Logo
image

নলবাৰীৰ ৰাসলৈ আহিব ‘শ্ৰীকৃষ্ণ’

নলবাৰীৰ পৰা চম্পক বৈশ্য, আমাৰ অসমঃ নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত উদ্‌যাপিত ৰাস মহোৎসৱলৈ আহি আছে শ্ৰীকৃষ্ণ৷ নলবাৰী হৰিমন্দিৰত ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৯০সংখ্যক ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব শ্ৰীকৃষ্ণ৷ ৰাস মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত আজি সন্ধিয়া হৰিমন্দিৰ প্ৰাংগণত আয়োজিত এখন সংবাদ মেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে ৰাস মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ এইবেলি পূৰ্বৰ তুলনাত বহল পৰিসৰত ৰাস মহোৎসৱ উদ্‌যাপন কৰা হ’ব বুলি দোহাৰি মন্ত্ৰীজনে পুনৰ কয় যে ২৬ নৱেম্বৰৰ সন্ধিয়া ৯০সংখ্যক নলবাৰী ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব জগতগুৰু শংকৰাচাৰ্য স্বামী শ্ৰীঅধোক্ষজনান্দ দেৱতীৰ্থ মহাৰাজে৷ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব দূৰদৰ্শনৰ এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ৰ শ্ৰীকৃষ্ণখ্যাত নীতিশ ভৰদ্বাজ৷ ৰাস মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী অজন্তা নেওগ আৰু সন্মানীয় অতিথিৰূপে সাংসদ দিলীপ শইকীয়া আৰু কুইন ওজা উপস্থিত থাকিব৷ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰিত অতিথিসকলক গৰ্ডন ফিল্ডৰ পৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হ’ব বুলিও তেওঁ কয়৷ মৃণ্ময় মূৰ্তিপ্ৰধান নলবাৰীৰ ৰাসত এইবেলি পূৰ্বতকৈ কিছু নতুনত্ব অনাৰ প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মৃণ্ময় মূৰ্তিৰ ৰাস, জীৱন্ত ৰাস আৰু পুতলা নাচৰ ৰাসৰ সমন্বয়ৰে এক অনন্য মাত্ৰা লাভ কৰিব এইবাৰৰ নলবাৰী ৰাস মহোৎসৱত৷ তিনিধৰণৰ ৰাসৰ সমাহাৰে নলবাৰী ৰাসক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে ৰ আৰু ২ডিচেম্বৰত স্থানীয় শিল্পীৰ দ্বাৰা জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ’ব৷ এই ৰাস প্ৰথম দিনা উদ্বোধন কৰিব অভিনেত্ৰী আইমী বৰুৱাই৷ ৰাস মহোৎসৱ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে৷ উল্লেখ্য, নলবাৰীৰ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী বিক্ৰী কৰা হ’ব ৰাস উপলক্ষে ব্যৱস্থা কৰা নলবেইৰা হাটত৷ ২৭ নৱেম্বৰত এই নলবেইৰা হাট উদ্বোধন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ ইফালে, বাণিজ্য মেলা মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰিব৷ একেদৰে অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল জ্ঞান পৰম্পৰা প্ৰদৰ্শনী উদ্বোধন কৰিব বিশিষ্ট সাংবাদিক অনুৰাধা শৰ্মাই৷ আনহাতে, অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আয়োজিত গ্ৰন্থমেলা দ্বিতীয় দিনা উদ্বোধন কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তই৷ এইবাৰৰ ৰাসত কুমাৰ ভাস্কৰ বৰ্মা আৰু সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত হ’ব আলোচনা-চক্ৰ৷ ৰাস উপলক্ষে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ তিনি ডিচেম্বৰত হৰিমন্দিৰৰ আজীৱন সভ্যক লৈ অনুষ্ঠিত হ’ব অন্তৰংগ আলাপ৷ নলবাৰীৰ প্ৰতিষ্ঠিত ব্যক্তিসকলক লৈও অন্তৰংগ আলাপ অনুষ্ঠিত হ’ব৷ ৰাসৰকেইদিন সমগ্ৰ চহৰখনক আলোকসজ্জা কৰা হ’ব৷ ৰাসথলীত লাচিত বৰফুকন কুমাৰ ভাস্কৰ বৰ্মা আৰু মহাবীৰ চিলাৰায়ৰ বৃহদাকাৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ আঠ ডিচেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে গীত পৰিৱেশন কৰিব৷ হৰিমন্দিৰৰ ভিতৰভাগত এইবাৰ ব্যৱসায়িক প্ৰতিষ্ঠান নাথাকিব বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে মন্দিৰ চৌহদ ইতিমধ্যে প্লাষ্টিকমুক্ত, ধপাতমুক্ত আৰু নিচামুক্ত ঘোষণা কৰা হৈছে৷ 

এইবাৰো ৰাসত চলিব ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত প্ৰতিযোগিতা

বিগত বৰ্ষসমূহৰ দৰে এইবেলিও নলবাৰী ৰাস মহোৎসৱত চলিব ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত নাট প্ৰতিযোগিতা৷ সমান্তৰালভাৱে এইবাৰৰ ৰাসত হ’ব থিয়েটাৰ মহোৎসৱ৷ কিয়নো এই ৰাসত মুঠ ১৩খন ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰদৰ্শন কৰিব নাট৷ ৰাস উপলক্ষে আমন্ত্ৰিত থিয়েটাৰকেইখনৰ ভিতৰত শ্ৰেষ্ঠ নাট্যদলক ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলিও উদ্‌যাপন সমিতিৰ সভাপতি বৰুৱাই ঘোষণা কৰে৷ তদুপৰি, থিয়েটাৰৰ লগত জড়িত প্ৰতিষ্ঠিত ব্যক্তিৰ নামত ১৩টা বিভিন্ন বঁটা প্ৰদান কৰা হ’ব৷ আনহাতে, কোনোবা এদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থিয়েটাৰ উপভোগ কৰিবলৈ আহিব বুলিও তেওঁ কয়৷ উক্ত সংবাদ মেলত হৰিমন্দিৰ সমিতিৰ সম্পাদক নলিনী কান্ত শীল, উদ্‌যাপন সমিতিৰ সম্পাদক মনোজ কুমাৰ চৌধুৰীকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷