Logo
image

বিধায়ক সুৰেনৰ বাধা নেওচি ভাস্কৰে পাৰ কৰালে শ শ কয়লা ট্ৰাক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ নৱেম্বৰঃ কয়লা ছিণ্ডিকেটত শাসক দলৰ বিধায়ক সুৰেন ফুকনৰ বাধা যেন অসাৰ প্ৰতিপন্ন হৈছে৷ বিধায়ক সুৰেন ফুকনে ডিগবৈৰ ৰাজপথেৰে অবৈধ কয়লা পৰিবাহী ট্ৰাকৰ চলাচলত বাধা প্ৰদান কৰিছিল যদিও সেই বাধা ওফৰাই প্ৰতি নিশাই এতিয়া বীৰদৰ্পে কয়লা ভৰ্তি ট্ৰাক পাৰ কৰাই নিছে মাৰ্ঘেৰিটাৰ বহু বিতৰ্কিত বিজেপি বিধায়ক ভাস্কৰ শৰ্মাই৷ মঙলবাৰে নিশা শাসক দলৰ বিধায়ক ভাস্কৰ শৰ্মাই চৰকাৰী দেহৰক্ষীক লগত লৈ অস্ত্ৰবল আৰু বাহুবল প্ৰদৰ্শন কৰি ভেৰোণীয়া গুণ্ডাবাহিনীক নেতৃত্ব দি ডিগবৈ ৰাজপথত এছক’ট দি এখন এখনকৈ পাৰ কৰোৱাইছিল অবৈধ কয়লা ভৰ্তি ট্ৰাক৷ সেই দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে৷ অথচ ইয়াৰ এদিন পূৰ্বে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ গুণ্ডাবাহিনীয়ে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত লিডুৰ পৰা বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতাত কয়লা মাফিয়া গোবিন চেত্ৰীয়ে প্ৰেৰণ কৰা অৰ্ধ শতাধিক ট্ৰাকক অহা বাটে ঘূৰাই পঠাইছিল৷ কয়লা ছিণ্ডিকেটৰ কমিচনক লৈ হোৱা এই সংঘাতে সংবাদ শিৰোনাম দখল কৰে যদিও ইয়াক লৈ কোনো কেৰেপ নকৰি উজনিৰ কয়লা ছিণ্ডিকেটত নাম সাঙুৰ খাই পৰা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই মঙলবাৰে নিশা নিজেই ডিগবৈৰ ৰাজপথত লং মাৰ্চ কৰি চোৰাং কয়লাৰ ট্ৰাক সমূহক পাৰ কৰোৱাইছিল৷ দক্ষিণ ভাৰতৰ চিনেমাৰ ভিলেইনৰ দৰেই বিধায়ক ভাস্কৰ শৰ্মাই ৰাজপথত শক্তি প্ৰদৰ্শন কৰাক কাৰ্যই স্মাৰ্ট অসম আৰক্ষীৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন হ’লেও এই লৈ ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে গৃহ বিভাগে৷ ইফালে শাসক দলৰ দুই বিধায়কে কয়লা ছিণ্ডিকেটক লৈ মুকলি সংঘাতত লিপ্ত হোৱাৰ পাছতো সততে অনুশাসনৰ কথা কোৱা বাজপেয়ী ভৱনো এতিয়া কমিচনৰ স্বাৰ্থতে মুখ বন্ধ কৰি ৰখা বুলিও বিৰোধীয়ে অভিযোগ কৰিছে৷ অৱশ্যে এই বিতৰ্কৰ পাছতো বুধ আৰু বৃহস্পতিবাৰ দুয়োটা দিনৰ নিশাই ডিগবৈ মাজেৰে বিধায়ক ভাস্কৰ শৰ্মা বাহিনীয়ে পাৰ কৰি পঠিয়াত প্ৰায় ৯০ খন কয়লা ট্ৰাক৷ ইফালে, নিজ দলৰে বিধায়কদ্বয়ৰ ছিণ্ডিকেটৰ কমিচনক লৈ হোৱা অৰিয়া-অৰিৰ খণ্ড যুদ্ধত এতিয়া ৰাজনৈতিক হস্তক্ষেপ বিচাৰিছে বাজপেয়ী ভৱনে৷ সেই সূত্ৰেই ভূপাল আৰু মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ সামৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই দুই সতীৰ্থ বিধায়ক ভাস্কৰ শৰ্মা আৰু সুৰেন ফুকনৰ সংঘাতত হস্তক্ষেপ কৰি মধ্যস্ততা কৰিব বুলিও বিধায়কৰ এটা ঘনিষ্ঠ সূত্ৰই দাবী কৰিছে৷