Logo
image

সোণ বিচাৰি উথপ্‌থপ্‌ অসমীয়াৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ নৱেম্বৰঃ স্বৰ্ণ সন্ধানকাৰী একাংশ অতি অসমীয়াৰ স্বৰ্ণ ক্ৰয়ৰ আশা পূৰণৰ হাবিয়াসৰ বাবে শুকুৰবাৰে গুৱাহাটী মহানগৰীত সৃষ্টি হয় অভাৱনীয় যান-জঁটৰ৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও ‘ধনতেৰছ’ক কেন্দ্ৰ কৰি শুকুৰবাৰে গুৱাহাটীৰ ৰাজপথত তীব্ৰ যান-জঁটত দুৰ্ভোগ ভোগে পথচাৰী তথা সাধাৰণ নাগৰিকে৷ অনা-অসমীয়া সংস্কৃতিক আদৰি লোৱা আঢ্যৱন্ত অসমীয়াই বিলাসী বাহন লৈ জুৱেলাৰীত ভিৰ কৰাত শুকুৰবাৰে সন্ধিয়া ভাগত মহানগৰীৰ জি এছ ৰোডকে ধৰি প্ৰতিটো মূল পথতে সৃষ্টি হোৱা যান-জঁট নিয়ন্ত্ৰণ কৰাটো ট্ৰেফিক আৰক্ষীৰ বাবেও প্ৰত্যাহ্বান হৈ পৰে৷ একাংশ চহকী অসমীয়া তথা অনা অসমীয়া লোকে গুৱাহাটীৰ গহণাৰ বিপণীসমূহত ভিৰ কৰাত মহানগৰ আৰক্ষীয়ে প্ৰতিখন জুৱেলাৰীৰ সন্মুখত ২-৩ জনকৈ যান-বাহন আৰক্ষীও নিয়োগ কৰিবলৈও বাধ্য হয়৷ যান-বাহন আৰক্ষীৰ লগতে গহণা বিপণীৰ সুৰক্ষা কৰ্মীয়েও যান-জঁট নিয়ন্ত্ৰণত নামি পৰিলেও কাৰ্যতঃ ৰাইজৰ   দুৰ্ভোগ অন্ত নপৰিল৷ বিশেষকৈ জি এছ ৰোডত ইমানেই ভয়ংকৰ যান-জঁটৰ সৃষ্টি হয় যে, মাজবাটতে এম্বুলেন্স পৰ্যন্ত আৱদ্ধ হৈ পৰে৷ পূৰ্বতে সম্পদ আৰু ঐশ্বৰ্যৰ দেৱী ধনন্তৰীক আৰাধনা কৰাৰ বাবে দক্ষিণ ভাৰতীয়সকলে পালন কৰা ‘ধনতেৰছ’ অসমত বিশেষ প্ৰভাৱ পৰা নাছিল যদিও শেহতীয়াকৈ ধনতেৰছৰ যেন প্ৰভাৱ বৃদ্ধি পাব ধৰিছে৷ যাৰ বাবে ‘ধনতেৰছ’ৰ দিনটোত সৌভাগ্যৰ প্ৰতীক হিচাপে সোণ ক্ৰয় কৰিবলৈ অসমীয়াই উথপ্‌থপ্‌ লগোৱা পৰিলক্ষিত হয়৷ মূল্য বৃদ্ধিয়ে জনতাক কোঙা কৰাৰ সময়ত বিশেষ এটা দিনত সোণ ক্ৰয় কৰিবলৈ একাংশই হেতা-ওপৰা লগোৱা দৃশ্যই প্ৰতীয়মান কৰিছে যে অসমত ধনী শ্ৰেণীটো অধিক ধনী হৈ গৈছে আৰু বিপৰীতে দুখীয়া শ্ৰেণীটোৱে অৰুণোদয়ৰ ধনেৰে কোনোমতে পেটে-ভাতে খাই চলিবলগীয়া হৈছে৷ উল্লেখ্য, ‘ধনতেৰছ’ পালনৰো এক প্ৰবাদ আছে৷ প্ৰবাদ অনুসৰি দেৱতা আৰু অসুৰে সমুদ্ৰ মন্থনৰ সময়ত কাতি মাহৰ ত্ৰয়োদশী তিথিত হাতত অমৃত কলহ লৈ প্ৰকট হৈছিল দেৱী ধনন্তৰী৷ দেৱী আৱিৰ্ভাৱৰ কাহিনীৰ আধাৰতে ত্ৰয়োদশী তিথিত ঘৰলৈ সোণ, ৰূপ, কাঁহ, পিতলৰ সামগ্ৰী ক্ৰয় কৰিলে সৌভাগ্য আৰু সম্পদ বৃদ্ধি পাই বুলিও বিশ্বাস কৰি আহিছে৷ সেয়েহে দেৱী ধনন্তৰী আৱিৰ্ভাৱ হোৱা ত্ৰয়োদশীৰ উক্ত দিনটোক ‘ধনতেৰছ’ হিচাপে বিশেষকৈ দক্ষিণ ভাৰতীয় লোকসকলে পালন কৰি ঘৰলৈ স্বৰ্ণ অলংকাৰ ক্ৰয় কৰি আহিছে৷ সেয়েহে উৎসৱত নিমজ্জিত একাংশ অসমীয়াই অতি শেহতীয়াকৈ ‘ধনতেৰছ’ পালন কৰি উক্ত দিনটোত সোণ-ৰূপৰ অলংকাৰ বা পিতলৰ সামগ্ৰী ক্ৰয় কৰি আহিছে৷