Logo
image

চিক্‌মিক্‌ দেৱালীৰ বন্তি জ্বলে...

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ নৱেম্বৰঃ ‘চিক্‌মিক্‌ দেৱালীৰ বন্তি জ্বলে/এন্ধাৰত কান্দে কোনে অকলে অকলে/ওচৰা-উচৰি দুটি ঘৰ/ এটি পঁজা আনটো ৰজাঘৰ/ ৰজাঘৰে  হাঁহে/ মাথোঁ পঁজাটিত বন্তি নজ্বলে...’৷ –এয়া দীপাৱলীক লৈ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই অংকন কৰা এখন অপূৰ্ব ছবি৷ দৰিদ্ৰ আৰু ধনী শ্ৰেণীৰ লোকে পোহৰৰ উৎসৱ দীপান্বিতা বা দীপাৱলী কেনেকৈ উদ্‌যাপন কৰে তাৰ এখন জীৱন্ত ছবি জনতাৰ আগত তুলি ধৰিছিল সুধাকণ্ঠগৰাকীয়ে৷ প্ৰতিক্ষনে প্ৰতিপলে দীপান্বিতাক এনেকৈয়ে অনুভৱ কৰে সৰ্বসাধাৰণে৷ বছৰি আহে পোহৰৰ উৎসৱ দীপান্বিতা৷ দেওবাৰে ৰাজ্যবাসীয়ে উদ্‌যাপন কৰিব পোহৰৰ উৎসৱ৷ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই কোৱাৰ দৰে কোনো কোনোৱে ৰং-বিৰঙৰ বিজুলী চাকিৰে পোহৰাই তুলিব নিজৰ অট্টালিকা, কোনোৱে এগছি দুগছি মাটিৰ চাকি জ্বলাই জগত পোহৰাবলৈ চেষ্টা কৰিব৷ ইতিমধ্যে দীপাৱলীক লৈ ৰাজ্যৰ হাটে-বজাৰে, নগৰে-চহৰে বিভিন্ন তৰহৰ চাকি, ফটকা, ফুলজাৰি, বিজুলী চাকিৰ বজাৰ মুকলি কৰা হৈছে৷ কাৰ্যতঃ দীপাৱলীক লৈ সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছে উৎসৱ মুখৰ পৰিৱেশ৷ ইতিমধ্যে ৰং বিৰঙৰ বিজুলী চাকিয়ে পোহৰাই তুলিছে ঘৰ, কেইবামহলীয়া অট্টালিকা, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়৷

মন্ত্ৰীৰ নীতিবচন অসাৰ

উচ্ছতম ন্যায়ালয়ে দেশবাসীক গ্ৰীণ দীপাৱলী উদ্‌যাপন কৰিবলৈ আহ৩ান জনাইছে৷ তাকে দেখি ৰাজ্যৰ কেইবাজনো মন্ত্ৰীয়ে ৰাজ্যবাসীক স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰীৰে দীপাৱলী উদ্‌যাপনৰ আহ্বান জনাইছে৷ বিশেষকৈ মন্ত্ৰী অশোক সিংঘালে এনে আহ্বান জনাইছে৷ বহি থকা নাই গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াও৷ তেওঁ কলগছত মাটি চাকি জ্বলোৱাৰ আহ্বান জনাইছে৷ চাকি জ্বলাবলৈ অনা কলগছ পাছত সংগ্ৰহ কৰি হাতীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ সদৰি কৰিছে৷ আনহাতে, মন্ত্ৰী অশোক সিংঘালে এখোপ আগুৱাই গৈ ৰাজ্যবাসীৰ ‘ভোকেল ফ’ৰ লোকেল’ হ’বলৈ আহ্বান জনাইছে৷ কিন্তু মন্ত্ৰী মেয়ৰৰ এনে ঘোষণাক বুঢ়া আঙুলি দেখুৱাইছে একাংশ অসাধু ব্যৱসায়ীয়ে৷ স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰীৰ নিৰ্মাণ ব্যয় অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত দামো অধিক হোৱাৰ সুযোগ লৈ এনে অসাধু ব্যৱসায়ীয়ে মেলি দিছে চীনা সামগ্ৰীৰ পোহাৰ৷ ইতিমধ্যে ৰাজ্যৰ বজাৰত চীনত নিৰ্মিত কেৱল পানী দিলে জ্বলা চাকি, সুগন্ধিযুক্ত আৰু বিভিন্ন আৰ্হিৰ মম উভৈনদী হৈ পৰিছে৷ বজাৰত ২৫-৫০ টকা দৰত পোৱা এনে বিজুলী চাকি, মমৰ কাৰণে বজাৰত মাটিৰ চাকিৰ বিক্ৰী অভাৱনীয়ভাৱে হ্ৰাস পাইছে৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ আজি কেৱল হৈ পৰিছে এটা শ্লোগানহে৷ ফলস্বৰূপে মন্ত্ৰীৰ ‘ভোকেল ফ’ৰ ল’কেল’ হোৱাৰ আহ্বান অসাৰ প্ৰতিপন্ন হৈছে৷ ব্যাখ্যা কৰা নিষ্প্ৰয়োজন যে বছৰি দীপাৱলীৰ সময়তহে চীনা সামগ্ৰীৰ প্ৰতি চকু পৰে চৰকাৰৰ, চৰকাৰৰ প্ৰতিনিধিৰ৷ তাৰ মাজতো চৰকাৰক, চৰকাৰৰ প্ৰতিনিধিক বুঢ়া আঙুলি দেখুৱাই অসাধু ব্যৱসায় নিতৌ বিক্ৰী কৰি আহিছে চীনা সামগ্ৰী৷ মন্ত্ৰী-ৰাজনৈতিক নেতাসকলে ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈহে স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ আহ্বান জনায়৷ চৰকাৰ-প্ৰশাসনৰ চকুৰ আগতে নিতৌ আমদানি হৈ থাকে চীনা সামগ্ৰী৷ চীনা সামগ্ৰীৰ ব্যৱহাৰ হোৱাটো যদি চৰকাৰে প্ৰকৃত অৰ্থতে নিবিচাৰে তেনেহ’লে এনে সামগ্ৰীৰ আমদানি আক্ষৰিক অৰ্থতে নিষিদ্ধ কৰিব যে পাৰে তাত কাৰো দ্বিমত নাই৷

ৰামমন্দিৰত জ্বলিল ২২.২৩ লাখ চাকি

পোহৰৰ উৎসৱ দীপান্বিতা উপলক্ষে শনিবাৰে অযোধ্যাত জ্বলোৱা হয় ২২ লাখ ২৩ হাজাৰ চাকি৷ অযোধ্যাৰ ৰাম মন্দিৰত একেলগে ২২.২৩ লাখ চাকি জ্বলোৱাটো ইতিমধ্যে গীনিজ বুকত অন্তৰ্ভুক্ত হৈছে৷ পূৰ্বে পৃথিৱীৰ ক’তো এনেদৰে একেলগে ২২.২৩ লাখ চাকি জ্বলোৱা হোৱা নাছিল৷ ২২.২৩ লাখ চাকি একেলগে জ্বলোৱাৰ পাছতে অপৰূপ সৌন্দৰ্য চৌদিশে বিয়পি পৰে অযোধ্যাত৷

জুয়ে পোৰা দুৰ্ঘটনাৰ ১২ শতাংশই ঘটে দেৱালীত

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ‘জুয়ে পোৰা দুৰ্ঘটনাৰ ভিতৰত শতকৰা ১০-১২ ভাগেই দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা৷ আনহাতে, দুৰ্ঘটনাত বলী হোৱা সৰহভাগেই হ’ল শিশু আৰু কিশোৰ৷’– এই মন্তব্য কৰে বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সম্পাদক তথা বিশিষ্ট চিকিৎসক ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই৷ শনিবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদ মেল সম্বোধন কৰি ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই লগতে কয়– দীপাৱলীত সংঘটিত এনে দুৰ্ঘটনাৰ বাবেই এইবাৰ ফটকাবিহীন দীপাৱলী উদ্‌যাপন কৰিবলৈ ৰাইজৰ প্ৰতি আহ৩ান জনালোঁ৷ দীপাৱলীত কলগছ জাতীয় আতচবাজীৰ পৰাই দুৰ্ঘটনাৰ ৭৫ শতাংশ লোক অগ্নিদগ্ধ হয়৷ সেয়ে সাৱধানতাৰে দীপাৱলী উদ্‌যাপন কৰি পৰাপক্ষত ফটকা জাতীয় প্ৰদূষণকাৰী সামগ্ৰী নুফুটাকৈ সেউজ ফটকা ব্যৱহাৰ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ৩ান জনায়৷ ইফালে সংবাদ মেলত ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ বিগত দিনৰ পদক্ষেপৰ কথা সদৰি কৰি অগ্নিদগ্ধ লোকৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাৰ কথা উল্লেখ কৰে৷ ইফালে বাৰ্ণ ইউনিটত ২০১০ ৰ পৰা ২০২২ চনলৈ ৪৫৫০জন অগ্নিদগ্ধ লোক চিকিৎসাধীন হৈছে৷ ইয়াৰে মৃত্যুৰ সংখ্যা ৪০৭ জন, সম্পূৰ্ণ সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ১১৭৭জন আৰু নিমজ চাল লৈ ঘৰলৈ ঘূৰি যোৱা ৰোগীৰ সংখ্যা শতকৰাত ৭৫ জন৷ সেইদৰে এনে দৰিদ্ৰ লোকৰ বাবে ফাউণ্ডেচনে আৰ্থিক সাহায্য প্ৰদান কৰিও বহু লোকক চিকিৎসা প্ৰদান কৰি আহিছে৷ বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱাই সংবাদ মেলত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা পোহৰৰ উৎসৱ দীপাৱলীক আমি পোহৰেৰে উদ্‌যাপন কৰো আহক বুলি সকলোকে আহবান জনায়৷ লগতে তেওঁ সাৱধানতাৰে দীপাৱলী উদ্‌যাপন কৰিলে সকলোৰে শুভ হ’ব বুলি উল্লেখ কৰি ৰাইজক সেউজ ফটকা ব্যৱহাৰ কৰিবলৈ আহ৩ান জনায়৷ সংবাদ মেলত হাস্পতাখনৰ কাৰ্যবাহী সঞ্চালক, বিশিষ্ট চিকিৎসক ডাঃ মিহিৰ কুমাৰ বৰুৱাও উপস্থিত থাকে৷