Logo
image

নক-আউটত নিউজীলেণ্ডৰ বিৰুদ্ধে জয়ী হ’ব পৰা নাই টীম ইণ্ডিয়া

নতুন দিল্লী, ১১ নৱেম্বৰঃ বৃহস্পতিবাৰে ২৩.২ অভাৰতে আফগানিস্তানক পাঁচ উইকেটত পৰাস্ত কৰি বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেলত প্ৰায় স্থান নিশ্চিত কৰিলে যোৱাবাৰৰ ৰানাৰ-আপ নিউজীলেণ্ডে৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ১৫ নৱেম্বৰত হ’বলগীয়া প্ৰথমখন ছেমিফাইনেলত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাটোও প্ৰায় নিশ্চিত হৈ পৰিল৷ শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ পাছত নিউজীলেণ্ডৰ নেট ৰান-ৰেটো বহুখিনি বৃদ্ধি পাইছে৷ এনে স্থিতিত ছেমিফাইনেলৰ বাবে পাকিস্তান আৰু আফগানিস্তানৰ সন্মুখত যি সমীকৰণ আহি পৰিছে, সেয়া দল দুটাৰ বাবে প্ৰায় অসম্ভৱ৷ সেয়েহে নিউজীলেণ্ডে ছেমিফাইনেল খেলাৰ ৯৯ শতাংশ সম্ভাৱনা থকা বুুলি ক’লেও ভুল কৰা নহ’ব৷ বিশ্বকাপত ক্ৰমাগত দ্বিতীয়বাৰ ছেমিফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰত আৰু নিউজীলেণ্ডে৷ ২০১৯ চনৰ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলতো প্ৰতিদ্বন্দ্বিতাত আছিল নিউজীলেণ্ড  আৰু ভাৰত৷ সেইবাৰ নিউজীলেণ্ড পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকাৰ বিপৰীতে ভাৰত আছিল চতুৰ্থ স্থানত৷ মানচেষ্টাৰত অনুষ্ঠিত খেলখনত নিউজীলেণ্ড জয়ী হৈছিল ১৮ ৰানত৷ উল্লেখ্য, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ [আই চি চি] টুৰ্নামেণ্টৰ নক-আউট পৰ্যায়ত চতুৰ্থবাৰ নিউজীলেণ্ড আৰু ভাৰতৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব৷ প্ৰথম তিনিবাৰ পৃথক পৃথক টুৰ্নামেণ্টৰ নক-আউটত প্ৰতিদ্বন্দ্বিতা হৈছিল দল দুটাৰ আৰু তিনিওবাৰেই জয়ী হৈছিল নিউজীলেণ্ড৷ ২০১৯ চনৰ বিশ্বকাপৰ উপৰি ২০০০ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০২১ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত যুঁজ হৈছিল ভাৰত আৰু নিউজীলেণ্ডৰ মাজত৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই স্পষ্ট কৰি দিছিল যে ভাৰত যদি টুৰ্নামেণ্টখনৰ ছেমিফাইনলেত উপনীত হয়, তেন্তে খেলখন অনুষ্ঠিত হ’ব মুম্বাইত৷ বৰষুণ অথবা আন কোনো কাৰণত ১৫ নৱেম্বৰৰ খেলখন অনুষ্ঠিত নহ’লে ১৬ নৱেম্বৰত খেলখন খেলোৱা হ’ব৷ সেইদিনাও খেলখন সম্ভৱ নহ’লে পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকাৰ সূত্ৰে ভাৰতক জয়ী ঘোষণা কৰা হ’ব৷