Logo
image

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰীয়েঃ কাইলৈ হাস্পতালৰ পৰা ঘৰলৈ যাব পাৰিব কণ্ঠশিল্পীজন

ডিজিটেল সংবাদ, গুৱাহাটীঃ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ শনিবাৰে স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। তেওঁ জনপ্ৰিয় শিল্পীজনৰ স্বাস্থ্যৰ বুজ লৈ সংবাদ মাধ্যমক কয়- জুবিন গাৰ্গক কিছু আৰমৰ প্ৰয়োজন আছে। হয়তো দেওবাৰে তেওঁক ঘৰলৈ যাবলৈ চিকিৎসালয় কৰ্তৃপক্ষই অনুমতি দিব। প্ৰয়োজনত জুবিন গাৰ্গক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অভিজ্ঞ চিকিৎসকে নেমকেয়াৰ হাস্পতাললৈ আহি চিকিৎসা সেৱা আগবঢ়াৱ। উন্নত চিকিৎসাৰ বাবে জুবিনক বৰ্তমান বাহিৰলৈ নিয়াৰ প্ৰয়োজনীয়তা নাই।'

উল্লেখ‍্য, বুধবাৰৰ পৰা হাস্পতালখনত চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ। তেওঁ স্বাস্থ্যমন্ত্ৰীৰ সৈতে কিছু সময় কথা বতৰা পাতে। এই  সম্পৰ্কে  নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক, বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱাই কয়- চাৰিদিন ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ। শুকুৰবাৰে কেবিনলৈ অনা হৈছে। ৫ জনীয়া বিশেষজ্ঞৰ দলে পৰিচৰ্যা কৰি আছে জুবিন গাৰ্গৰ। দেওবাৰে ঘৰলৈ যাবলৈ অনুমতি দিয়া হ'ব। তেওঁক প্ৰায় এমাহ জিৰণি লোৱাৰ পৰামৰ্শ দিছে চিকিৎসকসকলে। এমাহৰ পিছত পুনৰ  তেওঁৰ স্বাস্থ্যৰ পৰীক্ষা কৰিব লাগিব। তেওঁৰ ঔষধপাতিসমূহ সময়ত ল'বলৈ পৰামৰ্শ দিয়া হৈছে।'