Logo
image

বিশিষ্ট অধিবক্তা দেবব্ৰত শৰ্মাৰ দেহাৱসান

ডিজিটেল ডেস্কঃ বিশিষ্ট অধিবক্তা , নগাঁও চহৰৰ পানীগাঁও শংকৰ মিছন পথ নিৱাসী দেবব্ৰত শৰ্মাৰ মংগলবাৰে বিয়লি গুৱাহাটীৰ এখন নাৰ্চিংহোমত দেহাৱসান ঘটে । দীৰ্ঘদিন ধৰি তেওঁ  মধুমেহ, হৃদৰোগকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল আৰু চাৰিদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ । লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ৰামনাথ শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ দেৱব্ৰত শৰ্মাই ১৯৬০ চনত নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা দৰ্শন বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰী আৰু ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । ১৯৬৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰি নগাঁৱত ওকালতি আৰম্ভ কৰে । আদালতত দেৱানী আৰু ফৌজদাৰী দুয়োধৰণৰ গোচৰৰ ওকালতিত পাৰদৰ্শিতা দেখুৱাই অধিবক্তা শৰ্মাই সুনাম অৰ্জন কৰিছিল । তেওঁ নগাঁও উকীল সন্থাৰ সভাপতি, সম্পাদককে ধৰি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ নগাঁও শ্বহীদ ভৱন আৰু পাব্লিক লাইব্ৰেৰীৰ সভাপতি আৰু সম্পাদক ৰূপে কেইবাবাৰো কাৰ্যনিৰ্বাহ কৰিছিল । দেবব্ৰত শৰ্মা  নগাঁও নাট্য সমিতিৰ সভাপতি , নগাঁও ছোৱালী  মহাবিদ্যালয় , নগাঁও খাগৰিজান মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰূপেও এসময়ত  কাৰ্যনিৰ্বাহ কৰিছিল । সুদীৰ্ঘ ৬০ বছৰৰ অধিক কাল ওকালতি কৰা দেবব্ৰত শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তাৰ সন্মান প্ৰদান কৰিছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, এগৰাকী্ কন্যাকে ধৰি বহু আত্মীয়ক সংসাৰত এৰি থৈ যায় । তেওঁৰ মৃত্যুত নগাঁও ঊকীল সন্থা , নগাঁও নাট্য সমিতিকে ধৰি বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই গভীৰ শোক প্ৰকাশ কৰে ।