Logo
image

ৰাজস্থান বিধানসভা নিৰ্বাচনঃ জয়পুৰত বিশাল ৰোড শ্ব'ৰে মিচন আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে

ডিজিটেল ডেস্কঃ ৰাজস্থান বিধানসভা নিৰ্বাচনলৈ মাজত আৰু বেছি দিন নাই৷ ইতিমধ্যে ৰাজস্থানত শাসক-বিৰোধীয়ে নিৰ্বাচনী ডংকা বজাইছে৷ ৰাজস্থান পুনৰ নিজৰ দখললৈ আনিবলৈ কংগ্ৰেছে বিশেষ ৰণনীতি প্ৰস্তুত কৰাৰ বিপৰীতে বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে৷ ইফালে ৰাজস্থান নিৰ্বাচনক লৈ ৰাহুল গান্ধীৰ ভূমিকাক লৈও বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে৷ কিয়নো এইপৰ্যন্ত নিৰ্বাচনী সভাত ভাগ লোৱা নাই ৰাহুল গান্ধীয়ে৷

কংগ্ৰেছ নেতৃত্বই জনোৱা মতে, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে কংগ্ৰেছৰ হাইপ্ৰফাইল নেতাসকল৷ এই ৰাজ্য কেইখনত নিৰ্বাচনৰ বতাহ শাম কটাৰ লগে লগে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে ৰাজস্থানত প্ৰচাৰ অভিযান আৰম্ভ কৰিব৷

কংগ্ৰেছৰ নেতৃত্বই জানিবলৈ দিয়া অনুসৰি, ৰাজস্থানত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে প্ৰায় ২০খন ৰাজহুৱা সভা সম্বোধন কৰিব৷ ১৬ নৱেম্বৰত ৰাজধানী জয়পুৰত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে৷ প্ৰদেশখনত নিৰ্বাচনী প্ৰচাৰৰ চাৰিটা কাৰ্যসূচীত অংশ ল'ব ৰাহুল গান্ধীয়ে৷

ইফালে  প্ৰিয়ংকা গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেই দুদিনকৈ প্ৰদেশখনত নিৰ্বাচনী প্ৰচাৰ চলাব৷ এই সপ্তাহৰ আৰম্ভণিতে মল্লিকাৰ্জুন খৰ্গেই যোধপুৰত এক জনসভা সম্বোধন কৰিছিল আৰু তাৰ তাৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে দৌচা আৰু ঝুনঝুনুত নিৰ্বাচনী সভাত অংশ লৈছিল।