Logo
image

দীপাৱলীৰ পিছতে দিল্লীত বায়ু প্ৰদূষণৰ ভয়ংকৰ ৰূপ!

ডিজিটেল ডেস্কঃ দীপাৱলী উদযাপৰ পিছতেই দিল্লীত বায়ু প্ৰদূষণে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দীপাৱলী উপলক্ষে অত্যাধিক হাৰত ফটকা, আতচবাজী ফুটোৱাৰ, ফলত চহৰখনে পুনৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত পৰিছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ লগতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ ৰাখি দিল্লীত ফটকা ফুটোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয় তথা চৰকাৰৰ নিষেধাজ্ঞাক আওকাণ কৰি ব্যাপক হাৰত ফটকা ফুটোৱাৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা বিপজ্জনক স্তৰলৈ গতি কৰিছে। যাৰ ফলত এতিয়া শিশু, বৃদ্ধকে ধৰি অধিকাংশ লোকৰে উশাহ নিশাহ লোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

যোৱা কেইদিনমানৰ পৰা, ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ মানদণ্ড উদ্বেগজনক স্তৰলৈ হ্ৰাস পাইছে। প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি, আজি পুৱাই দিল্লীৰ বহু ঠাইত বায়ুৰ মান সূচকাংক ৮০০ৰ ঘৰ অতিক্ৰম কৰিছে। প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য মতে, আনন্দ বিহাৰত AQI ৩১২, পুছাত ৩০২, আইটিঅ’ত ২৮২, আৰু জৱাহৰলাল নেহৰু ষ্টেডিয়ামত AQI ৰ মাত্ৰা ২৫৬ হৈছে।

উল্লেখ্য যে যোৱা কেইসপ্তাহমানৰ পৰা বায়ু প্ৰদূষণৰ সৈতে ৰাজধানী দিল্লী যুঁজি আহিছে। যাৰ বাবে দিল্লীত জৰুৰীকালীন সেৱা, চৰকাৰী নিৰ্মাণ কাৰ্য আৰু অন্যান্য নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল। অৱশ্যে, দিল্লীত বৃহস্পতিবাৰে এজাক বৰষুণ অহা বাবে বায়ু প্ৰদূষণৰ পৰা কিছু সকাহ পাইছিল যদিও দেওবাৰে পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে সকলোকে আতচবাজী নকৰিবলৈ আহ্বান জনোৱাৰ পাছতো  পুৱতি নিশালৈকে ফটকা, আতচবাজী ফুটোৱাৰ ফলত পুনৰ বায়ু প্ৰদূষণে পূৰ্বতকৈ ভয়ংকৰ ৰূপ লৈছে।