Logo
image

এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ছয়ৰ অভিলেখ ৰোহিতৰ

বেংগালুৰু, ১৩  নৱেম্বৰঃ নেডাৰলেণ্ডছৰ বিৰুদ্ধে অংশ লোৱা দেওবাৰৰ বিশ্বকাপৰ মেচখনত এক বিশেষ অভিলেখৰ অধিকাৰী হয় ভাৰতীয় দলৰ অধিনায়ক ৰোহিত  শৰ্মা৷ এটা কেলেণ্ডাৰ বৰ্ষত এদিনীয়াত সৰ্বাধিক ছয় কোবোৱা বেটাৰ হিচাপে পৰিগণিত হৈছে ৰোহিত৷ নেডাৰলেণ্ডছৰ বিৰুদ্ধে খেলখনত কলিন আকেৰমানৰ বল ৯২ মিটাৰ দূূৰত্বলৈ পঠিয়াই এই বিশেষ কৃতিত্ব অৰ্জন কৰে ভাৰতীয় দলৰ অধিনায়কজনে৷ চলিত বৰ্ষত তেওঁ মৰা ছয়ৰ সংখ্যা হয়গৈ ৫৯টা৷ তেওঁ ২০১৫ চনত দক্ষিণ আফ্ৰিকাৰ এবি ডে ভিলিয়াৰ্ছে মৰা ৫৮ টা ছিক্সৰ অভিলেখ ভংগ কৰে৷ ব্যতিক্ৰমী বেটিং দক্ষতাই ৰোহিতক ক্ৰিছ  গেইল [২০১৯ চনত ৫৬ টা ছয়] আৰু শ্বাহিদ আফ্ৰিদীতকৈ [৪৮ টা ছয়] আগত ৰাখিছে৷ এই সফলতাৰ লগতে এখন বিশ্বকাপত সৰ্বাধিক ছয় মৰা অধিনায়ক হিচাপেও ৰোহিত পৰিগণিত হয়৷ চলিত বিশ্বকাপত সৰ্বাধিক ২৩ টা ছয় কোবাই ৰোহিতে অতিক্ৰম কৰে ২০১৯ চনত  ইংলেণ্ডৰ এঅ’ইন মৰ্গানে গঢ়া ২২ টা ছিক্সাৰৰ অভিলেখ৷ বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক ছয় মৰা অধিনায়ক সকলৰ তালিকাত মৰ্গানৰ পাছতে আছে ডে ভিলিয়াৰ্ছ [২০১৫ চনত ২১ টা], এৰ’ন ফিঞ্চ [২০১৯ চনত ১৮টা] আৰু ব্ৰেণ্ডন মেককালাম  [২০১৫ চনত ১৭ টা]৷ 

ক্ৰমাগত দুখন বিশ্বকাপত ৫০০ৰ অধিক ৰান 

দেওবাৰে আন এক অভিলেখৰো অধিকাৰী হয় ৰোহিত শৰ্মা৷ ক্ৰমাগত দুখন বিশ্বকাপত ৫০০ৰ অধিক ৰান কৰা প্ৰথম খেলুৱৈ হিচাপে পৰিগণিত হয় ৰোহিত৷ বিশ্বকাপৰ ২০১৯ চনৰ সংস্কৰণত ৰোহিতৰ বেটৰ পৰা আহিছিল ৬৪৮ ৰান৷ বিশ্বকাপৰ চলিত সংস্কৰণত দেওবাৰে ৰোহিতে ৫০০ ৰানৰ সীমা অতিক্ৰম কৰে৷ ৰোহিতৰ সংগ্ৰহত আছে এতিয়া ৫০৩ ৰান৷