Logo
image

লাখটকীয়া ই-ৰিক্সা ২.৩৫ লাখত কিনিব অসম চৰকাৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ নৱেম্বৰঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি লোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঢাক-ঢোল বজাই অহাৰ সময়তে এইবাৰ এটা চৰকাৰী বিভাগত ই-ৰিক্সা যোগানৰ নামত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰি৷ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বাধীন ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগত ১৩.৬০ কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছে৷ বজাৰ মূল্যতকৈ প্ৰায় ডেৰ গুণ অধিক দামত ৫৮০ খন ই-ৰিক্সা যোগানৰ ঠিকা আৱণ্টন দি এই লুণ্ঠনৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে৷ দিছপুৰৰ ঘনিষ্ঠ বিতৰ্কিত ঠিকাদাৰ মধুসূদন শ্বাহীৰ ঠিকাদাৰী প্ৰতিষ্ঠানক একোখন ৰলাখ টকাৰ ই-ৰিক্সা ২.৩৪ লাখ টকাত যোগানৰ নিৰ্দেশ দি কমিচনৰ অংকত ব্যক্ত হৈ পৰিছে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগ৷ অভিযোগ অনুসৰি মন্ত্ৰী ৰণোজ পেগুৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে নিবনুৱাক সংস্থাপনেৰে হিতাধিকাৰী সৃষ্টিৰ লক্ষ্যৰে ৫৮০ খন ই-ৰিক্সা যোগানৰ বাবে বিগত ২৮ আগষ্টত নিবিদা আহ্বান কৰিছিল৷ নিবিদা দাখিলৰ ৩০ দিনৰ সময় সীমা বান্ধি দিয়াৰ লগতে যোগানীয়া প্ৰতিষ্ঠানৰ তিনিবছৰত বাৰ্ষিক টাৰ্ন অভাৰ ১০ কোটি টকা নিৰ্ধাৰণ কৰি কঠোৰ চৰ্ত অৰোপ কৰিছিল৷ যাতে সৰু যোগানীয়া প্ৰতিষ্ঠানে নিবিদাত অংশ ল’ব নোৱাৰে৷ অৱশ্যে নিবিদা প্ৰক্ৰিয়াত আটাইতকৈ কম মূল্যত ই-ৰিক্সা যোগানৰ চৰ্ত পূৰণ কৰাত ঠিকাদাৰ মধুসূদন শ্বাহীৰ যোগানীয়া প্ৰতিষ্ঠান ‘ট্ৰেড চাপ্লাই’ নামৰ ফাৰ্মখনক Yatri001 মডেলৰ ৫৮০ খন ই-ৰিক্সা ১৩,৬০,১০,০০০  টকাত যোগানত অনুমোদন জনায় ডব্লিউ পি টি বি চি বিভাগে৷ সেই অনুসৰি মধুসূদন শ্বাহীয়ে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগক প্ৰতিখন ই-ৰিক্সাৰ বিপৰীতে আদায় ল’ব ২ লাখ ৬৪ হাজাৰ ৫০০ টকাকৈ৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও মধুসূদন শ্বাহীৰ ট্ৰেড চাপ্লাই ফাৰ্মে যিখন Yatri001 মডেলৰ ই-ৰিক্সা ২.৩৪ লাখ টকাত যোগান ধৰিব প্ৰকৃততে সেইখন ই-ৰিক্সাৰ বজাৰ মূল্য হৈছে ৰ লাখ ১৮ হাজাৰ টকা৷ ভাৰত চৰকাৰৰ জেম প’ৰ্টেলত Yatri001 মডেলৰ ই-ৰিক্সাৰ মূল্য ১.১৮ লাখ টকা মূল্য নিৰ্ধাৰণ কৰি থলেও গুৱাহাটীৰ বজাৰত উক্ত মডেলৰ ই-ৰিক্সা নূ্ন্যতম এক লাখ টকাতে উপলব্ধ৷ অৰ্থাৎ দেখ দেখকৈ শ্বাহী এণ্ড কোম্পানীয়ে ই-ৰিক্সাৰ বাবদ ৭.৮০ কোটি টকা পকেটত সোমোৱাব৷ যি সময়ত হিমন্ত বিশ্ব শৰ্মাই ৰাজহ ঘাটি জোৰা মৰাৰ বাবে প্ৰতিমাহে শ শ কোটি টকা ঋণ ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, ঠিক সেই সময়ত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগত বিতৰ্কিত ঠিকাদাৰ শ্বাহী এণ্ড কোম্পানীক ১৩.৬০ কোটি টকাৰ লুণ্ঠনৰ বাট মুকলি কৰি দিয়া কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে৷ স্বাভাৱিকতেই প্ৰশ্ন হয় ই-ৰিক্সাৰ এই লুণ্ঠনৰ সৈতে দিছপুৰৰে কিবা কমিচনৰ অংক আছে নেকি?