Logo
image

গ্ৰেমীলৈ মনোনীত মোদীৰ গীত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ নৱেম্বৰঃ কেৱল ৰাজনীতি আৰু নিৰ্বাচনী সভাতে ব্যস্ত থকা বুলি সমালোচিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক নতুন ভূমিকাই এইবাৰ হয়তো সমালোচকৰ মুখ বন্ধ কৰিব৷ ৰাজনীতিৰ পৰা দূৰৈত, বহু দূৰত অৱস্থান কৰি এইবাৰ নৰেন্দ্ৰ মোদীৰ আবিৰ্ভাৱ ঘটিব গ্ৰেমীৰ মঞ্চত৷ কিয়নো এইবাৰ নৰেন্দ্ৰ মোদীৰ এটা গান গ্ৰেমী পুৰস্কাৰৰ বাবে মনোনীত হৈছে৷ ‘এবানডন্স ইন মিলেট’ শীৰ্ষক এই গানটোৰ নেপথ্যৰ ব্যক্তি হৈছে নৰেন্দ্ৰ মোদী৷ মিলেটৰ উপকাৰিতা কি আৰু বিশ্বৰ ক্ষুধাৰ ক্ষেত্ৰত মিলেটৰ প্ৰচাৰমূলক গীতেই হৈছে ‘এবানডন্স ইন মিলেট৷’ এই গীতত কণ্ঠদান কৰিছে আমেৰিকান বংশোদ্ভৱ গায়িকা ফাল্গুনী ওৰফে ফালু আৰু গায়ক গৌৰৱ শ্বাহে৷ এই গীতটো মনোনীত হৈছে গ্ৰেমীৰ ‘বেষ্ট গ্লোবেল মিউজিক পাৰ্ফমেন্স’ বিভাগত৷ প্ৰসংগতঃ ২০২৩ চনক ৰাষ্ট্ৰসংঘই মিলেট বৰ্ষ হিচাপে পালন কৰিছে৷ গায়িকা ফাল্গুনী আৰু গৌৰৱৰ দ্বাৰা সৃষ্টি এই গানত প্ৰধানমন্ত্ৰী মোদীৰ বক্তৃতাৰ এটা বৃহৎ অংশ আছে৷ বিগত জুনত এই গীতটোৱে মুক্তি লাভ কৰিছিল৷ তেতিয়াই গায়িকা ফাল্গুনীয়ে কৈছিল– ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোৰ স্বামী গৌৰৱে এই গানৰ কথা লিখিছে৷ ইংৰাজী আৰু হিন্দী দুটা ভাষাত লিখা হৈছে গানৰ কথা৷’ উল্লেখ্য, বিগত বছৰ ফাল্গুনীয়ে ‘এ কালাৰফুল ৱল্ডৰ্’ৰ বাবে গ্ৰেমী পুৰস্কাৰ লাভ কৰিছিল৷ তাৰ পাছতে তেওঁ মোদীক সাক্ষাৎ কৰে আৰু দুয়োৰে কথোপকথনৰ ফলত এই গীতটোৰ জন্ম হয়৷ মিলেটৰ উৎপাদনে ভাৰতৰ বাসিন্দাৰ ক্ষুধা কিদৰে দূৰ কৰিব পাৰে, সেই ভাবনাৰ পৰাই এই গীতৰ সৃষ্টি৷