Logo
image

আৰক্ষীৰ চৰম ব্যৰ্থতা! মুকলি আকাশৰ তললৈ বন্দনা কলিতা

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ তদন্তত পুনৰ আৰক্ষীৰ চৰম ব্যৰ্থতা। গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতাই লাভ কৰিলে জামিন। কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত নুনমাটি ডাবল মাৰ্ডাৰৰ  মূল অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰা হৈছে। অৱশ্যে, কিছুমান চৰ্ত সাপেক্ষে আদালতে বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰিছে। এই চৰ্ত সাপেক্ষে আদালতৰ অনুমতি অবিহনে বন্দনাই গৃহ জিলা এৰি কোনো ঠাইলৈ যাব নোৱাৰিব। সপ্তাহত দুটাকৈ দিনত আহি তেওঁ নুুনমাটী আৰক্ষী থানাত হাজিৰ হ'ব লাগিব।

 ২০২২ চনৰ জুলাই/আগষ্ট মাহত সংঘটিত হোৱা ডাবল মাৰ্ডাৰৰ ঘটনা পোহৰলৈ অহাৰ পাছতে অসম আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি এই হত্যাকাণ্ডৰ সকলো তথ্য পোহৰলৈ আনিছিল। শ্বিলং- চেৰাপুঞ্জী পথৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰিছিল বন্দনা কলিতাৰ  স্বামী অমৰজ্যোতি দে' আৰু শাহু শংকৰী দে'ৰ মৃতদেহৰ ভিন্ন টুকুৰা।  লগতে উদ্ধাৰ কৰিছিল হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা, কাপোৰ তথা অন্যান্য সামগ্ৰী।  বন্দনা কলিতাই সংঘটিত কৰা এই হত্যাকাণ্ডৰ অন্যতম সহযোগী আছিল তেওঁৰ প্ৰেমিক ধনটি ডেকা আৰু অৰূপ ডেকা। কিছুদিন পূৰ্বে বন্দনাৰ সহযোগী অৰূপ ডেকাই জামিন লাভ কৰিছিল।  ইয়াৰ পাছতে শুকুৰবাৰে বন্দনা কলিতাৰ সৈতে ধনটি ডেকায়ো জামিন লাভ কৰিছে।

উল্লেখ্য যে, এই চাঞ্চল্যকৰ হত্যা কাণ্ড সংঘটিত কৰিও এইদৰে জামিন লাভৰ আঁৰত অসম আৰক্ষীৰ চৰম ব্যৰ্থতা বুলি জানিব পৰা গৈছে। কিয়নো বন্দনা কলিতাৰ বিৰুদ্ধে তদন্তকাৰী বিষয়াই শক্তিশালী চাৰ্জশ্বিট দাখিলত ব্যৰ্থ হৈছে।