Logo
image

দিল্লীৰ বিষাক্ত বায়ু বিশুদ্ধ কৰিলে এজাক বৰষুণে

ডিজিটেল ডেস্কঃ নতুন দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বৃহস্পতিবাৰে নিশাৰ ভিতৰত হোৱা বৰষুণ জাকে বাসিন্দাসকলক কিছু সকাহ দিছে। আম আদমি পাৰ্টী চৰকাৰে ৰাজধানী চহৰখনক কৃত্ৰিম বৰষুণেৰে প্ৰদূষণৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা কৰাৰ সময়তে  বৰষুণজাকে যেন নতুন প্ৰাণহে কঢ়িয়াই আনিলে দিল্লীলৈ। 

বিগত দুসপ্তাহ ধৰি দেশৰ ৰাজধানী দিল্লী আৰু এনচিআৰৰ [ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল] বায়ু প্ৰদূষণে মাৰাত্মক ৰূপ লয়৷ বতাহৰ গতি কম হোৱাৰ বাবে বায়ুৰ মানদণ্ড সূচক অতি দুৰ্বল শ্ৰেণীত উপনীত হয়। দিল্লীৰ কেতবোৰ এলেকাত বায়ুৰ মান ইমানেই নিম্নগামী হয় যে, ভাবিলেই বুকু কঁপি উঠাৰ দৰে হৈছে৷  তথ্য অনুসৰি নতুন দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত শুকুৰবাৰে পুৱা ৪ বজাৰ পিছত প্ৰদূষণ সৃষ্টিকাৰী কণিকা ‘পিএম ২.৫’ৰ মাত্ৰা যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ পাছতে একিউআই মাত্ৰা ৪০০ৰ পৰা ১০০ৰ তললৈ যোৱাত স্বস্তিৰ নিশ্বাস লৈছে দিল্লীবাসীয়ে।