Logo
image

ৰণচণ্ডী বিজেপি নেত্ৰীৰ আছুৰ কাৰ্যালয় লণ্ডভণ্ড, গ্ৰেপ্তাৰ হৈও জামিনত মুক্তি

‘আমাৰ অসম’ৰ সৰভোগৰ প্ৰতিবেদক, ১৩ নৱেম্বৰঃ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থী আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যৰ মাজত শনিবাৰে সূত্ৰপাত হোৱা কাজিয়াৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ সৰভোগ পৌৰসভাৰ উপ-পৌৰপতি সম্পদ দাসৰ পত্নী তথা বিজেপি নেত্ৰী অঞ্জলি দাসে শনিবাৰে সন্ধিয়া হাতত ৰড লৈ সৰভোগ আছুৰ কাৰ্যালয়ত প্ৰৱেশ কৰি আছু সদস্যক মাৰপিট কৰা ঘটনাক বিভিন্ন শ্ৰেণীৰ লোকে গৰিহণা দিছে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই শীঘ্ৰে বিজেপিৰ গুণ্ডাবাহিনীৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি ভয়াবহ হোৱাৰ হুংকাৰ দিছে৷ ইফালে, ৰাইজৰ প্ৰতিক্ৰিয়া দেখি দেওবাৰে ভাৰতীয় জনতা পাৰ্টীৰ চকচকা ব্লক মণ্ডলৰ ভাৰপ্ৰাপ্ত সভাপতি অজয় কুমাৰ দাসে ওলোটাই অভিযোগ কৰে যে আছুৰ একাংশ সদস্যই সৰভোগৰ বিজেপি কাৰ্যালয়ৰ আচবাব-পত্ৰ লণ্ডভণ্ড কৰাৰ লগতে কাৰ্যালয়ত আঁৰি থোৱা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আলোকচিত্ৰ ফালি পেলায়৷ এবিভিপিৰ অভিভাৱকৰ ৰূপত অৱতীৰ্ণ হোৱা বিজেপি নেতাজনৰ দাবী– কোনো এভিবিপি বা বিজেপিৰ সদস্যই আছুৰ লগত কাজিয়াত লিপ্ত হৈ মাৰপিট কৰা নাই৷ ইপিনে, আছুৰ কাৰ্যালয়ত প্ৰৱেশ কৰি বিজেপি নেত্ৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰি তাণ্ডৱ চলোৱা ঘটনাৰ ক্ষেত্ৰত বিজেপি নেতাজনৰ হেনো বিশেষ একো ক’বলগীয়া নাই৷ সেয়া বোলে মাতৃ-পুত্ৰৰ সম্পৰ্কৰ কথা৷ পুত্ৰস্নেহত এগৰাকী মাতৃয়ে আৱেগিক হৈ এনে আচৰণ কৰিব পাৰে যদিও এনে হ’ব নালাগিছিল বুলি তেওঁ দায়সৰা মন্তব্য কৰে৷ ইপিনে, দেওবাৰে আছু সদস্যসকলে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতে বিজেপি নেত্ৰী অঞ্জলি দাসক আৰক্ষীয়ে থানালৈ আনে৷ অঞ্জলি দাসক জেৰা কৰাৰ পাছত ৰুটিনমাফিক গ্ৰেপ্তাৰ কৰি লগে লগে জামিনত মুক্তি দিয়া হয়৷ উল্লেখ্য, ১০ নৱেম্বৰত বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত শনিবাৰে ফলাফল ঘোষণা কৰা হয়৷ নিৰ্বাচনৰ ফলাফল অনুসৰি আছু সমৰ্থিত প্ৰাৰ্থীয়ে মুঠ ৭টা পদত জয়লাভ কৰাৰ বিপৰীতে এভিবিপি সমৰ্থিত প্ৰাৰ্থী ৩টা পদত বিজয়ী হয়৷ এই লৈ মহাবিদ্যালয়ৰ সন্মুখতে আছু আৰু এভিবিপিৰ একাংশ সদস্যৰ মাজত খণ্ডযুদ্ধ লাগে৷ বিয়লি আছু সমৰ্থিত বিজয়ী প্ৰাৰ্থীসকলক লৈ আছুৱে সৰভোগ নগৰৰ মাজেৰে শোভাযাত্ৰা উলিয়ায়৷ এই শোভাযাত্ৰাই বিজেপিৰ দলীয় কাৰ্যালয়ৰ সন্মুখ পাওঁতেই আছু আৰু এভিবিপিৰ মাজত পুনৰ বাক-বিতণ্ডাৰ সূচনা হয়৷ বিজেপি কাৰ্যালয়ৰ প্ৰথম মহলাৰ পৰা একাংশ এভিবিপি সদস্যই আছু সদস্যক উদ্দেশ্যি ফটকা দলিয়াই দিয়াৰ লগতে বাঁহৰ টুকুৰা, শিলগুটি আদি নিক্ষেপ কৰে৷ তাৰ পাছতে আবেলি ৪.৩০ মান বজাত এভিবিপিৰ সদস্য যুৱৰাজ দাসৰ মাতৃ অঞ্জলি দাসে আছুৰ কাৰ্যালয়লৈ আহি ৰুদ্ৰমূৰ্তি ধাৰণ কৰে আৰু জধে-মধে আছুৰ সদস্যসকলক মাৰপিট কৰে৷ ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী তথা সৰভোগ পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ অঞ্জলি দাসে হাতত লাঠী-ৰড লৈ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু উগ্ৰমূৰ্তি ধাৰণ কৰি সৰভোগ থানাৰ আৰক্ষীৰ সন্মুখতে আছুৰ নেতা-কৰ্মীসকলক গালি-গালাজ কৰাৰ উপৰি লাঠী আৰু লোৰ ৰডেৰে প্ৰহাৰ কৰে৷ হঠাৎ বিজেপিৰ নেত্ৰীগৰাকী আৰু তেওঁৰ পুত্ৰ যুৱৰাজ দাসে আছুৰ কাৰ্যালয় শ্বহীদ ভৱনত প্ৰৱেশ কৰি জধে-মধে আছু সদস্যসকলক প্ৰহাৰ কৰে৷ আছু কৰ্মীসকলে আত্মৰক্ষাৰ বাবে যেনি-তেনি পলায়ন কৰে৷ এই ঘটনাত মৃণাল তালুকদাৰ আৰু পলাশ দাস নামৰ আছু সদস্য দুজন আহত হয়৷ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই এই ঘটনাৰ ন্যায় বিচাৰি অভিযুক্ত বিজেপি নেত্ৰী অঞ্জলি দাস, যুৱৰাজ দাস আৰু ৰোহিত সিংহৰ বিৰুদ্ধে সৰভোগ থানাত এজাহাৰ দাখিল কৰে৷ ইপিনে, এভিবিপিৰ সদস্য আৰু বিজেপিৰ নেত্ৰীগৰাকীৰ অভিযোগ অনুসৰি, আছুৰ সদস্যসকলে প্ৰথমতে মাৰপিট কৰাৰ ফলতহে এনে ঘটনাৰ সূত্ৰপাত হ’বলৈ পায়৷ আছু কৰ্মীসকলে অঞ্জলি দাসৰ পুত্ৰ যুৱৰাজ দাসৰ ছাৰ্ট ফালি দিয়া বুলি অভিযোগ উত্থাপন কৰে তেওঁৰ মাতৃয়ে৷ তেওঁলোকেও আছুৰ বিৰুদ্ধে সৰভোগ থানাত এজাহাৰ দাখিল কৰে৷