Logo
image

নিশাৰ মহানগৰীৰ ৰাজপথত ‘সুৰাসক্ত’ যুৱতীৰ ভিডিঅ’ ভাইৰেল কৰিলে আৰক্ষীয়েই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ নৱেম্বৰঃ আপুনি যদি গুৱাহাটীত মহানগৰীত হেলমেট অবিহনে সুৰাপান কৰি যান-বাহন চলাই তেনেহ’লে এতিয়াৰে পৰা সাৱধান হ’ব৷ কিয়নো এতিয়াৰে পৰা গুৱাহাটী আৰক্ষীয়ে সুৰাপায়ীক আইন অনুসৰি জৰিমনা তথা শাস্তি দিয়াৰ উপৰি সামাজিক মাধ্যমত সুৰাপায়ীসকলৰ চৰিত্ৰ হননতো নামি পৰিছে৷ সুৰাপায়ীৰ মাতলামিৰ দৃশ্য আৰক্ষীয়ে মোবাইলত ভিডিঅ’ কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ এক অশুভ পৰম্পৰা আৰম্ভ কৰিছে৷ সুৰাপান কৰি বাহন চলালে বা হেলমেট অবিহনে বাইক চলালে দোষীক জৰিমনা বা যান-বাহন আইন অনুসৰি শাস্তি দিয়াৰ বিধান আছে যদিও অভিযুক্তৰ ভিডিঅ’ কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অধিকাৰ আৰক্ষীক কোনে দিলে তাক লৈ এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হৈছে৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে খাকী পোছাকৰ বীৰত্ব প্ৰদৰ্শন কৰি সস্তিয়া জনপ্ৰিয়তা লাভৰ নামত সামাজিক মাধ্যমত নাগৰিকৰ চৰিত্ৰ হননক লৈ স্বাভাৱিকতেই এতিয়া সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আইন ভংগ কৰা অভিযুক্তৰ আৰক্ষীৰে তদন্তৰ স্বাৰ্থত ঘটনাস্থলীত ভিডিঅ’ কৰাত বাধা নাই যদিও তেনে ভিডিঅ’ ভাইৰেল কৰি আসুৰিক তৃপ্তি লাভ কৰাটো মহানগৰ আৰক্ষীৰ এক প্ৰকাৰ ধৰ্মত পৰিণত হৈছে৷ সুৰাপান কৰাৰ অভিযোগ উঠা এগৰাকী যুৱতীয়ে ৰাজপথত কৰা মাতলামিৰ দৃশ্য ভিডিঅ’ কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ গুৰুতৰ অভিযোগ উঠিছে গীতানগৰ আৰক্ষীৰ বিৰুদ্ধে৷ এই উদ্বেগজনক ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ জুৰোডৰ নৱনিৰ্মিত উৰণীয়া সেতুত৷ দেওবাৰে নিশা প্ৰায় ১১ বজাত গীতানগৰ থানাৰ যান-বাহন আৰক্ষীয়ে জু-ৰোডৰ উৰণ সেতুৰ ওপৰত সুৰাপায়ীৰ বিৰুদ্ধে চলোৱা অভিযানত হেলমেট অবিহনে বাইক চলোৱা এগৰাকী যুৱতীক আটক কৰে৷ যুৱতীগৰাকীক ৰখোৱাৰ পাছতেই আৰক্ষী নিশ্চিত হয় যে যুৱতীগৰাকীয়ে সুৰাপান কৰি আহিছে৷ আনহাতে যুৱতীগৰাকীৰ কথাৰ পৰা স্পষ্ট হয় অত্যধিক নিচাত থকাৰ পাছতো তেওঁ নিজেই বাইক চলাই আহিছে৷ অৱশ্যে যুৱতীগৰাকীয়ে আৰক্ষীয়ে বাইকৰ ছাবি কাঢ়ি ৰখাক লৈ কৰ্তব্যৰত আৰক্ষীৰ সৈতে প্ৰথমে তকাতৰ্কিত লিপ্ত হয়৷ যুৱতীগৰাকীয়ে কৰ্তব্যৰত আৰক্ষীৰ সৈতে যুক্তি তৰ্কত লিপ্ত হৈ দুৰ্ব্যৱহাৰ কৰাত গীতানগৰ থানাৰ এজন আৰক্ষীয়ে মোবাইলত ভিডিঅ’ কৰে৷ ভাইৰেল ভিডিঅ’টো স্পষ্ট হৈছে যে মোবাইলত ভিডিঅ’ কৰাত যুৱতীগৰাকীয়ে নিচাসক্ত অৱস্থাতে বাৰে বাৰে আৰক্ষীজনক ভিডিঅ’ নকৰিবলৈ অনুৰোধ জনোৱা দেখা গৈছে৷ আনকি ভিডিঅ’ কৰা আৰক্ষীজনক যুৱতীগৰাকীয়ে ধমকি দিয়ায়ো দেখা গৈছে৷ যুৱতীগৰাকীয়ে বাৰে বাৰে ভিডিঅ’ বন্ধ কৰক, ছ’চিয়েল মিডিয়াত দিব নালাগে, মোৰ মা-দেউতাই এই দৃশ্য দেখিলে বহুত দুখ পাব, মই বৰ অকলশৰীয়া বুলি চিঞৰি চিঞৰি মোবাইলত ভিডিঅ’ কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰাই নহয়, বাৰে বাৰে থানালৈ লৈ যাবলৈও আহ্বান জনোৱা দেখা গৈছে৷ আনকি থানাত সকলো কথা পাতিম থানালৈ ব’লক বুলি যুৱতীগৰাকীয়ে অনুৰোধ কৰাৰ পাছতো আপোনাৰ অভদ্ৰামিৰ ভিডিঅ’ কিয় নকৰিম বুলিও ভিডিঅ’ কৰা আৰক্ষীজনে ওলোটাই প্ৰশ্ন কৰা দেখা গৈছে৷ অৱশ্যে সুৰাসক্ত যুৱতীগৰাকীয়ে নিজকে আৰক্ষীৰ অ’ চিৰ পত্নী বুলিও পৰিচয় দি কৰ্তব্যৰত আৰক্ষীক ভাবুকি দিয়াতে ক্ষান্ত নাথাকি জনৈক ৰাজু নামৰ এজন আৰক্ষীৰ ‘নাম ফলকো’ টানি ছিঙি নিয়ে৷ ভিডিঅ’টোৰ কথোপকথনৰ পৰা অনুমান কৰা হৈছে যে ৰাজু নামৰ গীতানগৰ থানাৰ যান-বাহন আৰক্ষীজনেই নিচাসক্ত যুৱতীগৰাকীৰ মাতলামিৰ দৃশ্য মোবাইলত ৰেকৰ্ড কৰিছিল৷ লক্ষণীয়ভাৱে কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে যুৱতীগৰাকীক আটক কৰাৰ সময়ত উক্ত স্থানত গীতানগৰ থানাৰ এটা আৰক্ষী দলো উপস্থিত হৈছিল৷ বহু সময় ধৰি চলা তৰ্কা-তৰ্কিৰ অন্তত এগৰাকী মহিলা আৰক্ষীৰ সহযোগত যুৱতীগৰাকীয়ে নিজেই আৰক্ষীৰ বাহনত উঠা দেখা গৈছিল৷ ইয়াৰ পাছতেই যুৱতীগৰাকীক আৰক্ষীয়ে থানালৈ লৈ গৈছিল৷ কৰ্তব্যৰত আৰক্ষীক দুব্যৱহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত সুৰাপাণ কৰাৰ অভিযোগ উঠা যুৱতীগৰাকীৰ ভিডিঅ’ ৰেকৰ্ড কৰাৰ কোনো বাধা নাই যদিও পৰৱৰ্তী সময়ত উক্ত ভিডিঅ’ গীতানগৰ থানাৰ কোনো আৰক্ষীয়ে ভাইৰেল কৰি দিয়ে৷ ভাইৰেল ভিডিঅ’টো সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই একাংশ সচেতন লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ সুৰাসক্ত যুৱতীগৰাকীয়ে থানালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰি মোবাইলত ভিডিঅ’ নকৰিবলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো কিয় গীতানগৰ আৰক্ষীয়ে ভিডিঅ’টো ভাইৰেল কৰিলে সেয়া ৰহস্য হৈ থাকিল৷ গুৱাহাটী আৰক্ষী আয়ুক্তই এই ঘটনাৰ বাবে নৈতিক দায়িত্ব মূৰ পাতি লৈ ঘটনাৰে জড়িত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা ল’বনে নাই, সেয়া হ’ব লক্ষণীয়৷