰে নিশা ষ্টুডিঅ'ত কাম কৰি থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰে  জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। তাৰপাছতে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় কণ্ঠশিল্পীজনক।নেমকেয়াৰ হাস্পতালৰ জৰুকালীন কক্ষত চিকিৎসাধীন অৱস্থাত আছে জুবিন গাৰ্গ। বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আছে জুবিন।নেমকেয়াৰ হাস্পতালৰ সঞ্চালক  হীতেশ বৰুৱাই জনোৱা মতে মজিয়াত ঢলি পৰা বাবে হাত আৰু ভৰিত আঘাত পায় জুবিন গাৰ্গে । বিপি, ব্লাড টেষ্ট, ইচিজি, চিটি স্কেন আদি কেইবাটাও টেষ্ট কৰা হৈছে জুবিনৰ।  উল্লেখ্য যে,ৰিপোৰ্ট পোৱাৰ পাছতহে গম পোৱা যাব স্বাস্থ্যৰ অধিক তথ্য।