Logo
image

কালিকা লগাইছে তালিকাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ নৱেম্বৰঃ বিগ ব্ৰাডাৰৰ ভূমিকাত অৱতীৰ্ণ হোৱা কংগ্ৰেছ দলৰ শেহতীয়া কেতবোৰ কাৰ্যই অথন্তৰৰ সৃষ্টি কৰিছে ইণ্ডিয়া আৰু ১৫ দলীয় বিৰোধী ঐক্যমঞ্চত৷ বিশেষকৈ লোকসভাৰ আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ অন্তৰ্ভুক্ত অন্য মিত্ৰ দলবিলাকক আসন এৰি দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ মইমতালী আচৰণে ইতিমধ্যে হতাশ কৰি তুলিছে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছ আদিৰ দৰে দলসমূহক৷ শেহতীয়াভাৱে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থই কৰা এক মন্তব্যই বিৰোধী ঐক্যমঞ্চৰ অভ্যন্তৰত দেখা দিয়ে চৰম আস্থাহীনতাৰ পৰিৱেশ৷ বিধায়ক পুৰকায়স্থৰ দাবী– ১৪টা সমষ্টিয়ে জয়ী হোৱাৰ সামৰ্থ যিটো দলৰে আছে সেইটো দলকে অন্য দলসমূহে আসন এৰি দিব লাগে৷ কংগ্ৰেছৰ বাহিৰে অন্য কোনটো দলৰ শক্তিশালী সাংগঠনিক ভেটি আছে যি ১৪টা সমষ্টিতে নিৰ্বাচন খেলিব পাৰে৷  কালি দলীয় কাৰ্যালয় মুকলি কৰা দলেও আজি টিকট বিচাৰে৷ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিজনৰ এই আক্ৰমণৰ মূল লক্ষ্য আছিল অসম তৃণমূল কংগ্ৰেছ আৰু ইয়াৰ নেত্ৰী সুস্মিতা দেৱ৷ কংগ্ৰেছৰ এনে মনোভাৱ প্ৰথম প্ৰকাশ পাইছিল যেতিয়া দলৰ পেডত প্ৰকাশ পাইছিল ১৫টা লোকসভা সমষ্টিৰ বাবে ৭২জনীয়া এক কালিকা লগা তালিকা৷ এই তালিকা হাতত লৈ নতুন দিল্লীলৈ গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলীয় নেতৃত্বৰে আলোচনা কৰাৰ পাছতে প্ৰথমবাৰৰ বাবে বিৰোধী ঐক্যমঞ্চৰ আভ্যন্তৰৰ সংঘাট ৰাজহুৱা হয়৷ কংগ্ৰেছৰ ৭২জনীয়া প্ৰাৰ্থীৰ পেনেল ৰাজহুৱা হোৱাৰ পাছতে অসম জাতীয় পৰিষদ, টিএমচি আৰু আম আদমি পাৰ্টীয়ে পৃথকে পৃথকে সমষ্টি দাবী কৰে৷ ইয়াৰে অসম জাতীয় পৰিষদে ৬টা সমষ্টি ক্ৰমে– ডিব্ৰুগড়, লখিমপুৰ, কাজিৰঙা, নগাঁও, গুৱাহাটী আৰু বৰপেটা সমষ্টি দাবী কৰে৷ ঠিক তেনেদৰে আপ অসমে ৫ টা সমষ্টি ক্ৰমে– গুৱাহাটী, দৰং-ওদালগুৰি, ডিব্ৰুগড়, ধুবুৰী আৰু শোণিতপুৰ সমষ্টি তথা অসম তৃণমূল কংগ্ৰেছে ৫ টা সমষ্টি ক্ৰমে– দৰং-ওদালগুৰি, কৰিমগঞ্জ, গুৱাহাটী, লখিমপুৰ, ধুবুৰী আৰু কোক্‌ৰাঝাৰ সমষ্টি বিচাৰিছে ঐক্যমঞ্চৰ পৰা৷ অসমৰ দায়িত্বত থকা এআইচিচিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাৰাথান বৈঠক কৰাৰ পাছতে ৰহস্যজনকভাৱে সংবাদ মাধ্যমৰ হাতত পৰে কালিকা লগা ৭২জনীয়া প্ৰাৰ্থীৰ তালিকা৷ ৰাজনৈতিক অভিসন্ধিৰে অতি কৌশলপূৰ্ণভাৱে ভাইৰেল কৰা হয় এই তালিকাখন৷ এই তালিকা ৰাজহুৱা হোৱাৰ পাছতে আউল লাগিবলৈ ধৰে বিৰোধী ঐক্যমঞ্চৰ মাজত আসন ভাগ-বাটোৱাৰাৰ প্ৰক্ৰিয়াত৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও কংগ্ৰেছৰ এই স্থিতিক লৈ যথেষ্ট ক্ষোভ প্ৰকাশ কৰে৷ কংগ্ৰেছৰ ৭২জনীয়া প্ৰাৰ্থীৰ তালিকাৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ মন্তব্য– এই সকলোবোৰ অধিক হেঙাৰৰ সৃষ্টি কৰিছে বিৰোধী ঐক্যমঞ্চৰ মূল লক্ষ্য উদ্দেশ্যত৷ বিগ ব্ৰাডাৰ কংগ্ৰেছ দলে আসনক কেন্দ্ৰ কৰি নিজৰ আধিপত্য অক্ষুন্ন ৰখাৰ কৌশলী ভূমিকা গ্ৰহণ কৰিছে যদিও আজিৰ তাৰিখত কংগ্ৰেছ দল নিজে আভ্যন্তৰীন সংঘাট আৰু লবীকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত৷ দলটোৰে বিধায়ক আফতাবুদ্দিন মোল্লাই পুৰোহিত আৰু নামঘৰীয়াৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি কাৰাগাৰপৰ্যন্ত যাবলগীয়া হয়৷ যি, কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ লক্ষ্যৰে বিৰোধ্য ঐক্যমঞ্চ গঠন কৰে সেই বিজেপিৰে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলাৰ অভিযোগত নিলম্বিত হৈ আছে দলটোৰ এজন বিধায়ক শশীকান্ত দাস৷ ঠিক তেনেদৰে দলীয় অনুশাসন নমনাৰ অভিযোগত নিলম্বিত হৈ আছে দলৰে অন্য এজন বিধায়ক শ্বেৰমান আলী আহমেদ৷ ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ সমৰ্থনত ক্ৰছ ভোটিং কৰাৰ অভিযোগত দলৰ বিধায়ক ছিদ্দেক আহমেদকো দলে নিলম্বিত কৰি ৰাখিছে৷ শেহতীয়াভাৱে বিজেপি দল আৰু চৰকাৰে ৰূপায়ণ কৰা অমৃত দলহ যাত্ৰায়ো দলটোৰ অভ্যন্তৰত যথেষ্ট ‘কলহ’ৰ সৃষ্টি কৰে৷ সভাপতি ভূপেন বৰাৰ কঠোৰ বাধা-নিষেধৰ পাছতো দলটোৰ বহু বিধায়কে বিজেপি দল আৰু চৰকাৰৰ দ্বাৰা ৰূপায়িত অমৃত কলহ যাত্ৰাত মুকলিভাৱে অংশ লোৱাক কেন্দ্ৰ কৰি  তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটে৷ অন্য ১৪টা ৰাজনৈতিক দলক লগত লৈ কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ সময়তে কংগ্ৰেছ দলৰ একাংশ বিধায়কৰ বিজেপি দল আৰু চৰকাৰপ্ৰীতিয়ে বিমোৰত পেলাইছে ৰাজীৱ ভৱনক৷ যাৰ ফলত মিত্ৰ দলৰ দৃষ্টিত কংগ্ৰেছৰ এনে কৰ্ম-কাণ্ডই সন্দেহৰ সৃষ্টি কৰিছে৷ কংগ্ৰেছৰ এনে ভূমিকাই অসমত ‘ইণ্ডিয়া’ৰ উত্থানত যে হেঙাৰ তৰিব সেয়া স্পষ্ট হৈ পৰিছে৷

ইউপিপিএলক লাগে কেৱল কোক্‌ৰাঝাৰ

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ লোকসভা নিৰ্বাচনত এখন আসনতেই সন্তুষ্ট থাকিব ইউ পি পি এলে৷ দলটোক লাগে কেৱল কোক্‌ৰাঝাৰ সমষ্টিহে৷ বিজেপি আৰু অগপৰ সৈতে কথা পাতি ইউ পি পি এলে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিব৷ বড়ো ভাষা আৰু সাহিত্যকলৈ ৰাষ্ট্ৰীয়পৰ্যায়ৰ এখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত এই কথা ব্যক্ত কৰিছে৷ বড়োৰ মতে, বিটিআৰত কংগ্ৰেছৰ কোনো অস্তিত্বই নাই৷ হাগ্ৰামা মহিলাৰীৰ বি পি এফকলৈও চিন্তাৰ কোনো কাৰণ নাই৷ আনহাতে, কংগ্ৰেছক ৰাইজে কেতিয়াবাই বিদায় দিছে৷ বিটিআৰত বিৰোধী মিত্ৰজোঁটে কোনো প্ৰভাবেই পেলাব নোৱাৰে বুলি বড়োৱে দাবী কৰে৷ লক্ষ্যণীয়ভাৱে প্ৰমোদ বড়োৱে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কামৰ মানুহ বুলি ভূয়সী প্ৰশংসা কৰে৷ বড়োৰ মতে, অসমে বহুতো ভাল মুখ্যমন্ত্ৰী লাভ কৰিছে৷ পিছে পূৰ্বৰ যিমান মুখ্যমন্ত্ৰী আছিল, তেওঁলোকৰ তুলনাত বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে সমস্যা সমাধানৰ প্ৰতি অধিক আগ্ৰহ প্ৰদান কৰি আহিছে৷ যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ শলাগ ল’বই লাগিব৷ উল্লেখ্য, নিখিল বড়ো ছাত্ৰ সংস্থা (এবছু) আৰু বড়ো সাহিত্য সভাৰ উদ্যোগত নতুন দিল্লীৰ গান্ধী হিন্দুঃস্থানী সাহিত্য সভা প্ৰাংগণত আয়োজিত ‘প্ৰমোছন অফ বড়ো লেংগুয়েজ’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত আজি অংশগ্ৰহণ কৰে বিটিআৰপ্ৰধানে৷ আলোচনা চক্ৰৰ শুভাৰম্ভ কৰা হয় বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি জনায়৷ বড়ো ভাষাক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰসাৰ কৰাৰ উদ্দেশ্যেৰেই এই আলোচনা চক্ৰৰ আয়োজন কৰে এবছু আৰু বড়ো সাহিত্য সভাই৷ অনুষ্ঠানত প্ৰমোদ বড়োৱে ঘোষণা কৰা মতে, বড়ো ভাষা-সাহিত্যকলৈ অধ্যায়ন তথা গৱেষণাৰ বাবে প্ৰতিবছৰ বিটিআৰ প্ৰশাসনে ৫ জন অবড়ো ছাত্ৰ-ছাত্ৰীক ফেল’শ্বিপ প্ৰদান কৰিব৷ ইয়াৰ ভিতৰত দুখন আসন বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত থাকিব৷ আলোচনা চক্ৰত বড়ো সাহিত্য সভাৰ সভাপতি ড॰ সুৰথ নাৰ্জাৰী আৰু এবছু সভাপতি দ্বীপেন বড়োৰ উপৰি হৰিয়ানাস্থিত মহৰ্ষি বাল্মিকী সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ ভৰদ্বাজ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ অমিতাভ চক্ৰৱৰ্তী, অধ্যাপিকা ড॰ মিতালী বৰ্মন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অনিল বড়োৱে অংশগ্ৰহণ কৰে৷