Logo
image

ডবকাত ভয়ংকৰ অগ্নিকাণ্ড; নিমিষতে ছাই হ'ল ৬টা পৰিয়ালৰ বাসগৃহ

ডিজিটেল ডেস্কঃ সোমবাৰে দুপৰীয়া প্ৰায় ২:০০ বজাত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত ডবকা চহৰৰ ৫ নম্বৰ ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ডত ৬টা পৰিয়ালৰ বাসগৃহ ,নথিপত্ৰ জ্বলি ছাই হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অগ্নিকাণ্ডত জাহ যায় চুনুমিঞা,মিলাদ উদ্দিন,লুতু মিঞাসহ ছটাকৈ পৰিয়ালৰ বাসগৃহ ৷ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ  ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ  কৰিছে ৰাইজে ৷ এক প্ৰকাৰ  কলা ধোৱাই চানি ধৰিছিল  বৃহৎ অঞ্চলটোক । লাখ-লাখ টকাৰ সা-সম্পত্তি,নথিপত্ৰ জ্বলি বিধস্ত হয় অগ্নিকাণ্ডৰ ফলত । ডবকাৰ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন  উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখে যদিও পিছলৈ হোজাই ,লংকাৰ পৰাও আন দুখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়  ।