Logo
image

নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাজ্যপালে! কাটাৰিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ নৱেম্বৰঃ ৰাজ্যপালৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক পদবীত থকা লোক এজনে কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ হৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰে নেকি? সাংবিধানিক দৃষ্টিকোণৰ পৰা ৰাজ্যপালৰ পদবীত থকা অৱস্থাত এজন লোক দলীয় ৰাজনীতিৰ উদ্ধৰ্ত থাকিব লাগে৷ তেওঁ সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত থাকিব নালাগে৷ কিন্তু সম্প্ৰতি অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ৷ কংগ্ৰেছ দলৰ উদয়পুৰ চহৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ বল্লামে অসমৰ ৰাজ্যপালজনৰ বিৰুদ্ধে বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচনী পৰ্যবেক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে৷ এই অভিযোগৰ প্ৰতিলিপি ৰাজস্থানৰ মুখ্য নিৰ্বাচন আয়ুক্ত, দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে৷ গৌৰৱ বল্লমৰ স্পষ্ট অভিযোগ– অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই বৰ্তমান উদয়পুৰৰ বিভিন্ন স্থানত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তাৰাচান্দ জৈনৰ সমৰ্থনত সভা আয়োজন কৰি আছে৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে সাংবিধানিক পদত থকা লোক এজনে নিজৰ পদৰ অপপ্ৰয়োগ কৰি এক নিম্ন স্তৰৰ ৰাজনীতি কৰি আছে৷ গুলাব চান্দ কাটাৰিয়াৰ চলন-ফুৰনত বাধা আৰোপ কৰাটো আৱশ্যকীয় হৈ পৰিছে, যাতে ৰাজ্যত নিৰ্বাচনী আচৰণবিধি ৰক্ষা হয়৷’ সুদীৰ্ঘ সময় ৰাজস্থান চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা কাটাৰিয়া ৰাজ্যখনৰ বিজেপি দলৰ এজন জ্যেষ্ঠ নেতা৷ উদয়পুৰৰ বাসিন্দা কাটাৰিয়াই ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ উদয়পুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল৷ ২০০৩ চনৰ পৰা ২০২৩ চনলৈ তেওঁ উদয়পুৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল৷ ৰাজস্থান চৰকাৰৰ গৃহ, গ্ৰামোন্নয়ন, লোকনিৰ্মাণ, শিক্ষা আদি বিভিন্ন বিভাগৰ মন্ত্ৰীপদত থকা কাটাৰীয়াৰ নাম ছোহৰাবুদ্দিন শ্বেখ ভুৱা এনকাউণ্টাৰ গোচৰত চিবিআইৰ তদন্তত সাঙোৰ খাই পৰিছিল৷