Logo
image

অসুস্থ পত্নীক সাক্ষাতৰ বাবে ৭ ঘণ্টাৰ সময়ঃ কয়দীৰ বাবে নিৰ্মাণ কৰা বাহনত তিহাৰ জে'লৰ পৰা বাসগৃহলৈ অনা হ'ল আপ নেতা মনীষ ছিছোদিয়াক

ডিজিটেল ডেস্কঃ সুৰা কেলেংকাৰি অভিযোগত তিহাৰ জে'লত বন্দী হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক অসুস্থ পত্নীক সাক্ষাতৰ বাবে তেওঁৰ বাসগৃহলৈ অনা হয়৷ আদালতৰ অনুমতিৰ পাছত অসুখীয়া পত্নীক সাক্ষাতৰ বাবে জে'লৰ পৰা ছিছোদিয়াক ঘৰলৈ অনাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে৷ কয়দীৰ বাবে নিৰ্মাণ বাহনত ছিছোদিয়াক জে'লৰ পৰা ঘৰলৈ অনাৰ ব্যৱস্থা কৰে দিল্লী আৰক্ষীয়ে৷ পুৱা ১০ বজাত মথুৰা ৰোডস্থিত বাসগৃহত উপস্থিত হয় ছিছোদিয়া৷

উল্লেখ্য যে মনীষ ছিছোদিয়াক শুকুৰবাৰে ৰাউজ এভিনিউৰ আদালতে তেওঁৰ অসুস্থ পত্নীক সাক্ষাৎ কৰিবলৈ অনুমতি দিছিল। অসুস্থ পত্নীৰ যতন লোৱাৰ বাবে পাঁচ দিনৰ সময় বিচাৰি আদালতত আৱেদন জনাইছিল ছিছোদিয়াই৷ ছিছোদিয়াৰ আৱেদনৰ শুনানি দি আদালতে শনিবাৰে ছিছোদিয়াক পত্নীক সাক্ষাতৰ অনুমতি দিয়ে৷ বিশেষ ন্যায়াধীশ এম কে নাগপালে ছিছোদিয়াক শনিবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজাৰ ভিতৰত তেওঁৰ বাসগৃহত পত্নীক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়ে৷ লগতে আদালতে পত্নীক সাক্ষাতৰ সময়ত সংবাদ মাধ্যমত মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ ছিছোদিয়া নিৰ্দেশ দিয়ে৷

দিল্লী আবকাৰী নীতি কেলেংকাৰি গোচৰত চলিত বছৰৰ ২৬ ফেব্ৰুৱাৰীত ছিছোদিয়াক চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল। মাৰ্চ মাহত একে গোচৰত ইডিয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছিল ছিছোদিয়াক। বৰ্তমান এই গোচৰৰ তদন্ত চলি আছে আৰু তিহাৰ জে'লত দিন কটাইছে ছিছেদিয়াই৷