Logo
image

ছেমিফাইনেলত আজি ভাৰতৰ সন্মুখত কঠিন পৰীক্ষা

মুম্বাই, ১৫ নৱেম্বৰঃ চলিত বিশ্বকাপত একেবাৰে ধাৰাবাহিকতা ধৰি ৰাখিব পৰা নাই যোৱাবাৰৰ ৰানাৰ-আপ নিউজীলেণ্ডে৷ আঘাতৰ সমস্যাৰে যুঁজিবলগীয়া হোৱা দলটোৰ একাধিক দুৰ্বলতা প্ৰকট হৈ পৰিছে৷ লীগৰ খেলত ভাৰতৰ হাতত পৰাস্ত হৈছিল নিউজীলেণ্ড৷ আজি ৱাংখেড়ে ষ্টেডিয়ামত প্ৰথমখন ছেমিফাইনেলত পুনৰ দেখা যাব এই দুয়োটা দলক৷ ইংলেণ্ডত অনুষ্ঠিত ২০১৯ চনৰ বিশ্বকাপৰ ছেমিফাইনেলতো  যুঁজ হৈছিল ভাৰত আৰু নিউজীলেণ্ডৰ মাজত, য’ত ১৮ ৰানত জয়ী হৈছিল  নিউজীলেণ্ড৷ এইবাৰ সেই পৰাজয়ৰ পোতক তোলাৰ সুযোগ পাইছে ৰোহিত শৰ্মা বাহিনীয়ে৷  এতিয়ালৈকে ভাৰতীয় দলৰ প্ৰদৰ্শনলৈ চাই ‘মেন ইন ব্লু’ৱে তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰিব বুলি  মন্তব্য কৰিছে৷ কিন্তু তাৰ পূৰ্বে দলটোৱে বুধবাৰৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব৷ এটা কথা স্বীকাৰ্য যে লীগ আৰু নক-আউট পৰ্যায়ৰ খেলৰ মাজত পাৰ্থক্য আছে৷ নক-আউটত এটা ভুলে দলৰ আশাত চেচাপানী ঢালিব পাৰে৷ প্ৰত্যাশাৰ চাপো থাকে বেছি৷ সেয়েহে চাপ চম্ভালি লোৱাৰ কৌশলো আয়ত্ত্ব কৰিব লাগিব ক্ৰিকেটাৰসকলে৷

উল্লেখ্য, ৱাংখেড়ে ষ্টেডিয়ামতে ২০১১ চনত  শ্ৰীলংকাক ৬ উইকেটত পৰাস্ত কৰি সুদীৰ্ঘ ২৮ বছৰৰ পাছত বিশ্বকাপ জয় কৰিছিল মহেন্দ্ৰ সিং ধোনিৰ ভাৰতীয় দলে৷ আকৌ এবাৰ সুযোগ আহিছে টীম ইণ্ডিয়ালৈ৷ ৰোহিত বাহিনীয়ে দেশবাসীৰ প্ৰত্যাশাৰ চাপ কেনেদৰে চম্ভালি লয় সেয়া হ’ব লক্ষ্যণীয়৷ বেটিং, ভাৰত আৰু ফিল্ডিং– আটাইকেইটা বিভাগতে এতিয়ালৈকে ভাৰতৰ প্ৰদৰ্শন প্ৰশংসনীয়৷ এই ধাৰা অব্যাহত ৰাখিব পাৰিলে নিউজীলেণ্ডক পৰাস্ত কৰিব নোৱাৰাৰ কোনো কাৰণ নাই৷ কিন্তু বিশ্বকাপৰ ৰেকৰ্ড বুকলৈ চালে দেখা যাব যে এতিয়ালৈকে [২০১৯ চনলৈকে] ভাৰতে সাতবাৰ ছেমিফাইনেল খেলিছে যদিও তিনিবাৰহে দলটো জয়ী হ’বলৈ সক্ষম হৈছে৷ এইবাৰৰ বিশ্বকাপত এতিয়ালৈকে ভাৰতীয় দলৰ প্ৰদৰ্শনৰ লক্ষ্যণীয় দিশটো হৈছে অধিনায়ক ৰোহিত শৰ্মাৰ ফৰ্ম৷ আৰম্ভণিতে যেনেদৰে আক্ৰমণাত্মক বেটিঙেৰে দ্ৰুত ৰান সংগ্ৰহ কৰাৰ চেষ্টা চলায়, তাৰ দ্বাৰা পৰৱৰ্তী বেটাৰৰ চাপ বহুখিনি হ্ৰাস পায়৷ ভাৰতীয় বেটিং ক্ৰমৰ শীৰ্ষৰ পাঁচজন বেটাৰ ফৰ্মত থকাটোও দলটোৰ বাবে উৎসাহৰ বিষয়৷ বিৰাট কোহলিয়ে টুৰ্নামেণ্টৰ সৰ্বাধিক ৫৯৩ ৰান সংগ্ৰহ কৰিছে আৰু শচীন তেণ্ডুলকাৰক অতিক্ৰমী এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক [৫০টা] শতকৰ অধিকাৰী হ’বলৈ তেওঁক প্ৰয়োজন কেৱল এটা শতকৰ৷ কিন্তু যদি বিশ্বকাপৰ ছেমিফাইনেলৰ কথা কোৱা হয়, তেন্তে দেখা যাব যে ২০১৯ আৰু ২০১৫ চনত তেওঁ কেৱল এক ৰানত আউট হৈছিল৷  বলিঙত যশপ্ৰীত বুমৰাহ আৰু স্পিনাৰ কুলদীপ যাদৱ আশানুৰূপ প্ৰদৰ্শৰ্ন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ তেওঁলোকে যোগ্য সহযোগিতা পাইছে মহম্মদ ছামি আৰু মহম্মদ ছিৰাজে৷ আনহাতে, নিউজীলেণ্ড দলতো ট্ৰেণ্ট বল্ট , টীম ছাউদী আৰু লকী ফাগুৰ্ছনৰ দৰে অভিজ্ঞ পেচ বলাৰ  আছে৷ স্পিন বিভাগতো আছে মিচেল ছেণ্টনাৰ৷ বেটিঙতো ৰাচীন ৰবীন্দ্ৰই এতিয়ালৈকে সংগ্ৰহ কৰিছে ৫৬৫ ৰান৷ তেওঁৰ উপৰি ডেভ’ন কনৱে’, অধিনায়ক কেন উইলিয়ামছন, ডেৰিল মিচেল, গ্লেন ফিলিপছৰ পৰাও বহুখিনি আশা কৰিব পাৰি৷