Logo
image

অসমৰ ক্ৰীড়া বিজ্ঞানীয়ে উদ্ভাৱন কৰা টাইমাৰলৈ পেটেণ্ট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ নৱেম্বৰঃ স্প্ৰিণ্ট কুইন হিচাপে পৰিচিত দেশৰ দৌৰৰাণী পি টি ঊষাই ১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিকত ৪০০ মিটাৰ হাৰ্ডলছত ঘড়ীৰ কাটাত এক ছেকেণ্ডৰ এশ ভাগৰ এভাগৰ হেৰফেৰ হোৱাৰ বাবে ব্ৰঞ্জৰ পদক হেৰুৱাবলগীয়া হৈছিল৷ সেই সময়ত এথলেটিক্‌ছ ট্ৰেকৰ টাইম কিপিং ডিভাইচক লৈ প্ৰশ্ন উত্থাপন হৈছিল যদিও এইবাৰ অসমৰ এজন বিজ্ঞানীৰ উদ্ভাৱনীমূলক প্লিট স্প্ৰিণ্ট টাইমাৰে বিশ্বৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে৷ বিশ্বৰ প্ৰায় সকলো ক্ৰীড়া প্ৰতিযোগিতাৰ ইভেণ্টতে ছুইজালেণ্ডৰ ওমেগা, টিছট আদি ব্ৰেণ্ডৰ ঘড়ী টাইম কিপাৰ ডিভাইচ হিচাপে ব্যৱহৃত হৈ আহিছে যদিও অধিকাংশ খেলতে প্লিট স্প্ৰিণ্ট টাইমিঙৰ নিখুঁততাক লৈ প্ৰায়ে বিতৰ্কৰ সৃষ্টি হৈ আহিছে৷ বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰখনত সৃষ্টি হোৱা এনে বিতৰ্কৰ অৱসান ঘটোৱাৰ বাবে অসমৰ এজন ক্ৰীড়া বিজ্ঞানী তথা অধ্যাপককে ধৰি আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ মুঠ ৪ অধ্যাপকে উদ্ভাৱন কৰিছে প্লিট স্প্ৰিণ্ট টাইমাৰ৷ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা বিভাগৰ অধ্যাপক তথা অসম সন্তান ড॰ ইক্ৰাম হুছেইন, অধ্যাপক বিজ্ঞানী ডঃ ফুজেইল আহমেদ আৰু এ আনন্দ আগৰৱালাই বিশ্ববিদ্যালয়খনৰ ইলেক্টªনিক বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ইক্ৰাম খানৰ তত্ত্বাৱধানত সাজি উলিওৱা  'প্লিট স্প্ৰিণ্ট টাইমাৰ’ যন্ত্ৰই শেহতীয়াকৈ বিগত ৪ অক্টোবৰত ভাৰত চৰকাৰৰ পৰা পেটেণ্ট লাভ কৰিবলৈ সক্ষম হৈছে৷ উদ্ভাৱনী টাইমাৰ যন্ত্ৰটোৱে পেটেণ্ট লাভ কৰাত বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰলৈ অচিৰেই পৰিৱৰ্তন অনাৰ আশা কৰা হৈছে৷ প্লিট  প্লিট স্প্ৰিণ্ট টাইমাৰ হৈছে খেলুৱৈসকলে দৌৰ সম্পূৰ্ণ কৰিবলৈ লোৱা সময় সঠিকভাৱে জুখিব পৰাকৈ ডিজাইন কৰা এটা যন্ত্ৰ৷ যিয়ে ট্ৰেক এণ্ড ফিল্ড, হকী, আমেৰিকান ফুটবল, আৰু হেণ্ডবলৰ দৰে খেলত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ প্ৰশিক্ষক আৰু খেলুৱৈসকলে এই ডিভাইচটো ব্যৱহাৰ কৰি স্প্ৰিণ্টৰ প্ৰতিটো পৰ্যায়ত প্ৰয়োজনীয় সময় সঠিকভাৱে জুখিব পাৰে, যাৰ ফলত স্প্ৰিণ্টৰ প্ৰদৰ্শনত লক্ষ্য নিৰ্ধাৰণ কৰাত সুবিধা হয়৷ এই উদ্ভাৱনে কেৱল এথলেটিকছ ট্ৰেকতেই নহয়, সাঁতোৰ, হকী, ক্ৰিকেট, ফুটবল, ৰাগবী, হেণ্ডবল আদি ক্ৰীড়াটো প্ৰদৰ্শন উন্নত কৰাত সহায়ক হ’ব বুলি আশা কৰা হৈছে৷ এই যন্ত্ৰই সম্পূৰ্ণ নিখুঁততাৰে এক চেকেণ্ডৰ এক শতাংশও ৰেকৰ্ড কৰিব পাৰে৷ উল্লেখ্য, উদ্ভাৱক ড॰ ইক্ৰাম হুছেইনৰ ঘৰ হৈছে অসমৰ দৰং জিলাৰ ডুমুনিচৌকীত৷ তেওঁ গোৱালপাৰাৰ সৈনিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে যদিও পাছলৈ গোৱালিয়ৰৰ লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচনত বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে৷ এই উদ্ভাৱনী যন্ত্ৰটো ৫০০ ৰ পৰা ৭০০ টকাৰ ভিতৰত কম খৰচত বজাৰলৈ আহিব আৰু ই লঘু তথা সহজে বহনযোগ্য৷ ইয়াৰ দ্বাৰা বিভিন্ন খেলৰ হাজাৰ হাজাৰ প্ৰশিক্ষক আৰু খেলুৱৈ উপকৃত হ’ব পাৰিব৷