Logo
image

ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ... দীপাৱলীত ৰাজ্যৰ বহু ঠাইত বিধবংসী অগ্নিকাণ্ড

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ নৱেম্বৰঃ ফিৰিঙতিৰ পৰা যে খাণ্ডৱদাহ হ’ব পাৰে সেই কথা আক্ষৰিক অৰ্থতে সত্য প্ৰতিপন্ন হয় পোহৰৰ উৎসৱ দীপান্বিতাৰ দিনটোত৷ প্ৰতি বছৰে ক’ৰবাত নহয় ক’ৰবাত আটচবাজীৰ পৰা ভয়ংকৰ অগ্নিকাণ্ডৰ সূচনা হয়৷ এইবেলিও দেৱালীৰ হৰ্ষোল্লাসৰ মাজতে ৰাজ্যৰ কেইবাঠাইত সংঘটিত হয় অগ্নিকাণ্ড৷ বৰপেটা জিলাৰ হাউলি, নলবাৰী, গোৱালপাৰা, ধুবুৰী, লখিমপুৰ, তিনিচুকীয়া, বৰাকৰ পাথাৰকান্দিত আটচ বাজীৰ পৰা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড৷ বিধবংসী অগ্নিকাণ্ডত কেইবা কোটি টকাৰসম্পত্তি ধবংস হোৱাৰ উপৰি কেইবাজনো লোক আহত হৈছে৷ 

 ‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ উৎসৱৰ মাজতে কালি সন্ধিয়া লখিমপুৰ নগৰত অগ্নিকাণ্ডৰ সংঘটিত হয় যদিও ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা নগৰখনৰ ভালেসংখ্যক ব্যৱসায় প্ৰতিষ্ঠান কোনোমতে ৰক্ষা পৰে৷ উল্লেখ্য, কালি সন্ধিয়া উত্তৰ লখিমপুৰ নগৰৰ মাজমজিয়াত থকা দিপচান্দ দামোদৰ আৰু দিলীপ ষ্টৰৰ গুদামত আতচবাজীৰ পৰা হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে৷ জুইয়ে অধিক ভয়াৱহ ৰূপ লোৱাৰ পূৰ্বেই স্থানীয় লোকে অগ্নিনিৰ্বাপক চিলিণ্ডাৰৰ সহায়ত জুই নিৰ্বাপিত কৰাৰ সময়তে ঘটনাস্থলীত লখিমপুৰৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে৷ কালি এই দুৰ্ঘটনাটো অধিক ভয়ংকৰ ৰূপ লোৱাৰ পূৰ্বেই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়৷  

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়াঃ দেৱালীৰ আনন্দোল্লাসৰ মাজতে দেওবাৰে নিশা তিনিচুকীয়া চহৰত সংঘটিত হয় দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা৷ চহৰখনৰ পৰ্বতীয়া আৰু নপুখুৰী এলেকাত দেৱালীৰ দিনা নিশাৰ ভাগত সংঘটিত দুই অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ জানিব পৰা মতে চহৰখনৰ পৰ্বতীয়া পথস্থিত বিদু্যত বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ জনৈক সৌৰভ সুৰেখা নামৰ ব্যক্তিজনৰ আবাসত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ স্থানীয় সূত্ৰমতে সুৰেখাৰ বাসগৃহৰ টেৰেচত সংঘটিত হোৱা অগ্নিকাণ্ডই মূহূৰ্ততে ভয়াৱহ ৰূপ ধাৰণ কৰে যদিও পৰিস্থিতি অধিক জটিল হোৱাৰ পূৰ্বেই অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিয়ন্ত্ৰণলৈ অনা হয়৷ অগ্নিকাণ্ড কিদৰে সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ আনহাতে দ্বিতীয়টো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় চহৰখনৰ নপুখুৰী অঞ্চলস্থিত বিৰজু কুমাৰ মাহাতো নামৰ ব্যক্তিজনৰ পেলনীয়া সামগ্ৰীৰ ডেম্পত৷ নিশা অগ্নিকাণ্ডৰ সময়ত ডেম্পটোত কোনো নাছিল৷ ইফালে, ঘটনাৰ খবৰ লাভৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়৷

যোৰহাটত দাপাৱলীত চাৰিটা অগ্নিকাণ্ড

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ দাপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে যোৰহাটত ২৪ ঘণ্টাৰ ভিতৰত চাৰিটা অগ্নিকাণ্ড সংঘটিত হয়৷ ইয়াৰে এটা অগ্নিকাণ্ড যোৱা নিশা আৰু তিনিটা অগ্নিকাণ্ড আজি সংঘটিত হয়৷ ইয়াৰ ভিতৰত গেছ পাইপ লাইনতো অগ্নিকাণ্ড সংঘটিত হয়৷ ঘটনাৰ বিৱৰণী মতে, পশ্চিম যোৰহাটৰ পানীচকুৱা আমতলত আজি দিন দূপৰতে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত মটৰ চাইকেলৰ এটা গেৰেজ ভষ্মীভূত হয়৷ অভিজিত হাজৰিকা মালিকনাধীন গেৰেজটো সম্পূৰ্ণ জাহ যোৱাৰ লগতে মটৰ চাইকেলৰ ইঞ্জিন আৰু আন অংশ-পাতি নষ্ট হয়৷ কোনো লোকে ফুটুওৱা ফট্‌কা উফৰি গৈ গেৰেজটোৰ ওপৰত থকা খেৰৰ চালিত পৰাত ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি অগ্নি নিৰ্বাপক বাহিনীয়ে সন্দেহ কৰিছে৷ অৱশ্যে, স্থানীয় লোকৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক তৎকালে গৈ জুই নুমুওৱাৰ লগতে কাষৰ আন ঘৰলৈ বিয়পাৰ পৰা ৰক্ষা কৰে৷ উল্লেখ্য, পূৰ্বে ঢকুৱাখনাৰ বাসিন্দা অভিজিত হাজৰিকা পানীচকুৱালৈ আহি গেৰেজৰ ব্যৱসায় আৰম্ভ কৰি স্বনিৰ্ভৰশীল হৈছিল৷ অগ্নিকাণ্ডটোত কিমান ক্ষতি হ’ল তাক অদ্যপি জানিব পৰা নাই৷ ইফালে, যোৱা নিশা ভাৰতীয় ষ্টেট বেংকৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শাখাৰ ছাদত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ দীপাৱলী উপলক্ষে বেংকটোত লগোৱা টুনি লাইটৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷ বেংকটোৰ ছাদত পৰি থকা শুকান গছপাতত দপদপকৈ জুই জ্বলি উঠাত চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ তালিকে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহে যদিও ইতিমধ্যে জুই নুমোৱাত বিশেষ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰে৷ ইফালে আজি সন্ধিয়া যোৰহাটৰ ২নং লখিমীখাত গাঁৱৰ এটা খেৰৰ মেজিত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ ফটকাৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰকাশ কৰিছে৷ 

চিনামৰাত অইলৰ গেছৰ পাইপত জুইঃ আজি সন্ধিয়া প্ৰায় ৭ বজাত যোৰহাটৰ চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত বাঘধৰাত গেছ পাইপ লাইনৰ কাষত অগ্নিকাণ্ড সংঘটিত হয়৷ ফলত অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ স্থানীয় লোকে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক খবৰ দিয়ে৷ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ততালিকে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে গেছ পাইপৰ পৰা নিৰ্গত হোৱা গেছ মাটিত বিয়পি পৰাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ অৱশ্যে জুইৰ স্ফূলিংগ কেনেকৈ আহিল সেয়া জানিব পৰা হোৱা নাই৷ জুই অধিক বিয়পাৰ পূৰ্বে নিৰ্বাপন কৰাত অঞ্চলবাসী এক দুৰ্যোগৰ পৰা ৰক্ষা পৰে৷

কমাৰবন্ধাত ফটকাৰ জুইত ভস্মীভূত পাঁচটা ঘৰ

‘আমাৰ অসম’ৰ কমাৰবন্ধাৰ প্ৰতিবেদকঃ গোলাঘাট জিলাৰ কমাৰবন্ধাৰ দক্ষিণহেঙেৰাত দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে নিশা প্ৰায় ১১ বজাত এক বিষাদৰ খবৰ বিয়পি পৰিল৷ ঘটনাৰ বিৱৰণী মতে, কালি নিশা এচাম উল্লসিত লোকৰ ফটকা ব’মৰ ফিৰিঙতিত দক্ষিণহেঙেৰা বজাৰৰ সমীপৰ ৫টাকৈ ঘৰ দপদপকৈ জ্বলি উঠে৷ মন কৰিবলগীয়া যে, সেই সময়ত স্থানীয় কালি মন্দিৰত পূজা চলি আছিল আৰু কোনো মানুহ ঘৰত নাছিল৷ জুই ইমানেই ভয়ংকৰ আছিল যে ৩খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে৷ অৱশেষত ৩-৪ঘণ্টা জুৰি চলাৰ প্ৰচেষ্টাত অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰে যদিও এই অগ্নিকাণ্ডত মুঠ ৫টাকৈ ঘৰ আৰু দোকান জ্বলি ছাৰখাৰ হয়৷ এই অগ্নিকাণ্ডত বিজিত পাল, শংকৰ পাল আৰু ৰিণা পালৰ ঘৰৰ লগতে দোকানসহ মুঠ ৫টাকৈ ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় আৰু এই অগ্নিকাণ্ডত প্ৰায় ৩০—৪০লাখ টকাৰ সা-সম্পত্তি নষ্ট হয়৷ মন কৰিবলগীয়া যে, ৰিণা পালৰ কন্যা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাৰ্থী৷ কৃতী ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ কিতাপ-পত্ৰ অগ্নিকাণ্ডত জাহ যায়৷