Logo
image

কৃত্ৰিম বুদ্ধি– এখন অজানা জগত

বুদ্ধিৰে কৰিব পৰা সকলো কাম কম্পিউটাৰে মানুহতকৈ দক্ষতাৰে আৰু নিৰ্ভুলভাৱে কৰিব পাৰে৷ কম্পিউটাৰে একোটা প্ৰগ্ৰেম বা ছফ্‌টৱেৰ ব্যৱহাৰ কৰিছিল৷ তাৰ পাছত মানুহে এলগৰিড্‌ম, মেচিন লাৰ্নিং আদি নতুন কথা শুনিলে৷ এতিয়া কৃত্ৰিম বুদ্ধিৰ কথা ওলাইছে৷ আৰু কৃত্ৰিম বুদ্ধিয়ে কি কৰিব পাৰে তাকে লৈ গুণা-গথা হওঁতে লাহে লাহে মানুহে পৰম বিস্ময়েৰে আৰু শংকাৰে লক্ষ্য কৰিছে যে কৃত্ৰিম বুদ্ধিয়ে মানুহে কৰা সকলো কাম কৰিব পাৰে৷ আনকি সংগীত ৰচনা কৰিব পাৰে, কাহিনী লিখিব পাৰে, ছবি আঁকিব পাৰে আৰু কবিতাও লিখিব পাৰে৷ 

চেতনা আৰু বুদ্ধি দুটা সুকীয়া বস্তু বা বিষয় বা ধাৰণা৷ বুদ্ধিৰে সমস্যা সমাধান কৰিব পাৰি৷ বুদ্ধিৰে মাটি চহ কৰি খেতি কৰিব পাৰি, হাবিত পহু চিকাৰ কৰিব পাৰি, চন্দ্ৰ অভিযান কৰিব পাৰি৷ যুদ্ধ কৰিব পাৰি৷ চেতনাৰে দুখ, কষ্ট, আনন্দ, বিষাদ, ঈৰ্ষা আদি অনুভৱ কৰিব পাৰি৷ জীৱৰহে চেতনা অছে, জড় বস্তুৰ চেতনা নাই৷ নিমিষতে কাম কৰি দিব পৰা কম্পিউটাৰটোৱে দুখ-কষ্ট অনুভৱ কৰিব নোৱাৰে৷ মানুহৰ বুদ্ধি আৰু চেতনা দুয়োটাই আছে৷ কৃত্ৰিম বুদ্ধিমত্তা থকা যন্ত্ৰৰ বুদ্ধি থাকিব, কিন্তু চেতনা নাথাকে৷ আমি দৈনন্দিন জীৱনত কৰা প্ৰায় সকলো কামৰ বাবে বুদ্ধিহে লাগে৷ ডাক্তৰ, অভিযন্তা, অধ্যাপক, প্ৰশাসনীয় বিষয়া, গাড়ীচালক, বিমানৰ পাইলট, কমাৰ, কুমাৰ, চমাৰ, সোণাৰি আদি কৰি যিমান বৃত্তি আছে, সেই সকলো কাম কৃত্ৰিম বুদ্ধিৰ যন্ত্ৰই মানুহতকৈ দক্ষতাৰে কৰিব পাৰে৷ গতিকে সন্দেহ উৎপন্ন হৈছে মানুহৰ কামবোৰ যদি যন্ত্ৰই কৰিবলৈ আৰম্ভ কৰে, তেনেহ’লে মানুহৰ প্ৰয়োজন নোহোৱা হ’ব নেকি? মানুহ অলাগতিয়াল হৈ পৰিব নেকি? হাস্পতালত যন্ত্ৰ ডাক্তৰবোৰে দুখ-ভাগৰ নলগাকৈ অনবৰত নিৰ্ভুলভাৱে কাম কৰি থাকিব৷ ইতিমধ্যে অস্ত্ৰোপচাৰ কৰাৰ বাবে ৰবট ব্যৱহাৰ হৈছেই৷ যন্ত্ৰ বনুৱাবোৰে উদ্যোগ-কাৰখানাত কোনো আপত্তি নকৰাকৈ অনবৰত কাম কৰি থাকিব৷ উদ্যোগৰ মালিকবোৰৰ, কৰ্প’ৰেটবোৰৰ বহু সমস্যা সমাধান হ’ব, যন্ত্ৰ অধ্যাপকসকলে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত পৃথিৱীৰ সমস্ত তথ্য নিমিষতে চালি-জাৰি ছাত্ৰ-ছাত্ৰীক উচ্ছমানৰ শিক্ষা দিব৷ মুঠতে অলেখ, সীমাহীন সম্ভাৱনা৷ পৃথিৱীখন চিনিব নোৱৰাকৈ সলনি হৈ যাব৷ 

কিন্তু কৃত্ৰিম বুদ্ধিয়ে কেৱল বুদ্ধিৰে কৰিব পৰা কামেই কৰা নাই৷ ই চেতনাৰে, অনুভৱ-অনুভূতিৰে কৰিব পৰা তথাকথিত ‘সৃষ্টিশীল’ কামো হেলাৰঙে কৰিছে৷ যেনে– সংগীত ৰচনা কৰা, কবিতা লিখা, ছবি অঁকা আদি৷ চেতনাহীন জড় কৃত্ৰিম বুদ্ধিয়ে এইবোৰ কাম কেনেকৈ কৰিছে? ডেভিড ক’প এজন লেখক আৰু প্ৰযুক্তিবিদ, তেওঁ কৃত্ৰিম বুদ্ধিৰ বিষয়ে বহুদিনৰ পৰা চিন্তা-চৰ্চা কৰি আছে৷ ২০১১ চনত তেওঁ Comes the Fiery Night নামেৰে এখন কবিতা পুথি প্ৰকাশ কৰিছিল৷ ইয়াত থকা হাইকু কবিতাবোৰৰ কিছুমান জাপানৰ হাইকু কবিসকলে লিখা আৰু আন কিছুমান ডেভিড ক’পৰ কম্পিউটাৰ প্ৰগ্ৰেমটোৱে লিখা৷ তেওঁ জনোৱা নাই, কোনটো কোনে লিখা৷ পাঠকে কবিতাবোৰ পঢ়ি সেইটো মানুহে নে যন্ত্ৰই লিখা সেই সন্দৰ্ভত নিজৰ মত ডেভিডলৈ ই-মেইলত পঠাব পাৰে আৰু ডেভিডে পাঠকজন ভুল নে শুদ্ধ জনাই উত্তৰ দিব৷ জড় কম্পিউটাৰ প্ৰগ্ৰেমে কেনেকৈ হাইকু কবিতা লিখিব পাৰে? সংগীত ৰচনা কেনেকৈ কৰিব পাৰে, ছবি কেনেকৈ আঁকিব পাৰে? এটা উত্তৰ হ’ল, আমাৰ আৱেগ, অনুভূতিবোৰ আচলতে একোটা এলগৰিড্‌ম৷ এই অনুভূতিবোৰ প্ৰকৃতিয়ে কোটি বছৰজোৰা ক্ৰমবিকাশৰ প্ৰক্ৰিয়াটোৰে সৃষ্টি কৰিছে৷ এই অনুভূতিবোৰেৰে মানুহে বা আন জন্তুৱে জীয়াই থকাৰ বাবে প্ৰতি মুহূৰ্ততে গ্ৰহণ কৰিব লগা সিদ্ধান্তসমূহ গ্ৰহণ কৰে৷ ভয় নামৰ অনুভূতিটোৱে আমাক পলাই যাবলৈ, আঁতৰি থাকিবলৈ সিদ্ধান্ত ল’বলৈ কয়, খং নামৰ অনুভূতিটোৱে আমাক সন্মুখীন হ’বলৈ, আক্ৰমণ কৰিবলৈ কয়৷ এনেদৰে প্ৰতিটো অনুভূতিয়ে আমাক একোটা সিদ্ধান্তত উপনীত কৰায়৷ অনুভূতিবোৰেৰে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ, সিদ্ধান্ত লওঁ৷ এই অনুভূতিসমূহৰ আঁৰত জটিল জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া একোটা থাকে৷ 

কম্পিউটাৰ প্ৰগ্ৰেমসমূহো একোটা এলগৰিড্‌ম৷ এতিয়া জড়, চেতনাহীন, অনুভূতিহীন কম্পিউটাৰ প্ৰগ্ৰেম একোটাই, কৃত্ৰিম বুদ্ধিয়ে তথাকথিত ‘সৃষ্টিশীল’ কামবোৰ এই কাৰণেই কৰিব পাৰে নেকি যে শেষ বিচাৰত আৱেগ-অনুভূতিবোৰ একোটা সিদ্ধান্ত গ্ৰহণ কৰা এলগৰিড্‌ম মাত্ৰ? জৈৱিক চেতন অনুভূতিয়ে কৰাখিনিকেই অজৈৱিক-যান্ত্ৰিক এলগৰিড্‌মেও কৰে– আন এক অজৈৱিক প্ৰক্ৰিয়াৰে? আন ধৰণে? 

এতিয়ালৈ আমি মাত্ৰ জৈৱ, চেতন জীৱহে দেখিছোঁ৷ অজৈৱ জীৱ সম্ভৱ নেকি? কৃত্ৰিম বুদ্ধিয়ে জীৱৰ দৰেই কাম কৰিবলৈ আৰম্ভ কৰিছে৷ কৃত্ৰিম বুদ্ধিয়ে মানুহৰ কাম কাঢ়ি লোৱাৰ ফলত ভীষণ অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ আন্দোলন-বিক্ষোভ হৈছে৷ মানুহে ইতিমধ্যে অজৈৱ জীৱন সৃষ্টি কৰিলেই নেকি? অনাগত দিনত এই অজৈৱ জীৱনৰ সিদ্ধান্তই পৃথিৱীখন পৰিচালিত কৰিব নেকি?

ইতিমধ্যে বহু সিদ্ধান্ত কৃত্ৰিম বুদ্ধিৰ হাতলৈ গুছি গৈছে৷ কৃত্ৰিম বুদ্ধিয়ে অনাগত দিনত মানুহক ক’লৈ লৈ যাব মানুহে নাজানে৷ আজিলৈ উদ্ভাৱন হোৱা সকলো প্ৰযুক্তিৰ নিয়ন্ত্ৰণ মানুহৰ হাতত আছিল৷ আণৱিক বোমাটো পেলাবনে নেপেলায়, পেলালে ক’ত পেলাব, সেই সিদ্ধান্ত মানুহে লৈছিল৷ লাহে লাহে মানুহৰ হাতৰ পৰা সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াটো যন্ত্ৰৰ হাতলৈ স্থানান্তৰিত হৈ গৈ আছে৷ মানুহ কৃত্ৰিম বুদ্ধিয়ে নিয়ন্ত্ৰণ কৰা পৃথিৱী এখনৰ বাসিন্দা হ’বলৈ ওলাইছে৷ লগে লগে কৃত্ৰিম বুদ্ধিক কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰি তাৰো চিন্তা-চৰ্চা আৰম্ভ হৈছে৷ 

পাঠকে কৃত্ৰিম বুদ্ধি সম্পাদক, কৃত্ৰিম বুদ্ধি সাংবাদিক, কৃত্ৰিম বুদ্ধি পৰিচালকে প্ৰকাশ কৰা নিখুঁত-নিৰ্ভুল বাতৰিকাকতখনতকৈ কিছু মানৱীয় দোষ-ত্ৰুটী থকা, মানৱীয় বিচাৰ-বিবেচনা, আৱেগ-অনুভূতিৰে প্ৰকাশ হোৱা বাতৰিকাকতখন অধিক পছন্দ নকৰিব জানো?