Logo
image

পীয়ূষৰ ‘পেট্ৰ’লৰ মূল্য’ক লৈ তোলপাৰ নেট দুনিয়া

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ নৱেম্বৰঃ কংগ্ৰেছশাসিত কৰ্ণাটকৰ  বাংগালুৰুত পেট্ৰ’লৰ মূল্য কিমান? বাংগালুৰু চহৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ বাবদ কিমান টকা আদায় দিবলগীয়া হৈ আছে?   বিজেপি শাসিত অসমৰ তুলনাত কংগ্ৰেছ শাসিত কৰ্ণাটকত পেট্ৰ’লৰ মূল্য কিমান বেছি? মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এটা ফেচবুক পোষ্টৰ পৰা স্পষ্ট হৈছে এই সকলো প্ৰশ্নৰ উত্তৰ৷ উল্লেখ্য যে জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ, সামাজিক ন্যায় আদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই দেওবাৰে ফেচবুকত তেল ক্ৰয়ৰ এখন ৰচিদ আপলোড কৰি কয়– ‘পাৰ্থক্য/ কংগ্ৰেছশাসিত কৰ্ণাটকৰ বাংগালুৰুত গাড়ীত পেট্ৰ’ল ভৰাই মোৰ ভাতৃ এজনে এই ৰচিদখন পঠিয়াইছে৷ কৰ্ণাটকত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১১৭ টকা আৰু অসমত ৯৮ টকা৷ সেয়াই পাৰ্থক্য কথা আৰু কামৰ৷’ মন্ত্ৰী হাজৰিকাৰ এই ফেচবুক পোষ্টে তোলপাৰ লগায় নেট দুনিয়াত৷ উল্লেখ্য যে আজিৰ তাৰিখত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.০৮ টকা৷ মন্ত্ৰী হাজৰিকাই বাংগালুৰুত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১১৭ টকা বুলি উল্লেখ কৰিছে যদিও তথ্য অনুসৰি বাংগালুৰুত প্ৰতিলিটাৰ পেট্ৰ’লৰ মুল্য আজিৰ তাৰিখত ১০১.৯৪ টকাহে৷ অৱশ্যে শ্বেল কোম্পানীৰ প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য বাংগালুৰুত ১২৬.৭২ টকাত বিক্ৰী হৈ আছে৷ মন্ত্ৰী হাজৰিকাই ছ’চিয়েল মিডিয়াত যিখন ৰছিদ আপলোড কৰিছে সেইখনো ‘শ্বেল’ তেল ডিপোৰহে৷ প্ৰিমিয়াম পেট্ৰ’ল শ্বেলৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য অন্য কোম্পানীৰ পেট্ৰ’ল আৰু ডিজেলতকৈ সাধাৰণতে বেছি৷ শ্বেল কোম্পানীৰ পেট্ৰ’ল-ডিজেলৰ মূল্য ভাৰত পেট্ৰলিয়াম বা ইণ্ডিয়ান অয়েলৰ পেট্ৰ’ল-ডিজেলৰ মূল্যতকৈ প্ৰায় ২০ টকা অধিক হৈ আছে সমগ্ৰ দেশত৷ মন্ত্ৰী হাজৰিকাই ফেচবুকত দিয়া পোষ্টত বাংগালুৰুৰ একাংশ বাসিন্দাও দাবী কৰিছে যে তেওঁলোকে ১০১ বা ১০২ টকাত প্ৰতি লিটাৰ পেট্ৰ’ল ক্ৰয় কৰি আছে৷ বাংগালুৰুত শ্বেল কোম্পানীৰ ভি পাৱাৰ পেট্ৰ’লৰ মূল্যহে ১২৬.৭২ টকাত বিক্ৰী হৈ আছে৷ মন্ত্ৰী হাজৰিকাৰ পোষ্টত বহু লোকে বৰ্তমানৰ অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ব্যৰ্থ হোৱাৰ বাবে তীব্ৰ কটাক্ষ আৰু সমালোচনাও কৰিছে৷