Logo
image

বিধি-নিষেধ সত্ত্বেও মহানগৰীত শব্দ প্ৰদূষণে সীমা চেৰালে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ নৱেম্বৰঃ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু আৰক্ষী-প্ৰশাসনৰ বিধি-নিষেধাজ্ঞাৰ পাছতো এইবাৰৰ দীপাৱলীত গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে শব্দ প্ৰদূষণে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে দীপাৱলীত মাত্ৰ দুঘণ্টাৰ বাবে সেউজ ফটকা-আতচবাজী ব্যৱহাৰৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছিল যদিও বাস্তৱত সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷ দীপাৱলীত বিশেষকৈ গুৱাহাটী মহানগৰীত শব্দ-প্ৰদূষণৰ মাত্ৰাই নিম্ন পৰ্যায়লৈ গতি কৰে৷ অৰ্থাৎ বায়ুৰ মান সূচাংক (এয়াৰ কোৱালিটী ইনডেক্স) এইবাৰৰ দীপাৱলীত পূৰ্বৰ বৰ্ষতকৈ বহু বৃদ্ধি পায়৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি বিগত বৰ্ষত দীপাৱলীত গুৱাহাটীৰ বায়ুৰ মান সূচাংক অৰ্থাৎ একিউআই সৰ্বোচ্চ ২২৫ আছিল যদিও এইবাৰ মহানগৰীত বায়ুৰ মান সূচাংক ২৬০লৈ বৃদ্ধি পায়৷ গুৱাহাটীৰ চাৰিটা ষ্টেচনত দেওবাৰে নিশা একিউআই আছিল ক্ৰমে বামুণীমৈদামত ২৬০, পাণবজাৰত ২৪০, আইআইটি গুৱাহাটীত ২০৭ আৰু বৰঝাৰৰ বিমানবন্দৰত ২২০৷ আৱাসিক অঞ্চল বামুণীমৈদামত বিগত বৰ্ষত বায়ুৰ মান সূচাংক ২২০-২৩০ৰ ভিতৰত আছিল যদিও এইবাৰ দীপাৱলীৰ প্ৰথমটো নিশাতে একিউআই ২৬০ স্পৰ্শ কৰা বুলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সূত্ৰই জানিবলৈ দিছে৷ একেদৰে গুৱাহাটীৰ পাছতেই নলবাৰী চহৰতো দীপাৱলীত বায়ুৰ মান সূচাংক বৃদ্ধি পোৱা বুলি পৰিষদৰ সূত্ৰটোৱে সদৰী কৰিছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ লগতে আৰক্ষী-প্ৰশাসনে দীপাৱলীত নিশা ৮ বজাৰ পৰা ১০ বজালৈ মাত্ৰ দুঘণ্টাৰ বাবেহে সেউজ ফটকা-আতচবাজী ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছিল যদিও আৰক্ষী-প্ৰশাসনৰ চকুৰ সন্মুখতে খোদ গুৱাহাটী মহানগৰীত মাজ নিশালৈ একাংশই ৰং-আনন্দৰ নামত ফটকা-আতচবাজী ফুটোৱা পৰিলক্ষিত হয়৷ প্ৰশাসনে উচ্চ ন্যায়ালয়, জিএমচিএইচ, অসম সচিবালয় আদিৰ দৰে ‘নীৰৱ জ’ন’ হিচাপে চিহ্নিত অঞ্চলত ফটকা-আতচবাজী ফুটোওৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও জনতা ভৱনৰ গাতে লাগি থকা মন্ত্ৰী আৱাসত খোদ মুখ্যমন্ত্ৰীৰ লগতে সতীৰ্থ মন্ত্ৰী-বিধায়কসকলেও নিশা দূপৰলৈ ঘণ্টা ঘণ্টা ধৰি ফটকা-আতচবাজী ফুটোৱাত ব্যস্ত হৈ পৰে৷ আনকি শব্দ প্ৰদূষণৰ সন্দৰ্ভত প্ৰশ্ন কৰাত মন্ত্ৰী অশোক সিংঘালে হিন্দুৰ উৎসৱত আপত্তি কি বুলিহে ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে৷