Logo
image

দীপাৱলী সমাগত ৰাজ্যজুৰি চলিছে প্ৰস্তুতি

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১০ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলী সমাগত৷ দীপাৱলী আৰু কালীপূজা পালনৰ বাবে এতিয়া ৰাজ্যজুৰি প্ৰস্তুতি তুংগত উঠিছে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালী পূজা আৰু দীপাৱলী পালনৰ বাবে ৰাজ্যবাসী সাজু হৈ উঠিছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো কালী পূজা আৰু দীপাৱলী পালনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ এইবোৰো দেশৰ বৰ্ধিত প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি তথা প্ৰদূষণ সৃষ্টিকাৰী ফটকা-আতচবাজী বিক্ৰী, ব্যৱহাৰত  উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছে৷ এই নিষেধাজ্ঞাৰ পাছতে অসমতো গ্ৰীণ ক্ৰেকাৰ্ছ অৰ্থাৎ সেউজ আতচবাজী ব্যৱহাৰত অনুমোদন জনাইছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে৷ সেই অনুসৰি এইবাৰ দেৱালীত মাত্ৰ দুঘণ্টাৰ বাবেহে ৰাজ্যবাসীয়ে গ্ৰীণ ক্ৰেকাৰ্ছ ফুটাব পাৰিব৷ তদুপৰি পোহৰৰ উৎসৱ দীপাৱলীত গুৱাহাটী মহানগৰীত শব্দ তথা বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ পৰিষদে পূৰ্বৰ দৰে এইবাৰো দেৱালীৰ আগে পিছে শব্দ আৰু বায়ুৰ মান পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে মহানগৰীত অতিৰিক্তভাৱে তিনিটা নিৰীক্ষণ কেন্দ্ৰ বৃদ্ধি কৰিছে৷ খানাপাৰা, পাণ্ডু মহাবিদ্যালয় আৰু আই টি আই কেন্দ্ৰত শব্দৰ মান নিৰীক্ষণ কৰা হ’ব৷ ১৯ নৱেম্বৰলৈকে এইকেইটা কেন্দ্ৰত বায়ুৰ গুণগত মান পৰীক্ষা কৰা হ’ব৷ কালী পূজা আৰু দীপাৱলী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ বজাৰসমূহ মাটিৰ চাকি, কালী পূজাৰ প্ৰয়োজনীয় সামগ্ৰীৰে ভৰি পৰিছে৷ মাটিৰ চাকিৰ সমান্তৰালকৈ বিভিন্ন দেশী-বিদেশী বৈদ্যুতিক লাইটৰে বজাৰ ভৰি পৰিছে৷ গুৱাহাটীৰ বাণিজ্যৰ কেন্দ্ৰ ফাঁচি বজাৰত এতিয়া দেশী-বিদেশী বৈদ্যুতিক লাইট, ৰং বিৰঙী মাটি চাকিৰ সমাহাৰ ঘটিছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শ্বপিং মল, ব্যক্তিগত ঘৰসমূহো দীপাৱলী উপলক্ষে নকৈ সজাই পৰাই তোলা হৈছে৷ ইফালে গুৱাহাটীৰ মিঠাই দোকান সমূহো দীপান্বিতা-কালী পূজা উপলক্ষে বিভিন্ন সুস্বাদু মিঠাইৰে ভৰি পৰিছে৷ গুৱাহাটীৰ বৰাচাৰ্ভিছৰ মাখন ভোগত ‘য়ে দীপাৱলী, মাখান ভোগ ৱালি’ থিমেৰে মিঠাই, ড্ৰাই ফ্ৰুটছ, চকলেট আৰু কুকিজৰ নতুন কালেকচনৰ লগতে আকৰ্ষণীয় গিফ্‌ট হেম্পাৰৰ ব্যৱস্থা কৰিছে৷ সেইদৰে মহানগৰীৰ জেবিজ, আনন্দ জলপান আদিতো দীপাৱলী উপলক্ষে সু-স্বাদু মিঠাই ক্ৰেতাৰ বাবে ব্যৱস্থা কৰিছে৷ এইবাৰ ১২ নৱেম্বৰত কালী পূজা আৰু ১৩ নৱেম্বৰত দীপাৱলী পালনৰ বাবে ৰাজ্যবাসীয়ে নিজৰ সাধ্যনুসৰি সাজু হৈছে৷ অৱশ্যে ৰাজ্যবাসীয়ে সেউজ দীপাৱলী পালনত কেনেদৰে গুৰুত্ব দিব সেয়া লক্ষণীয় হ’ব৷

বঙাইগাঁও জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধিঃ পোহৰৰ উৎসৱ দীপাৱলী সমাগত৷ এই দীপাৱলী উৎসৱ বঙাইগাঁও জিলাত নিৰাপদে উদ্‌যাপন কৰাৰ বাবে জিলা প্ৰশাসনে কিছুমান ব্যৱস্থা হাতত লৈছে৷ জিলাখনৰ জনসাধাৰণে যাতে কোনো অবাঞ্চিত ঘটনা সংঘটিত নোহোৱাকৈ দীপাৱলী উদ্‌যাপন কৰিব পাৰে তাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে দীপাৱলীৰ পূৰ্বে আৰু দীপাৱলী উদ্‌যাপনৰ সময়ছোৱাত কাৰ্যকৰী কৰিবলগীয়া কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে৷ উক্ত ব্যৱস্থা অনুসৰি দীপাৱলীৰ পূৰ্বে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধকে ফটকা তৈয়াৰ কৰা উদ্যোগসমূহৰ উৎপাদন, মজুত আৰু বিতৰণ ব্যৱস্থা ভালদৰে পৰিদৰ্শন কৰিব৷ লগতে ফটকা তৈয়াৰ কৰা উদ্যোগৰ কৰ্মচাৰী আৰু উদ্যোগৰ আশে-পাশে বাসকৰা লোক আৰু উদ্যোগৰ চাৰিওফালৰ পৰিৱেশ ভালদৰে পৰিদৰ্শন কৰিব৷ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধকে সংশ্লিষ্ট চক্ৰ বিষয়া, যোগান বিভাগৰ বিষয়া, পৰিৱেশ আৰু বন বিভাগৰ বিষয়া আৰু পৌৰসভাৰ বিষয়ববীয়া সমন্বিতে গৈ ফটকাৰ পায়কাৰী বিক্ৰেতাসকলে কেনেদৰে ফটকাসমূহ মজুত কৰি ৰাখিছে সেয়া পৰিদৰ্শন কৰিব৷  বঙাইগাঁৱত থকা এ পি ডি চি এলৰ মহাপ্ৰবন্ধকে বৃহৎ ফটকা কাৰখানা থকা ঠাইৰ ওচৰতে থকা ট্ৰেন্সফৰ্মাৰ, বিদু্যত সৰবৰাহ কৰা লাইন আৰু আন আন আন্তঃগাঁথনিসমূহ ঠিকে-ঠাকে আছে নে নাই পৰিদৰ্শন কৰিব৷ আৰক্ষী আৰু পৰিবহণ বিভাগে সুৰাপায়ী গাড়ীচালক বা অতিমাত্ৰা বেগত গাড়ী চলোৱা আদি ৰোধ কৰিবলৈ দল গঠন কৰি ঠায়ে ঠায়ে অভিযান চলাব৷ বঙাইগাঁওস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচন বিষয়াই অগ্নিনিৰ্বাপক সামগ্ৰী সাজু কৰি ৰাখিব আৰু লগতে অভয়াপুৰী আৰু যোগীঘোপাস্থিত অগ্নিনিৰ্বাপক কাৰ্যালয়কো সাজু থাকিবলৈ নিৰ্দেশনা দিব৷ অগ্নিনিৰ্বাপক আৰু আপাতকালীন সেৱা বিভাগে দীপাৱলীৰ সময়ছোৱাত জনসমাগম হোৱা ঠাই, ধৰ্মীয় স্থান আৰু অন্যান্য স্থান অগ্নিৰ পৰা সুৰক্ষিত কৰি ৰাখিবৰ বাবে পৰিদৰ্শন কৰিব৷ স্বাস্থ্য বিভাগে সম্ভাৱ্য জুয়ে পোৰা দুৰ্ঘটনাৰ বাবে চিকিৎসক, অন্যান্য চিকিৎসাকৰ্মী আৰু ঔষধেৰে সৈতে আছুতীয়া ৱাৰ্ড সাজু কৰি ৰাখিব৷ জিলা প্ৰশাসনে সংশ্লিষ্ট চক্ৰ বিষয়াৰ এলেকাত দণ্ডাধীশৰ জৰিয়তে আইন-শৃংখলা পৰিস্থিতি বজাই ৰাখিব৷ জিলা তথ্য আৰু জনসংযোগ বিষয়াই সেউজীয়া ফটকা ব্যৱহাৰ কৰি বায়ু আৰু শব্দ প্ৰদূষণ হ্ৰাস কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাব৷ চক্ৰ বিষয়াই আপদা মিত্ৰসকলৰ জৰিয়তে জনসাধাৰণক দীপাৱলী সুৰক্ষিতভাৱে পালন কৰাৰ বাবে সজাগ কৰিব৷ যোগান বিভাগে কোনো পেট্ৰ’ল পাম্পত বা তাৰ আশে-পাশে যাতে ফটকা নুফুটাই তাৰ বাবে মালিকসকলক নিৰ্দেশনা দিব৷  উল্লেখ্য, দীপাৱলীৰ সময়ছোৱাত জৰুৰী প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰাকৈ কেইটামান দূৰভাষ নম্বৰ আৰু বিনামূলীয়া ফোন নম্বৰ প্ৰশাসনে ঘোষণা কৰিছে৷ জৰুৰী সেৱাৰ মোৱাইল নম্বৰ হৈছে ৭০৮৬৭৯৩৫০৭, দূৰভাষ নম্বৰ হৈছে ০৩৬৬৪-২৩১১৭১, বিনামূলীয়া ফোন নম্বৰ হৈছে ১০৭৭ আৰু অগ্নিনিৰ্বাপক ষ্টেচনৰ ফোন নম্বৰ ০৩৬৬৪-২২৮৩৮১৷