Logo
image

দিছপুৰৰ বিধায়ক নিৱাসত গুলী

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৩ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ হৈ-চৈৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা৷ আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা মহানগৰীৰ দিছপুৰস্থিত বিধায়ক নিৱাসত ৰহস্যজনক গুলী চালনাৰ ঘটনা সংঘটিত হয়৷ দিছপুৰ বিধায়ক আৱাসৰ চি ব্লকৰ ভূমি মহলাৰ খটখটিৰ বিপৰীত দিশত থকা গ্লাচত গুলী লগাৰ স্পষ্ট চিন পৰিলক্ষিত হৈছে৷ ‘চি’ ব্লকৰ প্ৰথম মহলাৰ খটখটিৰ কাষৰ আইনাত গুলী লাগি আইনা ভগাৰ চিন দেখা গৈছে৷ গুলী ওলাই যোৱাৰ দৰে ছিদ্ৰ দেখা গৈছে বিধায়ক আবাসৰ ভূমি মহলাৰ খট খটিৰ বিপৰীত দিশত থকা আইনাত৷ প্ৰাথমিকভাৱে এয়া গুলীৰ চিন বুলিয়েই সন্দেহ কৰা হৈছে৷ ঘটনাস্থলীত গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, পূব আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত গৌতম বৰা, এ চি পি প্ৰাঞ্জল বৰুৱা উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ দুটাকৈ বুলেট লৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পৰীক্ষা কৰিছে এয়া প্ৰকৃততে বুলেটৰ আঘাত হয় নে নহয়৷ অৱশ্যে আৰক্ষীৰ তদন্ততৰ পাচতে আচল ঘটনা পোহৰলৈ আহিব বুলি আৰক্ষীয়ে দাবী কৰিছে৷ উল্লেখ্য যে উক্ত ব্লকটোত ৬ জনকৈ বিধায়ক থাকে৷ প্ৰথম মহলাৰ কোৱাৰ্টাৰত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু মৃণাল শইকীয়া৷ দ্বিতীয় মহলাত থাকে ৰকিবুল হুছেইন আৰু ৰফিকুল ইছলাম৷ তৃতীয় মহলাত থাকে দেৱব্ৰত শইকীয়া আৰু দ্বীপায়ন চক্ৰৱৰ্তী৷ আনহাতে ভি ভি আই পি জ’নত এই দৃশ্য প্ৰথমে দেখাৰ পাচত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে এইটো শিল দলিওৱা ঘটনা নহয়৷ শিল দলিওৱা হ’লে সম্পূৰ্ণ গ্লাছ ভাঙি গ’লহেঁতেন বুলি উল্লেখ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে মই ঘটনাটো সন্দেহ কৰি বিধান সভাৰ প্ৰধান সচিবক অৱগত কৰাইছোঁ৷ ঘটনাটো কি হৈছে মইতো দেখা নাই সেই বাবে মই ঘটনাৰ তদন্তৰ দাবী জনাইছোঁ বুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ব্যক্ত কৰে৷