Logo
image

বিজেপলৈ সুৰেশ, ৰকিবুল-প্ৰদ্যুতৰ বেনাৰত ক'লা ৰংঃ ৰকিবুল হুছেইনে ক'লে, "নিৰাশ আৰু হতাশ হৈ ব্যৱসায়িক লাভালাভৰ বাবে কম্প্ৰ'মাইজ কৰিছে সুৰেশ বৰাই"

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা কংগ্ৰেছক যেন এজাক আবতৰীয়া ধুমুহাই কোবাই গ'ল৷ দুঃসময়ত জিলা কংগ্ৰেছৰ নেতৃত্ব মূৰ পাতি লোৱা সুৰেশ বৰাই শুকুৰবাৰে আকস্মিকভাৱে দল ত্যাগ কৰি শনিবাৰে শাসকীয় বিজেপিত যোগদান কৰাত জিলা কংগ্ৰেছৰ মজিয়াত কম্পনৰ সৃষ্টি হৈছে। ইপিনে নিশা নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত উলমি থকা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বেনাৰত কোনো অচিনাক্ত লোকে ক'লা ৰং সানি থৈ যায়। শনিবাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত ততাতৈয়াকৈ এখন সভা পাতি দলীয় সংঘাত ঢকাৰ চেষ্টা কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷ সুৰেশ বৰাই নিৰাশ আৰু হতাশ হৈ ব্যৱসায়িক লাভালাভৰ বাবে কম্প্ৰ'মাইজ কৰা বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।  
জিলা কংগ্ৰেছৰ খহনীয়া ঢাকিবৰ বাবে অহা ১৫ নৱেম্বৰত  ২০ হাজাৰ লোকৰ সমাগমেৰে নগাঁৱত  কংগ্ৰেছৰ এখন বিশাল সভাৰ আয়োজন কৰা হৈছে। কলিয়াবৰৰ কংগ্ৰেছ নেতা তথা জিলা কংগ্ৰেছৰ উপ-সভাপতি প্ৰশান্ত শইকীয়াৰ সভাপতিত্বত নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ ৰাজীৱ ভৱনত দলৰ এখন জৰুৰী সভা অনুষ্ঠিত হয় । উক্ত সভাত জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ,  মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আই, সেৱা দলকে ধৰি কংগ্ৰেছৰ ভালে সংখ্যক নেতাই অংশগ্ৰহণ কৰে। উক্ত সভাত আগন্তুক লোকসভা নির্বাচনত কংগ্রেছ দলে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে কেতবোৰ পৰিকল্পনা যুগুত কৰা হয় বুলি জানিব পৰা গৈছে। 

ইপিনে শনিবাৰে জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত বিৰোধী দলৰ উপ-দলপতি তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি দল আৰু নেতৃত্বৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে। জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই বিজেপি দলত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰকিবুল হুছেইনে কয় যে কংগ্ৰেছ দলে সুৰেশ বৰাক তিনিবাৰকৈ বঢ়মপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ পাছতো তেওঁ নিৰ্বাচনত পৰাজয় হৈছে। সেয়ে তেওঁ নিৰাশ আৰু হতাশ হৈ পৰিছে। তেওঁ বৰ্তমান ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ দৰে হৈছে। বিভিন্ন অৰাজনৈতিক অসুবিধাৰ বাবেহে সুৰেশ বৰা এতিয়া বিজেপিলৈ গৈছে। ব্যৱসায়িক লাভালাভৰ বাবে সুৰেশ বৰাই কম্প্ৰ'মাইজ কৰা বুলিও ৰকিবুল হুছেইনে সংবাদ মেলত মন্তব্য কৰে।  

ৰকিবুল হুছেইনে সুৰেশ বৰাৰ বিষয়ে বিশেষ ক'বলগা নাই বুলি কয়। আনহাতে দুই এদিনতে নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ নাম ঘোষণা কৰা হ'ব বুলিও সংবাদ মেলত ৰকিবুল হুছেইনে জানিবলৈ দিয়ে। ইপিনে অহা ১৫ নৱেম্বৰত ২০ হাজাৰ লোকৰ সমাগমেৰে নগাঁৱত কংগ্ৰেছৰ এখন বিশাল সভা অনুষ্ঠিত কৰা হ'ব বুলিও হুছেইনে জানিবলৈ দিয়ে। আনহাতে কংগ্ৰেছৰ ইতিহাস দোহাৰি ৰকিবুল হুছেইনে কয় যে দুৰ্যোগৰ সময়ত কংগ্ৰেছৰ পতাকাখন ধৰি ৰখা কংগ্ৰেছৰ নিষ্ঠাৱান কৰ্মী সকলৰ ধৈৰ্য আছে আৰু তেওঁলোকক কোনেও  শেষ কৰিব নোৱাৰে।  বিজেপি দলৰ মন্ত্ৰী-বিধায়কসকল ক্ষমতাৰ ৰাগীত অহংকাৰ হৈ পৰা বুলি কটাক্ষ কৰি ৰকিবুল হুছেইনে কয় যে অহা ৩ ডিচেম্বৰৰ পিছত তেওঁলোকৰ অহংকাৰ কমিব আৰু ২০২৪ ত সম্পূৰ্ণৰূপে শেষ হ'ব। 

ইপিনে কালি নিশা নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত ওলমি থকা ৰকিবুল হুছেইন আৰু নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বেনাৰত কোনো অচিনাক্ত লোকে ক'লা ৰং সানি থৈ যোৱা ঘটনা সন্দৰ্ভত ৰকিবুল হুছেইনে কয়, "এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ৷ নগাঁও জিলাৰ সাংসদ আৰু বিধায়কসকল ঐক্যবদ্ধ হৈ আছে।" আনহাতে বঢ়মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ধীৰেণ গোস্বামীয়ে আজি দলৰ পৰা পদত্যাগ কৰে। ভোটাই পাঠৰী জিলা পৰিষদৰ সদস্যা কংগ্ৰেছ নেত্ৰী গীতাঞ্জলী হাজৰিকাই কালি কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছত আজি বিজেপি দলত যোগদান কৰে।