Logo
image

কয়লাক লৈ কুৰুক্ষেত্ৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ নৱেম্বৰঃ  শাসকীয় বিজেপি দলৰ দুই বিধায়কৰ কয়লা ছিণ্ডিকেটক লৈ হোৱা কুৰুক্ষেত্ৰই দক্ষিণৰ চিনেমাৰ কাহিনীৰ দৰে ৰূপ লৈছে৷ শক্তি প্ৰদৰ্শন কৰি কয়লা ছিণ্ডিকেটৰ ট্ৰাক বাধাহীনভাৱে পাৰ কৰোৱাৰ বাবে ৰাজপথত এইবাৰ নামিল স্বয়ং শাসক দলৰ বিধায়ক৷ প্ৰায় ৫০খন বাহনেৰে বিশাল এছক’ৰ্টক সন্মুখৰ পৰা নিজেই নেতৃত্ব দি মাৰ্ঘেৰিটাৰ বহু বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাই ডিগবৈ সমষ্টিৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মঙলবাৰে নিশা শ শ অবৈধ কয়লাভৰ্তি ট্ৰাক পাৰ কৰোৱাই নিয়ে৷ মাফিয়াৰ কায়দাৰে এজন জনপ্ৰতিনিধিয়ে গুণ্ডাবাহিনীক লগত লৈ কয়লাভৰ্তি ট্ৰাকৰ আগে পিছে ৰাজপথত লং মাৰ্চ কৰা কাৰ্যই স্বাভাৱিকতেই এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগৰ অস্তিত্বক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ কেৱল ইমানেই নহয়, বিধায়ক ভাস্কৰ শৰ্মাই মঙলবাৰে নিশা ডিগবৈৰ ৰাজপথত বাহুবল আৰু অস্ত্ৰবল প্ৰদৰ্শন কৰিবলৈ নিজৰ চৰকাৰী দেহৰক্ষীকো ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ অৰ্থাৎ আৰক্ষী সঞ্চালকপ্ৰধানে সকীয়াই অহাৰ পাছতো দুশ বছৰীয়া ইতিহাস থকা অসম আৰক্ষীৰ পি এছ অ’কো বিতৰ্কিত বিধায়কজনে কয়লা ছিণ্ডিকেটত নিজৰ শক্তি প্ৰদৰ্শনত ব্যৱহাৰ কৰিব নেৰিলে৷ এনে যুযুধান স্থিতিত কয়লা ছিণ্ডিকেটক লৈ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ মাজত আৰম্ভ হোৱা এই সংঘাতে যিকোনো মুহূৰ্ততে উজনিত আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্ণ আশংকা উজনিত দেখা দিছে৷ হয়টো মঙলবাৰে নিশা কয়লা ট্ৰাকক এছক’ৰ্ট দিয়া বিধায়ক ভাস্কৰ শৰ্মাৰ অস্ত্ৰধাৰী বাহিনীক যদিহে ডিগবৈৰ বিধায়ক সুৰেন ফুকন বাহিনীয়ে বাধা দিয়াহেঁতেন, তেনেহ’লে অসমৰ ইতিহাসত নজিৰ সৃষ্টি কৰি ৰক্তাক্ত সংঘৰ্ষ হোৱাৰ ১০০ শতাংশই আশংকা আছিল৷ উল্লেখ্য, বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতাত কয়লা মাফিয়া গোবিন ছেত্ৰী বাহিনীয়ে লিডুৰ পৰা প্ৰেৰণ কৰা অবৈধ কয়লাভৰ্তি বহুসংখ্যক ট্ৰাকক দেওবাৰে নিশা ডিগবৈ সমষ্টিৰ বিজেপি বিধায়ক সুৰেন ফুকনৰ ভেৰোণীয়া গুণ্ডাবাহিনীয়ে ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত বাধা প্ৰদান কৰি পুনৰ লিডুৰ দিশে ঘূৰাই পঠিয়াইছিল৷ আনকি বিধায়ক ফুকনৰ গুণ্ডাবাহিনীয়ে কয়লা কঢ়িওৱা ট্ৰাকৰ চালক-হেণ্ডিমেনক মাৰপিটতো লিপ্ত হৈছিল৷ কয়লাৰ প্ৰায় ১৮ কোটি টকাৰ পূৰ্বৰ অনাদায় কমিচন লাভ নকৰাৰ বাবেই ডিগবৈ সমষ্টিৰ বিধায়কজনৰ নিৰ্দেশত দেওবাৰৰ ঘটনাটো সংঘটিত হোৱা বুলি খোদ আৰক্ষী সূত্ৰই দাবী কৰিছিল৷ আৰক্ষীৰ দাবী মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেটৰ একছত্ৰী-স্বয়ম্ভূ সম্ৰাট বিধায়ক ভাস্কৰ শৰ্মাই মাফিয়া বি গণেশৰ পৰা লিডুৰ এণ্ট্ৰি কৰ্তন কৰি গোবিন ছেত্ৰীৰ জৰিয়তে বিভিন্ন স্থানলৈ অবৈধ কয়লা সৰবৰাহৰ ব্যৱস্থা কৰিছিল৷ অৱশ্যে দেওবাৰে নিশা ডিগবৈৰ ৰাজপথত সুৰেন ফুকন বাহিনীয়ে কয়লা পৰিবাহী ট্ৰাকক বাধা দিয়াৰ পাছত সোমবাৰে বিভিন্ন উপ-পথেৰে দুলীয়াজান হৈ গুৱাহাটী অভিমুখে আবদ্ধ কয়লাভৰ্তি ট্ৰাকসমূহ প্ৰেৰণৰ ব্যৱস্থা কৰিছিল যদিও মঙলবাৰে নিশা বিধায়ক ভাস্কৰ শৰ্মাই দক্ষিণৰ চিনেমাৰ ভিলেইনৰ আৰ্হিত নিজেই চোৰাং কয়লাভৰ্তি ট্ৰাকক এছক’ৰ্ট দিয়াৰ বাবে ৰাজপথত নামি পৰে৷ দেওবাৰে নিশা ডিগবৈৰ যিটো স্থানত বিধায়ক সুৰেন ফুকনৰ গুণ্ডাবাহিনীয়ে কয়লা ট্ৰাকক বাধা প্ৰদান কৰিছিল, ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ উক্ত আনন্দবাগ অঞ্চলত আগে-পিছে চৰকাৰী পিএছঅ’ আৰু অস্ত্ৰধাৰী গুণ্ডাবাহিনীক লগত লৈ ভাস্কৰ শৰ্মাই কয়লাভৰ্তি ট্ৰাকসমূহক কোনো বাধা নোহোৱাকৈ পাৰ কৰোৱায়৷ স্বাভাৱিকতেই এজন বিধায়কে বাহুৱলীৰ ষ্টাইলত ৰাজপথত কয়লা ছিণ্ডিকেটক নেতৃত্ব দিয়াত অসম আৰক্ষীৰ অস্তিত্বক লৈয়ো সন্দেহৰ সৃষ্টি হৈছে৷ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি দেখিলে বাঘৰ দৰে জঁপিয়াম বুলি হুংকাৰ দিছিল যদিও কয়লা ছিণ্ডিকেটৰ বিষয়টোত ৰহস্যজনক স্থিতিক লৈয়ো সাধাৰণ ৰাইজৰ মনতো প্ৰশ্নৰ উদয় হৈছে৷ ইফালে, ডিগবৈ সমষ্টিত ৰাজপথত নিশা মাৰ্ঘেৰিটাৰ বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাই বীৰত্ব প্ৰদৰ্শন কৰাৰ পাছতেই এইবাৰ মুখ খুলিছে ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনে৷ অৱশ্যে দলীয় সাংগঠনিক কামত দুদিন কোক্‌ৰাঝাৰত থকা বুলি দাবী কৰি কয়লা ছিণ্ডিকেটৰ ট্ৰাকক বাধা দিয়া কাৰ্যত তেওঁ জড়িত নাই বুলিও সদৰী কৰিছে৷ ছিণ্ডিকেটৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰি বিধায়ক সুৰেন ফুকনে তেওঁ বিধায়ক হৈ থকালৈকে ডিগবৈ সমষ্টিৰ মাজেৰে অবৈধ কাৰ্যকলাপ হ’ব নিদিও বুলিও হুংকাৰ দিছে৷ এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত বিধায়ক সুৰেন ফুকনে কয় এইদৰে– ‘দুদিন ধৰি মই কোক্‌ৰাঝাৰত আছোঁ৷ ছিণ্ডিকেটৰ কমিচনৰ ভাগ-বাটোৱাৰাক লৈ সংবাদ মাধ্যমত মোৰ বিৰুদ্ধে বাতৰি প্ৰকাশ হোৱা দৃষ্টিগোচৰ হৈছে৷ কিন্তু মই কোনো ছিণ্ডিকেটত জড়িত নাই আৰু মোৰ কোনো ল’ৰায়ো কয়লা ট্ৰাকক বাধা দিয়া নাই৷ ২০১৬ চনত বিধায়ক হোৱাৰ পাছৰে পৰা মই প্ৰতিবছৰে অবৈধ কয়লাভৰ্তি ট্ৰাক জব্দ কৰি আৰক্ষীক গতাইহে দিছোঁ৷ ছিণ্ডিকেটৰ বিৰুদ্ধে মই সদায় মাত মাতিহে আহিছোঁ৷ মই সমষ্টিৰ স্থানীয় খিলঞ্জীয়া কিছু ল’ৰাই কয়লা ট্ৰাক ৰখোৱা বুলি শুনা পাইছোঁ৷ যদিহে খিলঞ্জীয়া লোকে কৰা কামক কোনোবাই বাধা দিছে, তেনেহ’লে মই ভাবো খিলঞ্জীয়া ল’ৰাবোৰক সকলোৱে সহযোগ কৰিব লাগে৷ মই স্পষ্টভাৱে কওঁ যে মই ছিণ্ডিকেটত জড়িত নাই৷ বিধায়ক ভাস্কৰ শৰ্মাই মোৰ সমষ্টিত অহা বুলিও মই শুনাহে পাইছোঁ৷ কিন্তু মোৰ স্পষ্ট কথা– মই ডিগবৈ সমষ্টিৰ বিধায়ক হৈ থকালৈকে মোৰ সমষ্টিৰ ভিতৰেৰে কোনো অবৈধ কাম হ’বলৈ নিদিওঁ৷’ ইফালে, বিধায়ক সুৰেন ফুকনে সামাজিক মাধ্যমৰ যোগেদিও এই বিষয়টোত স্থিতি স্পষ্ট কৰি লিখিছে এইদৰে– ‘যোৱা দুদিন ধৰি অসমৰ বিভিন্ন সংবাদ মাধ্যমত অবৈধ কয়লা পৰিবাহী গাড়ীৰ পৰা কমিছন নোপোৱাৰ বাবে মই ঘূৰাই পথোৱা বুলি এক বাতৰি প্ৰকাশ হৈ থকা মোৰ দৃষ্টিগোচৰ হৈছে৷ উক্ত বাতৰিৰ প্ৰসংগত মই জনাব বিচাৰো যে মই কোনো কয়লাৰ গাড়ী বা আন কোনো ছিণ্ডিকেটৰ গাড়ী ঘূৰাই পঠিওৱা নাই৷ আজিলৈকে কোনো চিণ্ডিকেট বা তেনে কৰ্মৰ লগত মোৰ নাম কেতিয়াও সাঙোৰ খোৱা নাই৷ বিগত সময়ত মই ৰাইজৰ কাষত থাকি পাৰ্যমানে সমষ্টিবাসীৰ উন্নয়নৰ কামতহে ব্যস্ত আছো৷ ২০১৭-২০১৮ আৰু ২০১৯ বৰ্ষত মই ৰাইজৰ অভিযোগৰ ভিত্তিত ৰাইজৰ লগত থাকি বহু কয়লা ভৰ্তি গাড়ী আবদ্ধ কৰি ডিগবৈ আৰক্ষীক গতাই দিছিলোঁ৷ এতিয়াও ইয়াৰ কেচ নম্বৰ ডিগবৈ থানাত বিচাৰিলে লাভ কৰিব৷ অবৈধ কয়লা পৰিবহণ কৰাৰ সময়ত সমষ্টিৰ কোনো খিলঞ্জীয়া যুৱকে যদি বাধা দিছে সেই অবৈধ কয়লা গাড়ী বাধা দিয়া যুৱক সকললৈ মোৰ সমৰ্থন আছে৷ সকলো ধৰণৰ ছিণ্ডিকেটৰ বিৰুদ্ধে মই সদায় বিৰোধ কৰি আহিছো৷ কাৰণ আমাৰ চৰকাৰে কেতিয়াও নিবিচাৰে ৰাজহ ফাঁকিৰে এই ব্যৱসায় চলাটো৷