Logo
image

৪০ হাজাৰ টকাত আৰক্ষীৰ ‘পাছপ’ৰ্ট’ লৈ কয়লাৰ ট্ৰাকৰ অবাধ চলাচল ৰাজ্যত

  • প্ৰতিনিশাই আৰক্ষী-আমোলালৈ ২৪ লাখ টকা
  • প্ৰতিবেদনঃ ২

আমাৰ অসম, ১০ ফেব্ৰুৱাৰীঃ যোৱা ৩ মাহ ধৰি প্ৰতিনিশাই মেঘালয়ৰ  পৰা বৰাকৰ মাজেৰে বাংলাদেশলৈ আৰু গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰ হৈ অসমৰ বাহিৰলৈ শ শ অবৈধ কয়লাৰ ট্ৰাক ওলাই গৈছে৷  নক’লেও হ’ব যে এই ট্ৰাকসমূহৰ অধিকাংশই অভাৰলোডযুক্ত৷ আশ্চৰ্যৰ কথা, বিগত এই দীৰ্ঘ সময়ত প্ৰতিনিশা এইদৰে ক’লা হীৰা বোজাই কৰি চোৰাংকৈ অসমৰ বাহিৰলৈ প্ৰেৰণ কৰা ট্ৰাকসমূহৰ এখনো জব্দ হোৱা নাই বা তালাচী হোৱা নাই৷ কোনো সমস্যা নোহোৱাকৈ আৰক্ষী, পৰিবহণ, কৰ, পৰিৱেশ বিভাগৰ কোনো বাধা নোহোৱাকৈ এই ট্ৰাকসমূহ ওলাই গৈছে৷ কেনেকৈ? কাৰণ এই চোৰাং কয়লা পৰিবাহী ট্ৰাকবোৰত থাকে স্বয়ং আৰক্ষীৰ ‘পাছপ’ৰ্ট’৷ শুনি আচৰিত লাগিলেও এয়া সত্য৷ 

পূৰ্বে আমি জনাইছোঁ যে সমগ্ৰ ৰাজ্যৰ চোৰাং কয়লা সৰবৰাহ গুৱাহাটীৰ পৰা কেন্দ্ৰীয়ভাৱে পৰিচালিত হৈছে৷ নেতৃত্বত বহিঃৰাজ্যৰ অনা অসমীয়া এজন শীৰ্ষ আৰক্ষী, দিছপুৰৰ আমোলা আৰু গুৱাহাটীস্থিত এজন ব্যৱসায়ী৷ চোৰাং কয়লাৰ ট্ৰাক পাৰ কৰাই নিবলৈ ব্যৱসায়ীজনৰ পৰা ধনৰ বিনিময়ত ল’ব লাগে আৰক্ষীৰ ‘পাছপ’ৰ্ট’৷ মেঘালয়ৰ পৰা গুৱাহাটীলৈ এনে এখন ট্ৰাকক কমেও ৪০ হাজাৰ টকাৰ বিনিময়তহে সেউজ সংকেত দিয়া হয়৷ পাছিং এজেণ্টে সংশ্লিষ্ট ট্ৰাকখনক দিয়ে আৰক্ষীৰ ‘পাছপ’ৰ্ট’৷ এই পাছপ’ৰ্ট দেখুৱাই অবৈধ কয়লাৰ ট্ৰাকসমূহ অবাধে ওলাই যায় ৰাজ্যৰ বাহিৰলৈ৷ এইদৰে চোৰাং কয়লাৰ পৰা সংগ্ৰহিত ধন কিদৰে আৰক্ষী, আমোলা আৰু পাছিং এজেণ্টৰ মাজত ভাগ হয়?

আপোনালোকে চাকৰি-বাকৰি আৰু বিদ্যালয়-মহাবিদ্যালয়ত থকা ‘কোটা’ অৰ্থাৎ সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে শুনিবলৈ পাইছে৷ কিন্তু কয়লা ছিণ্ডিকেটতো এই ‘কোটা’ ব্যৱস্থা আৰম্ভ হোৱা বুলিলে হয়তো আচৰিত হ’ব৷ হয়, আচৰিত হোৱাৰে কাণ্ড৷ স্বচ্ছ, নিকা আৰু দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে ৰাজ্য শাসনৰ বাঘজৰী হাতত লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি-অগপ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত মেঘালয়ৰ কয়লাক লৈ অসমৰ বেলতলাৰ পৰা শ্ৰীৰামপুৰলৈ বিভিন্ন পৰ্যায়ত আমোলা, শীৰ্ষ আৰক্ষী আৰু পাছিং এজেণ্টৰ মাজত ছিণ্ডিকেটক লৈ ‘কোটা’ ব্যৱস্থা প্ৰৱৰ্তন হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি মেঘালয়ৰ পৰা গুৱাহাটীৰ বেলতলাত প্ৰৱেশ কৰা প্ৰতিখন অবৈধ কয়লাভৰ্তি ট্ৰাক এতিয়া ‘কোটা’ ব্যৱস্থাৰ মাজেৰে পৰিচালিত হৈছে৷ এই মুহূৰ্তত প্ৰতিনিশাত শীৰ্ষ আৰক্ষীৰ কোটা– ৬০ ট্ৰাক, আমোলা-দিছপুৰৰ কোটা ৫০ ট্ৰাক৷ প্ৰতি ট্ৰাক পাৰ হৈ যাবলৈ দিয়াৰ নামত পাছিং এজেণ্টে সংগ্ৰহ কৰে ৪০ হাজাৰ টকাকৈ৷ অৰ্থাৎ প্ৰতিনিশাই শীৰ্ষ আৰক্ষীজনে কয়লাৰ পৰা ২৪ লাখ আৰু আমোলাজনে ২০ লাখ টকা লাভ কৰে৷ যিদৰে শীৰ্ষ আৰক্ষীজনৰ দায়িত্ব কোনোধৰণৰ তালাচী বা বাধা নোহোৱাকৈ কয়লা ট্ৰাকসমূহৰ চলাচল, সেইদৰে আমোলজনৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ কাৰ্যালয় মেনেজ কৰা৷ আৰু বাকী বেলতলাত প্ৰৱেশ কৰা ট্ৰাকৰ ধনসমূহৰ এই পাছিং এজেণ্টে বুজন অংশ নিজে ৰাখি বিতৰণ কৰে বিভিন্ন মহলত৷ ইয়াৰ উপৰি বেলতলাৰ পৰা শ্ৰীৰামপুৰলৈ যোৱা অবৈধ কয়লাভৰ্তি ট্ৰাকসমূহৰ পৰা লাভ কৰা সমুদায় ধন অনুৰূপধৰণে ছিণ্ডিকেটৰ লগত জড়িত লোকসকলে লাভ কৰে৷ এই ছিণ্ডিকেটৰ জৰিয়তে কয়লাৰ সৰবৰাহৰ বাবে প্ৰতিদিনেই ৰাজ্যই লাখ লাখ টকা ৰাজহ হেৰুওৱাই নহয়, তালাচী নোহোৱাকৈ ট্ৰাকবোৰ অহা-যোৱা কৰাত গুৰুতৰ আইন-শৃংখলা পৰিস্থিতিও সৃষ্টি হ’ব পাৰে৷ তদুপৰি এই ব্যৱস্থাই গুৱাহাটীত ড্ৰাগ্‌ছ বা আন অবৈধ সৰবৰাহেই নহয়, অস্ত্ৰ চালান বা উগ্ৰপন্থীৰ চলাচলো সহজ কৰি দিছে৷ এই সন্দৰ্ভত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সোণোৱালে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া স্বাভাৱিক অৰ্থতেই লক্ষণীয় হ’ব৷ কাৰণ ছিণ্ডিকেট চক্ৰটোৱে মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে বা অজ্ঞাতে তেওঁৰ নামতো বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰি আছে৷