Logo
image

অসম্ভৱ লক্ষ্য লৈ আজি ইংলেণ্ডৰ সন্মুখত পাকিস্তান

কলকাতা, ১১ নৱেম্বৰঃ বিশ্বকাপ ক্ৰিকেটৰ আঠখন খেলৰ চাৰিখনত জয়ৰ সূত্ৰে আঠ পইণ্টেৰে পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে ১৯৯২ চনৰ চেম্পিয়ন পাকিস্তান৷ এনে স্থিতিত দলটোৰ ছেমিফাইনেলত উপনীত হোৱাৰ সম্ভাৱনা নাই বুলি ক’লেও নিশ্চয় ভুল কৰা নহ’ব৷ বাবৰ আজমৰ দলটোৱে এক অসম্ভৱ লক্ষ্য লৈ শনিবাৰে যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে গ্ৰুপত নিজৰ অন্তিম খেলত অৱতীৰ্ণ হ’ব৷ ইংলেণ্ডৰ ছেমিফাইনেলৰ আশা ইতিমধ্যে নিৰ্বাপিত হৈছে৷ কিন্তু জোছ বাটলাৰৰ দলটোৰ লক্ষ্য হ’ব পাকিস্তানক হৰুৱাই ২০২৫ চনত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰা৷ বৃহস্পতিবাৰে নিউজীলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অনায়াসে জয়ী হোৱাৰ পাছত পাকিস্তানৰ ছেমিফাইনেলৰ সমীকৰণ অত্যন্ত জটিল হৈ পৰে৷ নেট ৰান-ৰেটৰ ক্ষেত্ৰতো নিউজীলেণ্ড বহুখিনি আগুৱাই গৈছে৷ লীগৰ খেল সমাপ্ত কৰা নিউজীলেণ্ডৰ নেট ৰান-ৰেট হৈছে +০.৭৪৩৷ কতাৰ বিপৰীতে পাকিস্তানৰ নেট ৰান-ৰেট হৈছে +০.০৩৬ পাকিস্তান বিশ্বকাপৰ ছেমিফাইনেলত উপনীত হ’বলৈ হ’লে কাইলৈৰ খেলখনত প্ৰথমে বেটিং কৰিলে ইংলেণ্ডক ২৮৭ ৰানত পৰাস্ত কৰিব লাগিব৷ আনহাতে, লক্ষ্য অনুসৰণ কৰিলে ২৮৪টা বল বাকী থকা অৱস্থাত জয় সাব্যস্ত কৰিব লাগিব৷ অসম্ভৱ কিবা এটা নকৰিলে পাকিস্তানৰ বাবে এই সমীকৰণ একপ্ৰকাৰ অসম্ভৱ৷ ইপিনে, ইংলেণ্ডৰ লক্ষ্য হ’ব পইণ্ট তালিকাৰ শীৰ্ষৰ ‘আঠ’ত থাকি পাকিস্তানত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰা৷ নেডাৰলেণ্ডছক ১৬০ ৰানত পৰাস্ত কৰাৰ পাছত ইংলেণ্ডৰ ক্ৰিকেটাৰৰ আত্মবিশ্বাস ঘূৰি আহিছে৷ আঠখন খেলৰ চাৰিখনত জয়ী হৈ পইণ্ট তালিকাৰ সপ্তম স্থানত আছে ইংলেণ্ড৷ অন্তিম তিনিটা স্থানত আছে ক্ৰমে বাংলাদেশ, শ্ৰীলংকা আৰু নেডাৰলেণ্ডছ৷ নেডাৰলেণ্ডছে লীগৰ অন্তিম খেলখন খেলিব ভাৰতৰ বিৰুদ্ধে৷

ইংলেণ্ডৰ বেন ষ্টকছ আৰু ডাৱিড মালানে বিগত দুখন খেলত ভাল প্ৰদৰ্শন দেখুৱাইছে৷ জো ৰুট, হেৰী ব্ৰুকছ আৰু অধিনায়ক জোছ বাটলাৰৰ পৰাও দলটোৱে উন্নত প্ৰদৰ্শন আশা কৰিব৷ তাৰ বিপৰীতে বলিঙত ক্ৰিছ ৱ’কছ আৰু ডেভিড উইলীৰ প্ৰদৰ্শন এতিয়ালৈকে সন্তোষজনক৷ পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ লগতে ফখৰ জামান আৰু মহম্মদ ৰিজৱানৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰদৰ্শন হ’ব লক্ষ্যণীয়৷ ইডেন গাৰ্ডেনৰ স্পিনাৰৰ সহায়ক পিটছত মঈন আলী আৰু আদিল ৰছিদৰ প্ৰদশনৰ ওপৰতো সকলোৰে নজৰ থাকিব৷